গৰ্ভধাৰণ কালত হোৱা পিঠিৰ বিষৰ বাবে দুঃচিন্তা নকৰিব। ই এটা সাধাৰণ সমস্যা। সাধাৰণতে সন্তান প্ৰসৱৰ দুসপ্তাহৰ ভিতৰতে এই বিষ নাইকিয়া হৈ যায়। কিন্তু সদায় কেঁচুৱা কঢ়িয়াই থকাৰ ফলত আৰু আপুনি ছিৰি আদি বগোৱাৰ দৰে কঠিন কাম কৰিবলৈ ল’লে আপোনাৰ পিঠিৰ বিষ পুনৰাই হ’ব পাৰে। কেঁচুৱাৰ শৰীৰৰ ওজন বৃদ্ধিৰ ফলতো আপোনাৰ পিঠিৰ বিষ হ’ব পাৰে।

সম্ভাব্য মাতৃসকলে কিদৰে পিঠিৰ বিষৰ পৰা হাত সাৰি থাকিব পাৰে তাৰে কেইটামান পৰামৰ্শ আগবঢ়োৱা হ’ল-

১)সন্তান জন্ম দিয়াৰ ছয় সপ্তাহৰ ভিতৰত স্বাভাৱিক ওজন ঘূৰাই আনিবলৈ চেষ্টা কৰক।

২)কেঁচুৱাক কোলাত লওঁতে হাতৰ ওপৰত ভৰ দিয়াকৈ নল’ব। কেঁচুৱাক বুকুৰ কাষলৈ চপাই লওক। কোলাত লওঁতে গাটো নচুৱাই নাথাকিব।

৩)মজিয়াত থকা কেঁচুৱা কোলাত তুলি লওঁতে প্ৰথমে কঁকালখন ভাঁজ নকৰাকৈ আঁঠু কাঢ়ি বহি লওক। তাৰ পিছত পেটৰ পেশীবোৰ টান কৰি ভৰিৰ ওপৰত ওজনৰ ভৰ দি উঠিবলৈ চেষ্টা কৰক।

৪)খোজকঢ়াৰ সময়ত কেঁচুৱা ইফালে-সিফালে নিবলৈ আজিকালি বজাৰত পোৱা ‘ফ্ৰন্ট পেক’(কেঁচুৱা কঢ়িওৱা মোনা) ব্যৱহাৰ কৰিব পাৰে। জনজাতীয় মহিলাসকলে যিদৰে কাপোৰেৰে বান্ধি লয় তেনেদৰে ঘৰত কেঁচুৱা লোৱাৰ অভ্যাস কৰিব পাৰে। কিন্তু তেনে কৰোঁতে বেছিকৈ পিঠিত ওলমাই নুফুৰিব।

৫)স্তনপানৰ সময়ত হোৱা পিঠিৰ বিষৰ পৰা ৰেহাই পাবলৈ কেঁচুৱাটোক বুকুৰ মাজলৈ চপাই আনক। কেঁচুৱাক কেতিয়াও হাউলি স্তনপান নকৰিব। প্ৰয়োজনত প্ৰথমে কোলাত এটা পাতল গাৰু লৈ কেঁচুৱাক শুৱাই স্তনপানৰ অভ্যাস কৰাব পাৰে।

৬)সন্তান জন্ম দিয়াৰ পিছত হোৱা প্ৰায়বোৰ সমস্যাই স্বাভাৱিক। তেনেদৰে প্ৰতিগৰাকী মাতৃ মানসিকভাৱে প্ৰস্তুত হোৱা উচিত। সন্তান প্ৰসৱৰ পিছত যিমান সোনকালে সম্ভৱ হয় শাৰীৰিক ব্যায়াম কৰিবলৈ চেষ্টা কৰক। অৱশ্যে এনে কৰোঁতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। ছিজাৰিয়ান কৰা মাতৃসকল এইক্ষেত্ৰত সাৱধান হোৱা উচিত।

উৎস: নিয়মীয়া বাৰ্তা