ঋতুস্ৰাৱত পেটৰ বিষ বেছিভাগ মাইকী মানুহৰে ঋতুস্ৰাৱ কষ্টকৰ আৰু বেদনাদায়ক হয়। ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ হয়, পেটত খোচ মাৰি ধৰে, ভৰি আৰু কঁকাল, গৰ্ভাশয়ৰ কাষৰ গাঁঠিবোৰো টানি ধৰে, বিষ হয়। এই বেদনা ভৰিলৈকে বিয়পি পৰে। বেদনা বাঢ়ি গ’লে বমি আৰু শৌচো হয়। স্ৰাৱ যোৱা কম হ’লে বেদনা বাঢ়ি যায়। ঋতুস্ৰাৱত হোৱা বিষৰ ভয়ে মাংসপেশীৰ স্বাভাৱিক ক্ৰিয়াত বাধাৰ সৃষ্টি কৰে। ফলত স্ৰাৱৰ লগত টুকুৰা-টুকুৰো ওলাব পাৰে। তেতিয়া বিষ বেদনা বাঢ়ি যোৱাৰ লগতে মূৰ ঘূৰায় আৰু বুকু ধপধপায়। ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ কেইবাটাও কাৰণত হ’ব পাৰে। বেছিকৈ চিন্তা-ভাৱনাৰ উদ্বেগ হ’লে ঋতুস্ৰাৱ যন্ত্ৰণাদায়ক হয়। গৰ্ভাশয়ৰ বা ডিম্বগ্ৰন্থি উখহাৰ কাৰণে নতুবা ডিম্বাগ্ৰন্থিৰ স্নায়ুৰ দুৰ্বলতাৰ কাৰণেও বেদনাদায়ক ঋতুস্ৰাৱ হয়। ঋতুস্ৰাৱত কষ্ট পোৱাৰ আন এটা কাৰণ হ’ল গৰ্ভাশয়ৰ মুখখন সৰু হোৱাটো কেতিয়াবা অনুভৱহীন যৌন সম্ভোগ কৰাৰ ফলত যৌনাংগ ফুলি যায়। ইয়াৰ ফলতে ঋতুস্ৰাৱত কষ্ট হয়। ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া কেইটামান সাৱধানতা- ঠাণ্ডাৰ পৰা বাচি থকা উচিত। কোষ্ঠকাঠিন্য একেবাৰে হ’ব দিব নালাগে। জলা-মছলা আদি পৰিহাৰ কৰা ভাল। বেছি কষ্টকৰ কাম নকৰাই উচিত। চিকিৎসা ঋতুস্ৰাৱতে কষ্ট পোৱাসকলে গৰম পানীৰে গা ধুব লাগে। ৰাতিপুৱা আৰু গধূলি দুবাৰ গৰম পানীৰে গা ধুব লাগে। এবাৰ কঁকালৰ তলৰ পৰা ঠাণ্ডা পানীৰে ধুব লাগে। এনে কৰিলে বিষৰ পৰা উপশম পোৱা যায়। ৰোগীয়ে গুড় খাই দিলেও স্ৰাৱ বেছিকৈ যোৱাৰ ফলত বিষয় উপশম ঘটে। আজোৱানৰ গুড়ি এক চামুচ এগিলাচ গৰম গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ নিয়মিতভাৱে খাব লাগে। যোগাসনৰ জৰিয়তে ঋতুস্ৰাৱৰ বিষ-বেদনা নোহোৱা কৰিব পাৰি নিয়মিতভাৱে পদ্মাসন আৰু মণ্ডুকাসন কৰিলে সুফল পোৱা যায়। তাৰ পিছতো যদি বিষৰ উপশম নহয় তেনেহ’লে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। কেঁচুমূৰীয়া ৰোগ ধাতু ৰোগত শৌচ কঠিন হৈ কেঁচুমূৰীয়া ৰোগৰ সৃষ্টি হ’ব পাৰে। এই ৰোগ বেছি হোৱাৰ আগতেই চাৰি আঙুল জোখৰ তিনিটা কেঁচুৰ মূৰ জালুকৰ সৈতে বটি শুদা পেটত দিনে এবাৰকৈ খাব লাগে। এই ঔষধ তিনিদিনমান খাব লাগে। বগাস্ৰাৱ মহিলাৰ বাবে এইটো এটা অসহ্যকৰ অসুখ। এই ৰোগৰ লক্ষণসমূহ হ’ল- যোনি পথেদি বগাস্ৰাৱ হোৱা, যোনিদ্বাৰৰ খজুৱতি, জ্বলা-পোৰা কৰা, ক্লান্তিবোধ, হৃদ দুৰ্বল হোৱা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, স্বপ্নদোষ, হাত-ভৰিৰ পোৰণি, বাতবিষ, মাহেকীয়া বাঢ়ি যোৱা, কেতিয়াবা বন্ধ হৈ থকা, মনটো বেয়া লাগি থকা ইত্যাদি। বগাস্ৰাৱ বিভিন্ন কাৰণত হ’ব পাৰে। কেতিয়াবা চেক্স হৰম’ন অধিক পৰিমাণে পৰিমাণে তৈয়াৰ হোৱাৰ ফলত বগাস্ৰাৱ ৰোগ হয়। জননাংগত শোথ থাকিলে, গৰ্ভাশয় বা গ্লেণ্ড আদিত দীৰ্ঘদিনীয়া সংক্ৰমণ, স্থানীয় আদি হ’লেও এই ৰোগ হয়। কেতিয়াবা পুৰুষৰ দ্বাৰাও এই ৰোগ হয়। যদি পুৰুষজন একাধিক যৌন কাৰ্য্যত লিপ্ত হয় তেন্তে এই ৰোগ তেওঁৰ পৰাই সংক্ৰমিত হয়। চিকিৎসা পুৱাৰ জলপানৰ পিছত নিয়মিতভাৱে আঙুৰ খালে এই ৰোগৰ বাবে ভাল। কণাশিমলুৰ বন এমুঠি মিহিকৈ কুটি ল’ব লাগে। সেইখিনি তালমিচিৰিৰ লগত মিহলাই দিনে এবাৰকৈ শুদা পেটত খাব লাগে। এনেকৈ পোন্ধৰ দিন খালে বগাস্ৰাৱ ৰোগ ভাল হয়। এমুঠি বুট ভাজি গুড়ি কৰি ল’ব লাগে। গুড়িখিনিত অলপ মিচিৰি গুড়ি আৰু ঘিউ মিহলাই আধা কাপ গাখীৰত দি খাব লাগে। বগাস্ৰাৱ ৰোগত কেতিয়াবা প্ৰস্ৰাৱ ঘন আৰু বগা থপথপীয়া হয়। এই লক্ষণ বৃক্কৰ বাবে হয়। এই ক্ষেত্ৰত কণা শিমলু, যমলাঘাটি, তালমিচিৰি আৰু গৰু গাখীৰ মিহলাই খাব লাগে। নিয়মিতভাৱে ৰাতিপুৱা খালী পেটত খালে উপকাৰ পায়। এক চামুচ জিৰা পানীত তিয়াই থ’ব লাগে। পিছত শুকুৱাই লৈ ভজি গুড়ি কৰি ল’ব লাগে। তাত অলপ চেনি মিহলাই দিনে তিনি বাৰকৈ খালে বগাস্ৰাৱ ৰোগ ভাল হয়। এচামুচ শুকান আমলখিৰ গুড়িৰ লগত মৌ দুচামুচ মিহলাই নিয়মিতভাৱে ৰাতিপুৱা খাব লাগে। যোগাসন কৰিও বগাস্ৰাৱ ৰোগৰ পৰা ৰক্ষা পাব পাৰি। জনবক্ষাসন আৰু পদ্মাসন বগাস্ৰাৱ ৰোগৰ বাবে অতিকৈ উপকাৰী। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।