স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, বিশ্ৰাম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পঞ্চইন্দ্ৰিয়ৰ সুনিয়ন্ত্ৰণ, মানসিক চিন্তা সীমিতকৰণ আদি নিয়মবোৰ যথাযথভাৱে মানি চলা প্ৰয়োজন। এই স্বাস্থ্য নীতি পালন কৰিলে বৃদ্ধাৱস্থাতো নিৰোগী জীৱন যাপন কৰিব পাৰি। এই অৱস্থাত পালন কৰিবলগীয়া স্বাস্থ্য নীতিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল খাদ্যাভ্যাস। কিয়নো খাদ্যৰ লগত স্বাস্থ্য আৰু মনৰ যথেষ্ট সম্পৰ্ক আছে। সাত্ত্বিক, তামসিক, ৰাজসিক এই তিনিও প্ৰকাৰৰ খাদ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ খাদ্যবিধ হ’ব সাত্ত্বিক খাদ্য। যি খাদ্যই মনৰ প্ৰফুল্লতা বঢ়াব পাৰে, বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা দেহৰ বৃদ্ধি কৰে, কৰ্মপ্ৰেৰণা যোগায়, দেহৰ শক্তি প্ৰদান কৰে, হজম শক্তি বৃদ্ধি কৰিব পাৰে, দেহৰ প্ৰয়োজনীয় উপাদান যোগান ধৰিব পাৰে, ৰোগমুক্ত কৰি আয়ুস বৃদ্ধি কৰাত সহায় কৰিব পাৰে- তেনে খাদ্যকে সাত্ত্বিক খাদ্য বোলা হয়। ভাল খাদ্য খালে মন ভাল হয়। ভাল চিন্তাৰ দ্বাৰাহে ভাল কৰ্ম হয়। ভাল ফল হ’লে আত্মশুদ্ধি হয় আৰু শুদ্ধ আত্মাৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি হয়। প্ৰকৃততে সাত্ত্বিক খাদ্যকে ভাল খাদ্য বুলি কোৱা হয়। ভাল খাদ্য বুলিলে বহু মানুহে মাছ-মাংস, কণী-ঘিউ, মাখন আদিক বুজে। সাধাৰণতে বৃদ্ধাৱস্থাত বিশেষকৈ ৭০ বছৰ পাৰ হোৱাৰ পিছৰ পৰাই শাৰীৰিক আৰু মানসিক নানা ধৰণৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হয়। এনে বয়সৰ পৰাই- এলাহ, মানসিক চিন্তা, হজম শক্তি হ্ৰাস হোৱা, দাঁতসৰা, দাঁতৰ বিষ, কঁকালৰ বিষ, বুকুৰ ধপধপনি, উচ্চ ৰক্তচাপ, বহুমূত্ৰ, প্ৰষ্টেটগ্লেণ্ড বৃদ্ধি, খোৱা-বোৱাৰ অনিহা, হাঁপানি ৰোগ, বদহজম, স্মৰণশক্তি হ্ৰাস, কৰ্মস্পৃহা কমি যোৱা দেখা যায়। এই সমস্যাবোৰৰ অধিকাংশ বিভিন্ন প্ৰকাৰৰ সুষম খাদ্যৰ দ্বাৰা আঁতৰ কৰিব পৰা যায়। বৃদ্ধাৱস্থাত কেনে খাদ্য খোৱা উচিত আৰু কেনেধৰণৰ খাদ্য খাব নালাগে- এই বিষয়ে জানি লোৱাটো সকলোৰে কাৰণে প্ৰয়োজনীয় কথা। বৃদ্ধাৱস্থাত ছাল সাধাৰণতে শোটোৰা পৰে, ছালত বয়সৰ আঁচোৰ অৰ্থাৎ বলিৰেখা পৰা দেখা যায়। দেহৰ কোষবিলাক শুকাবলৈ আৰম্ভ কৰে। সেইবাবে গাৰ ছাল নিমজ আৰু সতেজ কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী, ফলৰ ৰস খোৱা উচিত। বৃদ্ধাৱস্থাত পাকস্থলী দুৰ্বল হোৱাৰ হেতু হজম শক্তি কমি যায়। হজম শক্তি কমি যায়। হজম শক্তি বঢ়াবৰ বাবে এনে অৱস্থাত- পকা অমিতাৰ আঞ্জা, দোৰোণ শাকৰ আঞ্জা, ভেদাইলতাৰ আঞ্জা, ত্ৰিফলা, কেঁচা নহৰু ৩/৪ ফোটা, ২/৩ চকল আদা নিয়মীয়াকৈ প্ৰধান আহাৰৰ লগত খোৱাৰ অভ্যাস কৰিব লাগে। আঁহজাতীয় ফল-মূল, শাক-পাচলি আদিও নিয়মীয়াকৈ খাব লাগে। পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰা ভাল। ৰন্ধনত অধিক পৰিমাণে ঘিউ, তেলজাতীয় বস্তু ব্যৱহাৰ নকৰি কেৱল সিদ্ধ কৰি খাব পাৰি। বৃদ্ধ অৱস্থাত এটা প্ৰধান সমস্যা হ’ল- ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা হ্ৰাস পোৱা। ৰোগ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰিবৰ কাৰণে চাহ চামুচেৰে ২/৩ চামুচ আমলখিৰ গুড়ি, ২ চামুচ মৌজোল, ১৫-২০ চামুচ পৰিষ্কাৰ পানী মিশ্ৰণ কৰি দিনে এবাৰকৈ কিছুদিন খাব লাগে। ইয়াৰ বাহিৰেও ত্ৰিফলা চূৰ্ণ পানীত মিহলাই দিনে এবাৰকৈ এমাহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। বৃদ্ধ অৱস্থাত- দেহত অৱসাদ, এলাহ, ভাগৰ, শৰীৰৰ দুৰ্বলতা, বুকুৰ ধপধপনি আদি লক্ষণবোৰে দেখা দিব পাৰে। এই লক্ষণবোৰৰ লগতে- উচ্চ ৰক্তচাপ, নিম্ন ৰক্তচাপ, হাওঁফাওঁ জনিত ৰোগ, ৰক্তহীনতা আদি দূৰ কৰিবৰ বাবে এই বয়সত অতি উত্তম মহৌষধ হৈছে অৰ্জুন গছৰ চালৰ গুড়ি। পূৰঠ অৰ্জুন গছৰ চাল ৰ’দত শুকুৱাই গুড়ি কৰি ২ চামুচ গুড়ি এগিলাচ গাখীৰত নাইবা পানীত উতলাই তাত দুটা তেজপাত দি দিনে দুদিনকৈ খোৱাৰ অভ্যাস কৰিলে শৰীৰত বলশক্তি বৃদ্ধি পায়, লগতে ওপৰত উল্লেখ কৰা লক্ষণবোৰো কমি যায়। বৰ্তমান আয়ুৰ্বেদিক ফাৰ্মাচিত ‘অজুনাৰিষ্ট’ নামেৰে টনিক কিনিবলৈ পোৱা যায়। ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিলে ২/৩ ফাইল বা বটল খাব লাগে। বৃদ্ধাৱস্থাত অৰ্জুন গছৰ চালৰ গুড়া চাহৰ দৰে প্ৰস্তুত কৰিও খাব পাৰি। বৃদ্ধ বয়সত উচ্চ ৰক্তচাপত ভোগাসকলৰ বাবে দৈনিক নেমুৰ চৰবত, তেতেলীৰ চৰবত, ত্ৰিফলা, কেঁচা নহৰু, নেফাফুৰ আঞ্জা আদি উপকাৰী। নেফাফুৰ পাত ৩/৪ টা ৩/৪ ফোটা নহৰুৰ লগত খুন্দি চাটনি কৰি খব পাৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়। সপ্তাহত ২/৩ বাৰ তেতেলীৰ(পকা) চৰবত খালে প্ৰেছাৰ, ষ্ট্ৰোক হোৱাৰ পৰা পৰিত্ৰাণ পাব পাৰি। দৈ, পকা অমিতা, পকা মাটিকঠাল, গছ কঠাল, মালভোগ কল, বৃদ্ধাৱস্থাৰ লোকৰ বাবে উপকাৰী। বৃদ্ধাৱস্থাত হাত ভৰি জিনজিনোৱা, হাত ভৰিৰ কঁপনি হোৱা, স্মৰণশক্তি কমি যোৱা আদি সমস্যাবিলাক বহু পৰিমাণে আঁতৰ কৰাত- ব্ৰাহ্মী, টেঙেচি, মানিমুনি, ঢেকীয়াশাক, নৰসিংহৰ পাত, মৰিচা শাক আদি বৰ উপকাৰী। এই খাদ্যসমূহ ফচফৰাছ সমৃদ্ধ হোৱাৰ বাবে স্মৰণশক্তি বৃদ্ধি হয়। বৃদ্ধাৱস্থাত হোৱা আন এবিধ ৰোগ হ’ল- ভৰি আৰু হাতৰ গাঁঠিয়ে গাঁঠিয়ে হোৱা বিষ। এই ৰোগ দূৰ কৰিবলৈ এই অৱস্থাৰ মানুহে মাংস একেবাৰে ত্যাগ কৰিব লাগে। মাছ খাব পাৰে। এনেধৰণৰ বিষ আঁতৰাবলৈ প্ৰথমে কেলচিয়ামযুক্ত শাক-পাচলি বা খাদ্য খাব লাগে। খাদ্যবোৰৰ ভিতৰত- ভেদাইলতা, শুকলতি, পচতীয়া পাত, নৰসিংহৰ পাত, পাণৰ ৰস, কেঁচা হালধি, পুৰণি গুড় উত্তম। আকণৰ পাত জুইত সেঁকি বিষ হোৱা ঠাইত বান্ধি ৰাখিলে বিষ কমে। ধতুৰা গছৰ পাতৰ ৰস হাত ভৰিত হোৱা বিষ, আঁঠুত হোৱা বিষ দূৰ কৰিবলৈ উত্তম ঔষধ। ধতুৰা গছৰ পাতৰ ৰস ৫০ ৰ পৰা ১০০ গ্ৰাম উতলাই চেঁচা কৰি বিষ হোৱা ঠাইত মালিচ কৰিব লাগে। ভেদাইলতাৰ ৰস দুচামুচত ৩ ফোটা নহৰুৰ ৰস মিহলাই বিষ হোৱা ঠাইত মালিচ কৰিলে বিষ কমি যায়। বৃদ্ধাৱস্থাৰ লোকে লঘোণ নিদিব। কম কমকৈ ঘনাই ঘনাই খাব পেট ভৰাই নাখাব। বৃদ্ধাৱস্থাত কোষ্ঠকাঠিন্যত ভুগিলে সোণাৰু গছৰ বীজ ৮/১০ টা পিহি পানীৰ লগত মিহলি কৰি দিনে এবাৰকৈ সাত দিন খালে শৌচ নিয়মীয়া হয়। ইচৱগুল এই ৰোগত উপকাৰী। বৃদ্ধাৱস্থাত মানুহে পুৱা গধূলি ১ মাইল বা আধা মাইল পৰ্য্যন্ত খোজ কঢ়া ভাল। ঘিউ, মৌ, মাখন, তেলীয়া মাছ, ধূমপান বৰ্জন কৰা ভাল। নিৰামিষ আহাৰৰ উপকাৰিতা - আমি সকলোৱে জানো যে আমাৰ শৰীৰ ৰক্ষা কৰিবৰ কাৰণে আহাৰৰ প্ৰয়োজন। খাদ্যই আমাৰ জীৱনী শক্তিৰ আধাৰ। মানুহৰ দেহৰ ৰস, তেজ, মঙহ, হাড়, চৰ্বি আৰু শুক্ৰ এই কেইবিধ আনুপাতিকভাৱে থাকি সদায় দেহক ৰক্ষা কৰি থাকে। আমি খোৱা বস্তুৰ পৰাই শৰীৰে প্ৰয়োজনীয় উপাদানবোৰ শুহি লয়। শুক্ৰ খাদ্যৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। শুক্ৰ বৃদ্ধি হৈ থাকিলে শৰীৰ সবল আৰু হৃষ্টপুষ্ট হয়। শুক্ৰ ক্ষয় হ’লে দেহৰ ক্ষতি হয়। আমি জানো যে আমাৰ শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গ সুকলমে চলিবৰ বাবে আৰু ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্য উপাদান দেহক প্ৰয়োজন হয়। শ্ৰীমদ্ভাগৱত গীতাত আহাৰক ৩ ভাগত ভাগ কৰিছে। ক)সাত্ত্বিক আহাৰ, খ)ৰাজসিক খাদ্য আৰু গ)তামসিক আহাৰ। এই তিনিও বিধ আহাৰৰ লগত আমাৰ স্বভাৱ চৰিত্ৰ, দেহ-মনৰ ওতঃপ্ৰোত সম্বন্ধ থাকে। ১)সাত্ত্বিক আহাৰৰ গুণ হ’ল- ই আমাৰ আয়ুস আৰু বলবৃদ্ধি কৰে। শৰীৰটোক নিৰোগী কৰি ৰাখে। ই ৰসযুক্ত, স্নিগ্ধ আৰু হৃদয়ৰ কাৰণে উপকাৰী। এনে আহাৰে আমাৰ দেহ মন মসুস্থ কৰি আনন্দময় কৰি ৰাখে। এই আহাৰৰ ভিতৰত নিৰামিষ আহাৰ অন্তৰ্ভুক্ত। ২)ৰাজসিক আহাৰ হ’ল- টান, অতিটেঙা, অতি গৰম আৰু মছলাযুক্ত। এই আহাৰ মানুহৰ তেজত আৰু মনত দুখ, শোক উৎপন্ন কাৰক। এই আহাৰৰ ফলত শক্তিহীন, ৰক্তপিত্ত, কোষ্ঠকাঠিন্য, চুলি পকা আদি ৰোগ হ’ব পাৰে। এই আহাৰে দেহত বিষ বা বেদনাৰ সৃষ্টি কৰে। ৩)তামসিক আহাৰ হ’ল- দুৰ্গন্ধযুক্ত, বাহী আহাৰ, ৰসশূন্য, অপবিত্ৰ, গেলাপচা আদি। এই আহাৰে দেহত নানা ৰোগৰ সৃষ্টি কৰে। কোনো আহাৰ ৪/৫ ঘন্টাৰ অধিক সময় ৰাখিলেই তামসিক খাদ্যলৈ ৰূপান্তৰিত হয়। আমিষ অৰ্থাৎ মাছ, মাংস, কণী আদিতকৈ নিৰামিষ খাদ্য অৰ্থাৎ শাক-পাচলি, ফল-মূল আদি প্ৰকৃততে শ্ৰেষ্ঠ আৰু উপকাৰী আহাৰ। দেহৰ কাৰণে কিছুমান খাদ্য উপাদান যেনে কেলৰি, কাৰ্বোহাইড্ৰেট, প্ৰোটিন, চৰ্বি, খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ, পানী, বায়ু আদিৰ প্ৰয়োজন হয়। বায়ু পানীৰ পিছতে আমাৰ অন্য খাদ্য উপাদানবোৰ এনেধৰণৰ। দুবিধ শ্বেতসাৰ, দুবিধ স্নেহ পদাৰ্থ, আঠাবিধ প্ৰোটিন, তেৰবিধ খাদ্যপ্ৰাণ আৰু সোতৰ বিষ ৰাসায়নিক পদাৰ্থ। মাছ-মাংস আৰু কণীত যি পৰিমাণৰ প্ৰোটিন পোৱা যায়, সেই একে পৰিমাণৰ প্ৰোটিন- বুট মাহ(২২.৫%), মাটিমাহ(২৪%), বাদাম(২৬.৭%), চয়াবিনত(৪০%) পোৱা যায়। কাঠফুলাত পোৱা যায়(৪৭.২৩ গ্ৰাম) প্ৰোটিন। কণীত ১৩.৩ চৰ্বি পোৱা যায়। আনহাতে- বাদামত(৪০.১%), তিলত(৪৩.৩%) চৰ্বি পোৱা যায়। শাক-পাচলিৰ পৰা চৰ্বি বা তেল কম পৰিমাণে পোৱা যায়। কলেষ্টেৰল শৰীৰৰ কাৰণে প্ৰয়োজনীয় যদিও দেহত কলেষ্টেৰল বেছি হ’লে হৃদৰোগ বৃদ্ধি হ’ব পাৰে। এনেক্ষেত্ৰত কলেষ্টেৰল নিয়মীয়া কৰি ৰাখিবলৈ ভীমকলৰ পচলা, নহৰু আদি নিয়মিত ৰূপে খোৱা উপকাৰী। শাক-পাচলিত অধিক পৰিমাণে আঁহজাতীয়(Fiber) বস্তু পোৱা যায়। ইয়াৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয় আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। মাছ-মাংসত যি পৰিমাণৰ লৌহ পদাৰ্থ থাকে, শাক-পাচলিত লৌহ পদাৰ্থ তাতকৈ বেছি থাকে। ১০০ গ্ৰাম ফুলকবিত ৪০০ মিঃ গ্ৰাম লৌহ পদাৰ্থ থাকে। কেৰেলা, চজিনা, শিঙৰি, চেংমৰা, কচুৰ ঠোৰ, ৰঙালাওৰ পাত আদিত যথেষ্ট পৰিমাণে আয়োডিন পোৱা যায়। খাদ্যপ্ৰাণ ‘গ’ মাছ-মাংসত বৰ বিশেষ পোৱা নাযায়। কিন্তু খাদ্যপ্ৰাণ ‘গ’ ১০০ গ্ৰাম- আমলখিত ৬০০ মিঃ গ্ৰাম, চজিনাৰ পাতত(২০০ মিঃ গ্ৰাম), মধুৰিআমত ২১২ মিঃ গ্ৰাম, ধনীয়াত ১৩৫ মিঃ গ্ৰাম, কেঁচা জলকীয়াত(১০০ মিঃ গ্ৰাম), বন্ধা কবিত ১২০ মিঃ গ্ৰাম পোৱা যায়। নিৰামিষ আহাৰৰ উপকাৰিতাবোৰ - বৰ্তমান বহু গৱেষকে মত পোষণ কৰিছে যে নিৰামিষভোজীতকৈ আমিষভোজী সকল কৰ্কট ৰোগৰ বেছিকৈ আক্ৰান্ত হয়। নিৰামিষভোজীসকলৰ হৃদৰোগৰ আশংকা কম। মাংসত সীহ(Lead) পাৰা(Marcury) কেডমিয়াম(Cadmium) আদি পোৱা যায়, যিবিলাক শৰীৰৰ বাবে ক্ষতিকাৰক। নিৰামিষভোজীৰ ৰক্তচাপ, কলেষ্টেৰল সাধাৰণতে স্বাভাৱিক অৱস্থাত থাকে। নিৰামিষ খাদ্যই মানুহৰ সহিষ্ণুতা, মনৰ দৃঢ়তা আৰু সাহস বঢ়ায় আৰু ত্যাগী স্বভাৱৰ কৰে। চৰক সংহিতাত সেয়ে কৈছে- ‘তুচ্চ নিতাং পুষুঞ্জীত স্বাস্থ্য ষেমৃৰ্গব্যত। অজাতানাং বিকাৰানাং অনুৎপত্তি কৰঞ্চয়ং।। অৰ্থাৎ যিবিলাক বিশুদ্ধ বস্তু খালে শৰীৰৰ অস্থি, মাংসসমূহৰ লগতে সকলো অংগ-প্ৰত্যংগৰ গঠন আৰু পুষ্টি সাধন হয় আৰু শৰীৰৰ বলশক্তি বাঢ়ে, ব্যাধি বা ৰোগৰ উৎপত্তি নহয় তেনে খাদ্যহে খোৱা উচিত। মহাত্মা গান্ধীয়ে- ‘Diet and Reform’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে। ‘Non vegetarians should learn that moral basis that a man was not born a carnivorous, but to like on the traits & herbs that earth grows’. নিৰামিষ ভোজনৰ ক্ষেত্ৰত গান্ধীজীৰ ভিত্তি শাৰীৰিকভাৱে নহয় ই আচল নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত মানসিক, নৈতিক, আধ্যাত্মিক আৰু মনৰ দৃঢ়তা বৃদ্ধিত নিৰামিষ খাদ্য অত্যন্ত উপকাৰী। লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)