জননেন্দ্ৰিয় বিষয়ক সমস্যা ব ৰোগত প্ৰায় সকলো মহিলাকে কম-বেছি পৰিমাণে ভোগা দেখা যায়। মহিলা বোলোতে গাভৰু বা কন্যাকালৰপৰা আৰম্ভ কৰি বৃদ্ধা কালৰ মহিলাৰ সমস্যাও অন্তৰ্ভুক্ত কৰা হয়। আধুনিক স্ত্ৰী ৰোগৰ কিছু পাঠ্যপুথিত সমস্ত বিষয়টো যৌৱনকালীন স্ত্ৰী ৰোগ আৰু বৃদ্ধাকালীন স্ত্ৰীৰোগ হিচাপেও উল্লেখ কৰা দেখা গৈছে। বেছিভাগ স্ত্ৰীৰোগ সমস্যাৰ আৰম্ভণি বা সৃষ্টিৰ মুখ্য কাৰণ- জননেন্দ্ৰিয় সংক্ৰমণ। জননেন্দ্ৰিয়ৰ আঘাত। যৌন হৰম’নৰ পৰিৱৰ্তনৰ বাবে হোৱা। বেছি সঘনাই স্ত্ৰীৰোগৰ চিকিৎসকসকল যিবোৰ ৰোগৰ মুখামুখি হোৱা দেখা যায় তাৰ ভিতৰত তলত উল্লেখ কৰা স্ত্ৰী ৰোগসমূহেই প্ৰধান। শ্ৰোণী চক্ৰৰ বেদনা বা পেলভিক পেইন (অৰ্থাৎ তল পেটৰ বিষ)। ঋতু সংক্ৰান্তীয় পীড়া বা ঋতুস্ৰাব বেমেজালিৰ বাবে হোৱা ৰোগ। স্ত্ৰী জননেন্দ্ৰিয়ৰ প্ৰদাহ বা সংক্ৰমণ জনিত ৰোগ। ডিম্বনলী, অভেৰি আৰু জৰায়ু সম্বন্ধীয় ৰোগ। টিছুৰ আয়তন বৃদ্ধি বা ননকেনছেৰাছ গ্ৰোথ। কৰ্কট ৰোগ। হৰ’মনৰ পৰিৱৰ্তন বা নিঃসৰণত খেলি মেলিৰ বাবে হোৱা ৰোগ। পেলভিক পেইন বা শ্ৰোণী চক্ৰৰ বেদনাঃ তলপেট আৰু দুফালৰ দুডাল হিপব’নৰ মাজত যিটো গহ্বৰ বা খোৰোং থাকে তাকে পেলচিচ বুলি কোৱা হয়। ইয়াৰে বিষ বুলি ক’লেই সাধাৰণতে এই গহ্বৰৰ ভিতৰত সোমাই থকা নাৰীদেহৰ অন্তৰ্জনেন্দ্ৰিয় অংশ বিশেষ যেনেঃ জৰায়ু, ডিম্বনলী বা ফেল’পিয়ান টিউব, অভেৰি বা ডিম্বগ্ৰন্থী, যোনী, মুত্ৰনলী, আৰু ৰেক্ট্ৰাম। শ্ৰোণী চক্ৰৰ বেদনাৰ ধৰণ বা প্ৰকৃতি সাধাৰণতে ভিন্ন ৰকমৰ হয়। যেনেঃ মৃদু, অস্থিৰ, খোচাবিন্ধা কৰা বিষ, অসহ্য বিষ বা হঠাৎ তীব্ৰবিষ বা কলিকি পেইন ইত্যাদি। কেতিয়াবা আকৌ পেলভিক বেদনা জননেন্দ্ৰিয়ৰ আশে-পাশে থকা অন্যান্য কোনো অংগৰ পৰাও আৰম্ভ হ’ব পাৰে। ইয়াক ‘ৰিফ্লেক্স পেইন’ বুলি কোৱা হয়। এই অন্যান্য অংগৰ ভিতৰত এপেডিক্স, অন্ত্ৰ, গলব্লাডাৰ, কিডনী বা মুত্ৰপথত আঁটখাই থকা পাথৰ বা ষ্ট’ন। পেলভিক পেইনৰ ক্ষেত্ৰত উল্লেখযোগ্য কথাটো হ’ল যে বহুক্ষেত্ৰত এই ধৰণত বিষ দৈহিক কাৰণ নোহোৱাকৈও অত্যাধিক মানসিক চাব বা টেনচনৰ পৰাও কম-বেছি পৰিমাণে মহিলাসকল এই বিষত ভোগা দেখা যায়। আৰু এক বিশেষ কাৰণত যেনে স্নায়ুৰ ইৰিটেচন, পেশীৰ সংকোচন, ফাইব্ৰোচিচ বা পুৰণা অস্ত্ৰোপচাৰৰ পৰা হোৱা পেৰিটনিয়ামৰ এদহেচন (পেশীয়ে পেশীয়ে লাগি যোৱাৰ ফলত হোৱা পেশী সংকোচনৰ আহুকাল) ইত্যাদিৰ বাবেও হোৱা পেলভিক পীড়াই মাজে মধ্যে জুৰুলা কৰি থাকিব পাৰে। পৰৱৰ্তী খণ্ডৰ আলোচনাবোৰত এই উল্লেখ কৰা কাৰণসমূহ ফঁহিয়াই বিস্তৃত ৰূপত বৰ্ণনা দিয়া হ’ব। অৰ্থাৎ কাৰণবোৰৰ প্ৰভেদমূলক আলোচনা কৰিলে কাৰণবোৰৰ উৎপত্তিস্থল বুজিবলৈ উজু হয়। ৰোগীৰ বুৰঞ্জী উৎঘাটন কৰি লেবৰেটৰী, এক্সৰে আৰু চ’নগ্ৰাফিৰ দৰে প্ৰাৰ্থমিক পৰ্যায়তে ৰোগ ধৰা পৰে আৰু নহ’লে ব্যয়বহুল পৰীক্ষা (যেনে- চিটি স্কেন বা এম আৰ আই পৰীক্ষাৰ দ্বাৰা আৰু বেছি সন্দেহযুক্ত ৰোগীৰ ক্ষেত্ৰত পেপ্স্মিয়েৰ টেষ্ট, এণ্ডফেট্ৰিয়েল টিছ্ ব্যয়পছি, লেপাৰ’ষ্পপিক পৰীক্ষা, হিষ্টেৰ ষ্কপি, টিংমাৰ মাৰ্কাৰ) আদিৰ দৰে পৰীক্ষাৰ মাধ্যমেৰে অতি সহজে নিশ্চিত ৰূপত ৰোগ নিৰ্ণয় কৰিব পৰা যায়। ৰোগৰ মূল কাৰণটো ধৰা পৰাৰ লগে লগে চিকিৎসা ব্যৱস্থাত কেনে ধৰণে আগবাঢ়িব পাৰি তাক নিৰ্ধাৰিত কৰিব পৰা যায়। কেৱল মনত ৰখা দৰকাৰ যে হঠাতে হোৱা একিউট আৰু অসহ্য পেলভিক বেদনাৰ ক্ষেত্ৰত ৰোগীক ভালদৰে পৰীক্ষা কৰি দ্ৰুত সিদ্ধান্তত উপনীত হোৱা দৰকাৰ কিয়নো বহুক্ষেত্ৰতে জৰুৰী অস্ত্ৰোপচাৰৰ ততাতৈয়াকৈ প্ৰয়োজন হয়তো হ’ব পাৰে। লিখকঃ ডা: ডিনেশ শৰ্মা