চল্লিছ বছৰ পাৰ কৰাৰ পিছতে শৰীৰলৈ বহুখিনি পৰিৱৰ্তন আহে। লগে লগে কিছুমান ৰোগেও লগ লয় এই বয়সতে। সেয়ে শৰীৰটো মাজে সময়ে ডাক্তৰৰ দ্বাৰা পৰীক্ষা কৰোৱা উচিত। এই বয়সৰ পিছত মহিলাসকলে অধিক মাত্ৰাত ভোজন কৰা উচিত নহয়। বিশেষকৈ ৰাতিৰ আহাৰ যিমান পাৰে কমকৈ খাওক। এই বয়সত বহুতো মহিলাই নিজৰ ল’ৰা-ছোৱালী বা অন্য বন কৰা লোকৰ সহায়ত ঘৰৰ প্ৰয়োজনীয় কাম-বনবোৰ কৰোৱাই লৈ দিনটোৰ অধিকাংশ সময় আজৰি হৈ কটাবলৈ অৱসৰ পায়। তেনে আজৰি সময়খিনি শুই বহি কটায়, আৰু খোৱা-বোৱাৰ মাত্ৰাও বাঢ়ে। ফলত এই বয়সত শৰীৰত মেদবহুলতাই দেখা-দিয়ে আৰু গা-গধুৰ হৈ পৰে। এনে অৱস্থাৰ পৰা শৰীৰটোক বচাবৰ কাৰণে পুৱা-গধূলি খোজ কঢ়া আৰু ঘৰৰ কিছুমান কাম নিজেই কৰি থকা উচিত। বাহিৰলৈ ওলাবলগীয়া হ’লে ৰুচিসন্মত পোছাক আৰু প্ৰয়োজন অনুপাতে মেক-আপখিনি কৰিহে ওলাব। আপুনি এই বয়সত নিজকে এনে এটা অৱস্থালৈ লৈ যাওক, যাতে যিকোনো বয়সৰ পুৰুষ, মহিলা বা ল’ৰা-ছোৱালীয়ে আপোনাক লগ পাই ভাল পায়। তেওঁলোকে আপোনাৰ সংগ ত্যাগ কৰিব বিচৰাৰ লক্ষণ দেখা যেন পালেই আপুনি নিজকে শুধৰাই লওক। শৰীৰত বয়সৰ চাপ কম কৰাৰ বাবে তলত দিয়া বিউটি টিপছকেইটা পালন কৰক নিয়মীয়াকৈ ঘৰত অথবা জিম ক্লাবলৈ গৈ কিছু সময় ব্যায়াম কৰক। শৰীৰ আৰু ছালখন স্বাস্থ্যবান কৰি ৰাখিবৰ কাৰণে পুষ্টিকৰ খাদ্য খোৱাত গুৰুত্ব দিয়ক। বেছিকৈ মছলা দিয়া, জ্বলা-পোৰা বা তেলত ভজা বস্তু নাখাব। মুখত পৰা পাতল বলিৰেখা কনচিলাৰ প্ৰয়োগ কৰি ঢাকিব। মুখৰ ছালৰ কমনীয়তা অটুট ৰাখিবৰ বাবে মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰিব। চকুৰ আশে-পাশে প্ৰতিদিনে ভাল কোম্পানীৰ ‘আই কণ্টুৰ জেল’ বা ক্ৰীম লগাব। চকুৰ বাহিৰৰ কোণত পৰা বলিৰেখা (ক্ৰ’ফিট) এনে ধৰণৰ দ্ৰব্যই নাইকিয়া কৰি ৰাখিব। এই বয়সত ছালৰ ক্লিনজিং, টোনিং আৰু মইশ্বাৰাইজিঙৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। ৰাতি শোৱাৰ আগতে নিয়মীয়াকৈ মুখমণ্ডল আৰু ডিঙিৰ ছালত এণ্টিৰিংকল ক্ৰীম লগাই ছালখন মালিচ কৰক। ছালখনক শুকান হোৱাৰ পৰা বচাই ৰাখিবলৈ বডি ব্ৰাছিং কৰিব। অৰ্থাৎ ছফট্ লুকাৰে ছালখন পৰিষ্কাৰ কৰিব। ছালৰ মৃত কোষবিলাক গুচাই ছালখনক সতেজ কৰি তুলিব। ছালখন কোমল কৰি ৰাখিবৰ বাবে গা-ধোৱাৰ পিছত বডিলোচন বা বডি অইল ব্যৱহাৰ কৰক। ছানবাৰ্ণ বা অন্য ধৰণৰ ছালৰ দাগৰ ওপৰত লাইট শ্বেডৰ কনচিলাৰ লগাওক। এই বয়সত চুটি অথবা ছোলডাৰ লেংথ হেয়াৰ কাট কৰিব। চুলি সম্পৰ্কীয় অন্যান্য সমস্যাৰ বাবে হেয়াৰ ড্ৰেছাৰৰ পৰামৰ্শ লওক। চুলিত কালাৰিং কৰাৰ সময়ত বেছি উজ্জ্বল বা বেছি ডাঠ ৰঙৰ হেয়াৰ কালাৰ ব্যৱহাৰ নকৰিব। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।