স্বাভাৱিকতে প্ৰতিগৰাকী মহিলাৰ ২৮/৩০ দিনৰ মূৰে মূৰে জৰায়ুৰপৰা যি মাহেকীয়া ঋতুস্ৰাৱ হয়, সেয়াই হৈছে মহিলাৰ স্বাভাৱিক ৰক্তক্ষৰণ। জৰায়ুৰপৰা হোৱা এই ধৰণৰ ৰক্ত ক্ষৰণক তেতিয়াই অস্বাভাৱিক বুলি কোৱা হ’ব, যেতিয়া- ইয়াৰ পৰিমাণ অস্বাভাৱিক বেছি বা অস্বাভাৱিক কম হয়। অনিয়মিতভাৱে যেতিয়াই-তেতিয়াই হয়। ঘন ঘন হয় (অৰ্থাৎ এসপ্তাহতকৈ বেছি বা বহু কম সময়ৰ ব্যৱধানত হয়)। অত্যাধিক বেছি পৰিমাণৰ ঋতুস্ৰাৱ হৈ বেছিদিনলৈ চলিয়েই থাকে। ৰজোনিবৃত্তিৰ পিছত (মেনোপজ) যদি জৰায়ুৰপৰা পুনৰ ব্লিডিং বা ৰক্তক্ষৰণ হ’বলৈ লয়। কেঁচুৱা বা শৈশৱ কালত আৰু বয়ঃসন্ধিৰ আগতেই অকালতে যোনিপথৰে ৰক্তপাত হোৱা দেখিলেও, তাক নিসন্দেহে অস্বাভাৱিক ৰক্তক্ষৰণ বুলি ক’ব পাৰি। অতিৰজঃ বা মেনোৰেজিয়া স্বাভাৱিক নিয়মত ঋতুস্ৰাৱ ৩-৫ দিন ধৰি চলে। কিন্তু যদি তাতোকৈ বেছিদিন ধৰি চলে। কিন্তু যদি তাতোকৈবেছিদিন ধৰি চলে, তাকেই অতিৰজঃ না ‘মেনোৰেজিয়া’ বুলি কোৱা হয়। আকৌ ৰক্তক্ষয়ৰ মুঠ পৰিমাণ ৫০ৰ পৰা ১১০ মিঃলিঃৰ ভিতৰত হ’ব লাগে (গড়ে ৮০ মিঃলিঃ), তাতোকৈ বেছি হ’লে ‘হাইপাৰমেনোৰিয়া বুলি কোৱা হয়। আকৌ মাহেকীয়া সময়ৰ বাদে যেতিয়াই তেতিয়াই হোৱা ৰক্তপাতক ‘মেট্ৰোৰেজিয়া’ বুলি কোৱা হয়। খুব বেছি সময়ৰ ব্যৱধানত দেৰি দেৰিকৈ ঋতুস্ৰাৱ হ’লে তাক ‘অ’লিগোমেনোৰিয়া’ বুলি অভিহিত কৰা হয়। কাৰণ জৰায়ু আৰু জননেন্দ্ৰিয়ৰপৰা এইদৰে অস্বাভাৱিকভাৱে হোৱা ৰক্তক্ষৰণৰ ক্ষেত্ৰত বেছিভাগতে (প্ৰায় ৮০ শতাংশ) হৰম’ন প্ৰক্ৰিয়াৰ খেলিমেলি বা বেমেজালিৰ বাবে হোৱা দেখা যায়। এইখিনিতে এষাৰ কথা বুজি ল’ব লাগিব যে মহিলাৰ শৰীৰত ‘হাইপ’থেলামাচ- পিটুটিয়াৰী- গোনাডোট্ৰ্ফিন’ নামৰ এবিধ জটিল এককে সমস্ত ঋতুস্ৰাৱ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত মধ্যস্থতাৰ ভূমিকা পালন কৰে আৰু এই প্ৰক্ৰিয়াটোত কেনেবাকৈ কেণা লাগিলেই ক্ৰিয়াগত অস্বাভাৱিকতাই গা কৰি উঠে। এই কেণাযুক্ত অস্বাভাৱিক জৰায়ুৰ ৰক্তক্ষৰণকে স্ত্ৰীৰোগ বিজ্ঞানত ‘ডিছফাংচনেল ইউটেৰাইন ব্লিডিং বুলি নামকৰণ কৰা হৈছে। মন কৰিব, মহিলাৰ প্ৰজনন কালত, অৰ্থাৎ সন্তান উৎপাদন কালত এই ধৰণৰ অস্বাভাৱিক ব্লিডিঙৰ ঘটনা খুবেই সাধাৰণ ঘটনা আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ বাবে এবিধ চিনাকি ৰোগ যদিও ৰোগীগৰাকীক বুজাবলৈ পয়মালত পৰিবলগীয়া হয়। কিয়নো এইবিধ অস্বাভাৱিক ৰক্তক্ষৰণৰ কোনো হেতু বা কাৰণ নাথাকে। সেয়েহে স্ত্ৰীৰোগ বিজ্ঞানত ইয়াক Functional Disorder বা কাৰ্য বিষয়ক বিসংগতি বা বেমেজালি বুলি উল্লেখ কৰা হৈছে। আৰু এই বেমেজালি হৰম’ন নিঃসৰণত হোৱা বেমেজালি বুলি কোৱা হয়। তেজৰ সোঁতত যেতিয়াই ইষ্ট্ৰোজেন হৰম’নৰ মাত্ৰাৰ প্ৰাধান্য ঘটে, অৰ্থাৎ স্থায়ীভাৱে উচ্চ মাত্ৰাতে চালিত হৈ থাকে, তেতিয়াই জৰায়ু গহ্বৰৰ গাত আঁট খাই লাগি থকা তৰপ বা এণ্ডোমেট্ৰিয়ামখন উজ্জীৱিত হৈ উঠে আৰু তাৰ ফলত এণ্ডোমেট্ৰিয়ামখন উজ্জীৱিত হৈ উঠে আৰু তাৰ ফলত এণ্ডোমেট্ৰিয়ামৰ কোষ বৃদ্ধি হয় আৰু অস্বাভাৱিকভাৱে ফুলি উঠে আৰু সোপোকা হৈ ডাঠ হৈ যায়, ইয়াকে এণ্ডোমেট্ৰিয়েল হাইপাৰপ্লেচিয়া বুলি কোৱা হয়। ইয়াৰ বিপৰীতে পৰ্যাপ্ত পৰিমাণৰ প্ৰজেষ্টেৰোণ হৰম’নৰ অভাৱত ইষ্ট্ৰোজেনে অবাধে তাৰ দুষ্কাৰ্য চলাই যায়, ফলস্বৰূপে জৰায়ুৰপৰা এণ্ডোমেট্ৰিয়াম খহি পৰিবলৈ আৰম্ভ কৰে আৰু অস্বাভাৱিক ৰক্তপাতৰ সূচনা হয়। যাৰ ৰূপ হ’ব পাৰে অনিয়মিত অৰ্থাৎ ওপৰত বৰ্ণনা দিয়া মেট্ৰোৰেজিয়া, পলিমেন’ৰিয়া বা অ’লিগোমেনোৰিয়া অথবা বেছিদিন ধৰি ৰক্তপাত চলি থকা অৱস্থা, যাক ‘মেনোৰেজিয়া’ৰ ৰূপত দেখা যায়। ডিছফাংচনেল ইউটেৰাইন ব্লিডিঙৰ শতকৰা ৯০ শতাংশ মহিলাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ বাবে ডিম্বাণুত স্ফুটন নঘটে, অৰ্থাৎ ঋতু চক্ৰ হয়। এনেবিধ মহিলাৰে ওভাৰী বা ডিম্বকোষ সংক্ৰান্ত ৰোগ বা পলিচিষ্টিক ওভাৰী ছীনড্ৰ’ম লক্ষণ প্ৰায়ে দেখা যায়। আকৌ যিসকল মহিলা PCOCত ভোগে, সেইসকলৰ মাজতে DUB বেছিকৈ হয়। বয়সৰ কাল বা পৰিসীমা ডিছফাংচনেল ইউটেৰাইন ব্লিডিং বা অস্বাভাৱিক ঋতুস্ৰাৱ মহিলাৰ প্ৰজনন কালতেই বেছিকৈ দেখা যায়। অস্বাভাৱিক ঋতুস্ৰাৱত ভোগা এশগৰাকী মহিলাৰ ৪০ শতাংশৰ এনে হয়। যিসকল বয়স্ক মহিলাৰ বয়সে প্ৰজননকালৰ অন্তিম স্তৰ ঢুকি পায়গৈ (৪৫-৫০ বছৰ), সেইসকলৰ ক্ষেত্ৰতো এক বুজন পৰিমাণৰ মহিলাই (৩০ শতাংশ) এই সমস্যাত ভোগে। মহিলাগৰাকীৰ ৰজোনিবৃত্তি আসন্ন হোৱাৰ অগ্ৰিম সংকেত ই বহন কৰি আনে। আকৌ যৌৱন কালত ভৰি দিয়াৰ পিছতো, অৰ্থাৎ পুষ্পিতা হৈ গাভৰু হোৱাৰ ঠিক পিছতেই ২০-২৫ শতাংশ যুৱতীৰ মাজতো এনে সমস্যাই কেতিয়াবা বাৰুকৈয়ে আমনি কৰা দেখা যায়। স্ত্ৰীৰোগ বিজ্ঞানত ইয়াক ‘পিউবাৰ্টী মেনোৰেজিয়া’ বা যুৱতীকালীন অতিৰজঃ অৱস্থা বুলি কোৱা হৈছে। আৰু এই বয়সত এই ধৰণৰ অতিৰজঃ অৱস্থাটোৰ ৭৫ শতাংশৰ ক্ষেত্ৰত ডিম্বাণু স্ফুটনৰ অভাৱতে হোৱা দেখা যায়। যিহেতু এই বয়সত (২০ বছৰ) ডিম্বকোষে পূৰ্ণ পৰিপক্কতা লাভ নকৰে। বয়স বাঢ়ি অহাৰ লগে লগে, অৰ্থাৎ ২১ বা ২১ৰ পিছত নিজে নিজে ডিম্বকোষ গাঁথনিক পৰিপক্কতা লাভ কৰে আৰু এই ধৰণৰ যুৱতীকালীন অতিৰজঃ সমস্যা ওৰ পৰে। সৌভাগ্যবশতঃ ১০ শতাংশ যুৱতীৰ ক্ষেত্ৰতহে চিন্তনীয় শাৰীৰিক বা জননেন্দ্ৰিয়াৰ ৰোগ থাকে। মন কৰিবলগীয়া কথা অভিজ্ঞ প্ৰসূতি চিকিৎসকৰ দ্বাৰা উপযুক্ত আৰু উন্নত মানৰ আধুনিক পৰীক্ষা পদ্ধতিসমূহৰ দ্বাৰা পৰীক্ষা-নিৰীক্ষা নকৰাকৈ নিজাববীয়াকৈ অস্বাভাৱিক ঋতুস্ৰাৱৰ কাৰণ DUB বা ডিছফাংচনেল ইউটেৰাইন ব্লিডিং নামৰ ৰোগৰ বাবেই হৈছে বুলি ধৰি ল’ব নালাগে। উপযুক্ত সময়ত স্ত্ৰীৰোগৰ বাবে খুবেই প্ৰয়োজনীয় পৰীক্ষাসমূহ আওকাণ কৰি থকা যুৱতী- মহিলাসকলৰ মাজৰেকোনোবাগৰাকী গৈ চিন্তনীয় বা গুৰুত্বপূৰ্ণ জননেন্দ্ৰিয় টিউমাৰ, আহুকলীয়া শাৰীৰিক ৰোগ, গৰ্ভজনিত ৰক্তক্ষৰণ বা কেন্সাৰ প্ৰমুখ্যে, প্ৰদাহ (ইনফেক্চন), টিউমাৰ, তেজৰ গোট মৰা প্ৰণালীবিধিত কেৰোণ, বংশজনিত তেজৰ ৰোগ, থায়ৰয়েড, ডায়েবেটিছ, বৃক্কৰ সমস্যা আদি ৰোগত ভুগিবলগীয়া হ’ব পাৰে। শাৰীৰিক ৰোগৰ বাবে হোৱা জৰায়ুৰ অস্বাভাৱিক ৰক্তক্ষৰণ বয়স বৃদ্ধিৰ লগে লগে যদি বাঢ়িবলৈ ধৰে নতুবা বেছি বয়সত যদিহে প্ৰথম আৰম্ভণি হোৱা দেখা যায়, তেনেক্ষেত্ৰত জৰায়ু বা অন্যান্য জননেন্দ্ৰিয়ৰ অংশত কৰ্কট ৰোগৰ কথাই প্ৰথম ভবা হয়। এই ধৰণৰ কৰ্কট ৰোগ বা জননেন্দ্ৰিয়ৰ ‘মেলিগনেণ্ট’ টিউমাৰ ইত্যাদিৰ বাবে হোৱা অস্বাভাৱিক ৰক্তক্ষৰণৰ বিষয়ে পৰৱৰ্তী খণ্ডসমূহত আলোচনা কৰা হ’ব। লিখকঃ ডাঃ দীনেশ শৰ্মা, দৈনিক অসম