স্বাস্থ্য সংক্ৰান্তীয় কোনো সমস্যা সাধাৰণভাৱে ধৰা নপৰিলেও স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা এই সম্পৰ্কে আমি জাত হ’ব পাৰো।

জীৱনৰ বিভিন্ন স্তৰত স্বাস্থ্য ভালে ৰাখিবৰ বাবে ৰোগ সম্পৰ্কে পূৰ্বাভাস গ্ৰহণ কৰিব পৰাটো বুদ্ধিমানৰ কাম বুলিবই লাগিব।

সময়ে সময়ে মহিলাসকলে কেইটিমান বিশেষ স্বাস্থ্য পৰীক্ষা কৰোৱাটো নিতান্তই জৰুৰী। এইধৰণৰ নিতান্তই প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা আজিৰ আলোচনাৰ বিষয়।

অত্যধিক কলেষ্টেৰেল বা ৰক্তচাপে মহিলাসকলৰ হৃদৰোগ বা ষ্ট্ৰোকৰ সম্ভাৱনীতা বৃদ্ধি কৰে। সেয়ে ২০ বছৰৰ ঊৰ্ধৰ মহিলাসকলে বছৰত কমেও দুবাৰকৈ ৰক্তচাপ আৰু কলেষ্টেৰেলৰ পৰীক্ষা কৰা উচিত।

অত্যধিক শাৰীৰিক সম্পৰ্কই কেতিয়াবা মহিলাৰ শৰীৰত ৰোগ সংক্ৰমণ ঘটাব পাৰে।

যুক্তৰাষ্ট্ৰৰ চেষ্টাৰ ফল ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন ছ’চাইটিৰ এক তথ্য অনুসৰি, যিসকলৰ দাম্পত্য জীৱনত নিয়মিত শাৰীৰিক সম্পৰ্ক হয়, তেনে মহিলাই প্ৰতিবছৰে গণ’ৰিয়া আৰু চামেবিয়া পৰীক্ষা কৰোৱা উচিত।

চেন্টাৰ ফৰ ডায়েবেটিছ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন ছ’চাইটিৰ মতামত অনুসৰি ৪৫ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী মহিলাই বছৰত দুবাৰকৈ ডায়েবেটিছৰ পৰীক্ষা কৰোৱাব লাগে।

বিশেষকৈ যিসকলৰ ডায়েবেটিছ বংশানুক্ৰমিকভাৱে আছে অথবা মেদবহুলতা ভোগা প্ৰতিগৰাকী মহিলাই কম বয়সৰ হ’লেও ডায়েবেটিছৰ পৰীক্ষা কৰাটো নিতান্তই জৰুৰী।

হাড়ৰ ঘনত্ব বৃদ্ধি পালে হাড় ভঙাৰ আশংকা বৃদ্ধি পায়। সেয়ে ৬০ বছৰৰ ঊৰ্ধৰ সকলো মহিলাই নিয়মিত হাড়ৰ ঘনত্বৰ পৰীক্ষা কৰা উচিত।

অষ্টিঅপৰচিচ ৰোগ নিৰ্ণয়ৰ বাবে ডুয়েল এনাৰ্জি এক্সৰে এডজৰ্পিটমেট্ৰি বা ষ্টেণ্ডাৰ্ডৰ ব’ন ডেনচিটি পৰীক্ষা কৰা হয়।

তদুপৰি ৪০ বছৰৰ ঊৰ্ধৰ মহিলাৰ স্তন কেন্সাৰ সম্পৰ্কে অৱশ্যেই ধাৰণা থকা উচিত। কাৰণ বয়স বৃদ্ধিৰ লগে লগে এই ৰোগে শৰীৰত থিতাপি লোৱাৰ আশংকা বৃদ্ধি পায়।

মেম’গ্ৰামৰ জৰিয়তে স্তন কেন্সাৰৰ প্ৰৱণতাৰ সম্ভাৱনীয়তাৰ কথা বুজিব পাৰি। মেম’গ্ৰাম হ’ল স্তনৰ এক্স-ৰে।

ই স্তন কেন্সাৰৰ প্ৰাথমিক অৱস্থাৰ বিষয়ে বুজাত যথেষ্ট কাৰ্যকৰী। গৱেষণাত দেখিবলৈ পোৱা গৈছে যে, ৪০ বছৰৰ ঊৰ্ধৰ মহিলাৰ ক্ষেত্ৰত মেম’গ্ৰাম স্ক্ৰীনিঙৰ জৰিয়তে স্তন কেন্সাৰৰ বাবে হোৱা মৃত্যুৰ হাৰ ১০ৰ পৰা ২০ শতাংশপৰ্যন্ত হ্ৰাস পাইছে।

উৎস: সাদিন

যিবোৰ খাদ্যই ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে -

কিছুমান নিয়ম মানি চলি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখি সুস্থ জীৱন-যাপন কৰা সম্ভৱ। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ বহু উপায় আছে।

দৰব ব্যৱহাৰৰ লগে লগে নিয়মিত ব্যায়ামৰ জৰিয়তে ব্যায়ামৰ জৰিয়তে এই ৰোগ নিয়ন্ত্ৰণত ৰখা সম্ভৱ। তথাপি আপোনাৰ সকলো চেষ্টাই ব্যৰ্থ হ’ব যদিহে আপুনি খাদ্য নিয়ন্ত্ৰণ নকৰে।

সেয়ে প্ৰতিদিনৰ খাদ্য ৰখাটো জৰুৰী যিবোৰে ডায়েবেটিছ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। তদুপৰি খাদ্যৰ পৰিমাণো এটা উল্লেখনীয় দিশ।

সম্প্ৰতি ডায়েবেটিছত আক্ৰান্ত ৰোগী প্ৰতি ঘৰে ঘৰে। বৰ্তমান বিশ্বত অধিকাংশ মৃত্যুৰ পাঁচটি মূল কাৰণৰ অন্যতম এটি ডায়েবেটিছ।

সেয়ে ডায়েবেটিছৰ ভয়াৱহতা নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো খুবেই জৰুৰী। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা নাযায়।

তথাপি কিন্তু কিছুমান নিয়ম মানি চলি এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা নাযায়।

তথাপি কিন্তু কিছুমান নিয়ম মানি চলি এই ৰোগ নিয়ন্ত্ৰণত ৰাখি সুস্থ জীৱন যাপন কৰিব পৰা যায়। ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক হোৱা কিছুমান খাদ্য সম্পৰ্কে জানো আহক।

বাদাম অত্যন্ত পুষ্টিকৰ খাদ্য। নিয়মিত বাদাম খালে বিভিন্ন ৰোগত হোৱা মৃত্যুৰ আশংকা হ্ৰাস পায়। বাদামত প্ৰচুৰ আঁহ, পুষ্টিকৰ উপাদান আৰু হৃদপিণ্ডৰ বাবে উপকাৰী উপাদান থাকে।

বাদামৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু বেছি। গৱেষকসকলে দাবী উত্থাপন কৰিছে যে, নিয়মিত ১০ গ্ৰাম বাদাম খালে মৃত্যুব্যাধি ৰোগৰ পৰাও উপশম পোৱা যাব। বাদামৰ দৰে মাহ জাতীয় খাদ্যও আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী।

ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ থাকে। ডায়েবেটিছ ৰোগীৰ বাবে সূৰ্যমুখী ফুলৰ গুটি আৰু কোমোৰাৰ গুটি বহু উপকাৰী। এই গুটি খালে শৰীৰত তেজ চলাচল স্বাভাৱিক হয়।

মাছত প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন থাকে। এটি সুস্থ জীৱন যাপনৰ বাবে প্ৰ’টিন অতি গুৰুত্বপূৰ্ণ, যি ডায়েবেটিছ ৰোগীসকলৰ বাবেও জৰুৰী।

মাছত থকা ওমেগা-৩য়ে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। মাছ বেছিকৈ ভাজি খোৱাটো ডায়েবেটিছ ৰোগীসকলৰ বাবে উপকাৰী।

ষ্ট্ৰবেৰী, ব্লুবেৰী বা জামু জাতীয় যিকোনো ফল বিশ্বৰ অধিক পুষ্টিকৰ খাদ্যৰ ভিতৰত অন্যতম।

এইবোৰ ফলত এনথোচায়লেনছ নামৰ এক বিশেষধৰণৰ উপাদান আছে, যিয়ে মানৱ দেহৰ তেজত ইনচুলিনৰ ভাৰসমতা ৰক্ষা কৰি তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে, যাৰ ফলত ডায়েবেটিছৰ আশংকা হ্ৰাস পায়।

ডায়েবেটিছ দুইধৰণৰ-

*টাইপ- ১ আৰু

*টাইপ-২।

টাইপ-১ ৰোগীসকলৰ বাবে জামু জাতীয় ফলে ইনচুলিনৰ উৎপাদন বঢ়াই দিয়ে আৰু টাইপ-২ ৰোগীসকলৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ বঢ়াই তোলে। এইবোৰ ফল এন্টি-অক্সিডেন্ট তথা ফাইবাৰ সমৃদ্ধ।

ফাইবাৰ বা আঁহযুক্ত খাদ্য ডায়েবেটিছ ৰোগীসকলৰ বাবে বহু উপকাৰী। বুট, মটৰ আদি অধিক ফাইবাৰ সমৃদ্ধ। মটৰে তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।

শাক-পাচলি সকলো মানুহৰ বাবেই অত্যন্ত উপকাৰী। কিন্তু ডায়েবেটিছ ৰোগীসকলৰ বাবে উপকাৰী এটি পাচলি হ’ব ব্ৰ’কলি।

ভিটামিন চি সমৃদ্ধ ব্ৰ’কলিত এনে এক বিশেষ যৌগ আছে, যিয়ে ডায়েবেটিছৰ লগত যুদ্ধ কৰি তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

হৃদৰোগীসকলৰ বাবেও ব্ৰ’কলি অতি উপকাৰী। বন্ধাকবিত বহু কম পৰিমাণৰ কাৰ্বন থাকে।

এইবিধ পাচলিয়ে আকৌ টাইপ-২ ডায়েবেটিছৰ আশংকা হ্ৰাস কৰাৰ লগতে টাইপ-১ ডায়েবেটিছ ৰোগীসকলৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ ৰাখে।

চেনিবিহীন গ্ৰীন টি, ৰঙা চাহ আদি ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী। এইবোৰ খাদ্যৰ উপৰি-

*ডাৰ্ক চকলেট,

*আপেল,

*পালেংশাক,

*নহৰু,

*মিঠাআলু আদিও ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী খাদ্য।

কিন্তু যিকোনো খাদ্য কম পৰিমাণে নিয়মিত খালে আমি যিকোনো বেমাৰ আমাক লগ নিদিয়ে।

লেখক: ছৈয়দা তছনীম আলম(সাদিন)