গৰ্ভাৱস্থাত মহিলাগৰাকী সুস্থ, সবল আৰু নিৰোগী হৈ থকাটো আটাইতকৈ প্ৰয়োজনীয় বিষয়। মাতৃগৰাকীৰ নিজৰ বাবে আৰু আগন্তুক সন্তানটিৰ বাবে স্বাস্থ্যৱতী হৈ থকাটো বিশেষভাৱে প্ৰয়োজন। ইয়াৰ বাবে সকলো পুষ্টিকৰ খাদ্য খোৱাৰ ওপৰত ৫০০ গ্ৰাম প্ৰটিন, ৩০০ মি:লি: তেজ, ৩০০-৪০০ মি:গ্ৰা: লৌহ পদাৰ্থ, ২৫ গ্ৰাম ফচফৰাচ বহন কৰে। স্বাভাৱিকতে মাতৃগৰাকীয়ে আন মহিলাতকৈ অধিক পুষ্টিকৰ উপাদান গ্ৰহণ কৰা উচিত। ১৯৮৯ ৰ আই চি এম আৰৰ ৰিকমেণ্ডেড ডায়েটেৰী এলাউন্সৰ তথ্য মতে গৰ্ভৱতী মহিলাৰ প্ৰয়োজন হোৱা পুষ্টিকৰ উপাদানসমূহ হ’ল- বিশেষ দ্ৰষ্টব্য: ১) গৰ্ভৱতী মাতৃয়ে সাধাৰণতে মহিলাই গ্ৰহণ কৰা শস্যজাতীয় আহাৰতকৈ ৩৫ গ্ৰাম অধিক খাব লাগে। ২) আমিষ আহাৰ গ্ৰহণ কৰাসকলে মাহজাতীয় শস্য শতকৰা ২০ ভাগ কমাই এটা কণী বা ৩০ গ্ৰাম মাছ বা মাংস খাব পাৰে। লগতে অতিৰিক্ত ৫ গ্ৰাম তেল বা ঘিউ খাব লাগে। গৰ্ভৱতী মাতৃৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কথা ১) গৰ্ভৱতী মাতৃয়ে স্বাভাৱিক মহিলাতকৈ চাৰিভাগৰ এভাগ অধিক আহাৰ খোৱা উচিত। ২) প্ৰতিদিনেই ১০ ৰ পৰা ১২ গিলাচলৈকে পৰিষ্কাৰ পানী সেৱন কৰা উচিত। ৩) খাদ্যৰ প্ৰতি থকা অন্ধবিশ্বাস সমূলি পৰিহাৰ কৰক। খাদ্যৰ প্ৰতি থকা অন্ধবিশ্বাস যেনে-অধিক খোৱা অপকাৰী, কল আৰু কলডিল খালে এটাতকৈ অধিক সন্তান নোহোৱা, অমিতা খালে গৰ্ভনষ্ট, গৰম খাদ্য- মাংস, কণীয়ে গৰ্ভনষ্ট কৰা আদি ধাৰণাসমূহ একেবাৰে অবান্তৰ। কিয়নো গৰ্ভৱতী মাতৃগৰাকীয়ে অধিক আহাৰ খালেহে গৰ্ভস্থ নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব, কলডিল খালে শৰীৰে লৌহ পদাৰ্থ পায়, ঘি গৰ্ভৱতী মাতৃৰ বাবে অত্যন্ত প্ৰয়োজনীয়, অমিতাত থকা প্ৰ’টিন, ভিটামিন চি, ভিটামিন বি, লৌহ পদাৰ্থ, চৰ্বি, মাইক্ৰ’গ্ৰাম, কেলছিয়াম, খনিজ লৱণ, আঁহজাতীয় পদাৰ্থ, বিটাকেৰাটিন, ফাইবাৰ আদি গৰ্ভৱতী মাতৃৰ বাবে খুবেই উপকাৰী, মাংস আৰু কণীয়ে মাক আৰু সন্তানৰ শৰীৰৰ কোষবোৰৰ গঠন আৰু মেৰামতিত বিশেষভাৱে সহায়হে কৰে। ৪) গৰ্ভৱতী মাতৃয়ে সেউজীয়া শাক-পাচলি, আঁহজাতীয় শস্য, গোটা শস্য, মাহ, ফলমূল আদি যথেষ্ট পৰিমাণে খোৱা উচিত। ৫) মাতৃগৰাকীয়ে প্ৰতিষেধক ছিটা টিটেনাছ টক্সাইড ল’ব লাগে যাতে ধনুষ্টংকাৰ ৰোগ হ’ব নোৱাৰে। ৬) চাহ, কফি আদি কেফেইনযুক্ত খাদ্য কম পৰিমাণে খোৱাটো ভাল। ৭) আমলখি, মধুৰিআম আদি ভিটামিন চি যুক্ত ফল দৈনিক খোৱা উচিত। এইফালে শৰীৰত লৌহজাতীয় পদাৰ্থ শোষণত সহায় কৰে। ৮) প্ৰতিদিনেই দিনত ২-৩ ঘন্টা জিৰণি ল’ব লাগে। ৯) অধিক পৰিশ্ৰম, গধুৰ কাম কৰা অনুচিত। ৰাতিপুৱা বননিত অলপ সময় খোজ কঢ়াটো ভাল। ১০) নিয়মিতভাৱে চিকিৎসকৰ লগত যোগাযোগ ৰাখক। গৰ্ভৱতী মহিলাৰ খাদ্যত থকা প্ৰয়োজনীয় পৰিপুষ্টিৰ উপাদানসমূহৰ উপকাৰিতা প্ৰ’টিন গৰ্ভাৱস্থাত থকা মহিলাগৰাকীক প্ৰ’টিনে শৰীৰৰ কোষসমূহৰ গঠন, মেৰামতি, ৰোগ প্ৰতিৰোধ আৰু পাচকৰস তৈয়াৰ কৰাত সহায় কৰে। কে’লৰি গৰ্ভৱতী মাতৃগৰাকীৰ গৰ্ভস্থ ভ্ৰূণৰ বিকাশ, প্লেচেন্টা (গৰ্ভফুল তৈয়াৰী), মাতৃকোষৰ গঠন আদি কাৰ্য্যৰ বাবে কেলৰিৰ প্ৰয়োজন হয়। লৌহ পদাৰ্থ ৰক্তহীনতাৰ পৰা ৰক্ষা পাবলৈ মাতৃ আৰু গৰ্ভস্থ সন্তানটিক লৌহ পদাৰ্থ বা আইৰণৰ প্ৰয়োজন হয়। কেলছিয়াম গৰ্ভৱতী মাতৃগৰাকীয়ে কেলচিয়াম খালে শিশুটিৰ হাড়ৰ গঠন আৰু মগজুৰ শ্ৰীবৃদ্ধি ঘটে। খনিজ দ্ৰব্য আৰু ভিটামিন গৰ্ভৱতী মাতৃগৰাকীৰ বাবে আন এক প্ৰয়োজনীয় পুষ্টিৰ উপাদান হ’ল খনিজ দ্ৰব্য আৰু ভিটামিন। খনিজ দ্ৰব্যই মাতৃগৰাকীক সুস্থ আৰু স্বাস্থ্যৱতী কৰি ৰাখে। সন্তানটিৰ শৰীৰৰ গঠন, বিকাশ আৰু বিভিন্ন দৈহিক ক্ৰিয়াসমূহৰ বাবে খনিজ লৱণ অতিকৈ প্ৰয়োজনীয়। ভিটামিনে শৰীৰৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশ ঘটায়। প্ৰসূতি মাতৃৰ বাবে কেইটামান প্ৰয়োজনীয় কথা ১) প্ৰসূতি মাতৃগৰাকীক মাতৃদুগ্ধ গঠনৰ বাবে অধিক প্ৰ’টিনযুক্ত আহাৰৰ প্ৰয়োজন। ২) মাতৃগৰাকীক অধিক কে’লৰিৰো প্ৰয়োজন। তদুপৰি প্ৰচুৰ পৰিমাণে ভিটামিন এ যুক্ত খাদ্য খোৱা উচিত। ৩) মাতৃদুগ্ধত নিহিত হোৱা লৌহ পদাৰ্থৰ অভাৱ পূৰণৰ বাবে যথেষ্ট পৰিমাণৰ সেউজীয়া শাক-পাচলি খোৱা উচিত। ৪) মাতৃগৰাকীয়ে সেউজীয়া শাক-পাচলি, হাঁহৰ কণী, মাহজাতীয় শস্য, মাংসৰ কলিজা আদি খাই মাতৃদুগ্ধত ব্যৱহৃত ফলিক এচিড আৰু ভিটামিন বি ৰ অভাৱ পূৰাব লাগে। ৫) প্ৰসূতি মাতৃয়ে কিছুমান খাদ্য খাব নালাগে বুলি কিছুমান অন্ধবিশ্বাস আছে। যেনে: নহৰু, জিৰা, জালুক খালে গাখীৰ বৃদ্ধিত বাধা হয়, মাকে ঠাণ্ডা বস্তু খালে নৱজাতকৰ অসুখ হ’ব, বন্ধাকবি, বুটমাহ, ফুলকবি খালে প্ৰসূতি মাতৃগৰাকীৰ পেটত গেছ হয় ইত্যাদি। প্ৰকৃততে এই ধাৰণাসমূহৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। নহৰু, জিৰা, জালুকৰ লগত গাখীৰ বৃদ্ধিৰ কোনো সম্পৰ্ক নাই, বন্ধাকবি, ফুলকবি আৰু বুটমাহ আদি প্ৰসূতিগৰাকীৰ বাবে উপকাৰী খাদ্য। লগতে দৈ, কল আদি ঠাণ্ডা বস্তুও মাতৃগৰাকীৰ বাবে উপকাৰী। ৰিকমেণ্ডেড ডায়েটৰি এলাউন্সেছৰ ১৯৯৮ চনৰ তথ্য অনুসৰি প্ৰসূতি মাতৃৰ কাৰণে প্ৰয়োজনীয় দৈনিক পুষ্টিকৰ উপাদানসমূহ হ’ল- ৩ নং (ক) তালিকা পুষ্টিকৰ উপাদান শৰীৰৰ ওজন সময় সাধাৰণ কাম কৰা মধ্যমীয়া কাম কৰা গধুৰ কাম কৰা প্ৰ’টিন ৫০ কি:গ্ৰা: ৬৫ গ্ৰাম ০-৬ মাহ ৬-১২ মাহ ৫০+২৫=৭৫ গ্ৰাম ৫০+১৮=৬৮ গ্ৰাম ৫০+২৫=৭৫ গ্ৰাম ৫০+১৮=৬৮ গ্ৰাম ৫০+২৫=৭৫ গ্ৰাম (৫০+১৮=৬৮ গ্ৰাম কেলৰি ৫০ কি:গ্ৰা: ০-৬ মাহ ৬-১২ মাহ ১৮৭৫+৫৫০=২৭৭৫ কি: কে: ১৮৭৫+৪০০= ২২৭৫ কি: কে: ২২২৫+৫৫০= ২৭৭৫ কি:কে: ২২২৫+৪০০=২৬২৫ কি:কে: ২৯২৫+৫৫০=৩৪৭৫ কি: কে: ২৯২৫+৪০০=৩৩২৫ কি: কে: চৰ্বি ৫০ কি:গ্ৰা: - ৩০ গ্ৰাম ৩০ গ্ৰাম ৩০ গ্ৰাম কেলচিয়াম ৫০ কি:গ্ৰা: - ১০০০ মিলিগ্ৰাম ১০০০ মিলিগ্ৰাম ১০০০ মিলিগ্ৰাম লৌহ ৫০ কি:গ্ৰা: - ৩৮ মিলিগ্ৰাম ৩৮ মিলিগ্ৰাম ৩৮ মিলিগ্ৰাম বিটা কেৰোটিন ৫০ কি:গ্ৰা: - ৩৮০০ মউগ্ৰাম ৩৮০০ মউগ্ৰাম ৩৮০০ মউগ্ৰাম থায়ামিন ৫০ কি:গ্ৰা: ০-৬ মাহ ৬-১২ মাহ ০.৯+০.৩=১.২ মি:গ্ৰা: ০.৯+০.২=১.১ মি:গ্ৰা: ১.১+০.৩=১.৪ মি:গ্ৰা: ১.১+০.২=১.৩ মি:লি: ১.২+০.৩=১.৫ মি:গ্ৰা: ১.২+০.২=১.৪ মি:লি: বাইৰোফ্লেৰিন ৫০ কি:গ্ৰা: ০-৬ মাহ ৬-১২ মাহ ১.১+০.৩=১.৪ মি:গ্ৰা: ১.১+০.২=১.৩ মি:লি: ১.৩+০.৩=১.৬ মি:গ্ৰা: ১.৩+০.২=১.৫ মি:লি: ১.৫+০.৩=১.৮ মি:গ্ৰা: ১.৫+০.২=১.৭ মি:লি: নিকোটনিক এচিড ৫০ কি:গ্ৰা: ০-৬ মাহ ৬-১২ মাহ ১২+৪=১৬ মিলিগ্ৰাম ১২+৩=১৫ মিলিগ্ৰাম ১৪+৪= ১৮ মিলিগ্ৰাম ১৪+৩= ১৭ মিলিগ্ৰাম ১৬+৪=২০ মি:গ্ৰা: ১৫+৩=১৮ মি:গ্ৰা: পায়ৰ’ক্সিন ৫০ কি:গ্ৰা: - ২.৫ মিলিগ্ৰাম ২.৫ মিলিগ্ৰাম ২.৫ মিলিগ্ৰাম এচকাৰবিক ৫০ কি:গ্ৰা: - ৮০ মিলিগ্ৰাম ৮০ মিলিগ্ৰাম ৮০ মিলিগ্ৰাম ফলিক এচিড ৫০ কি:গ্ৰা: - ১৫০ মিউগ্ৰাম ১৫০ মিউগ্ৰাম ১৫০ মিউগ্ৰাম ভিটামিন বি ৫০ কি:গ্ৰা: - ১.৫ মিউগ্ৰাম ১.৫ মিউগ্ৰাম ১.৫ মিউগ্ৰাম ৩ নং (খ) তালিকা প্ৰসূতি মাতৃৰ বাবে প্ৰয়োজনীয় দৈনিক আহাৰৰ তালিকা খাদ্যৰ নাম সাধাৰণ কাম কৰা মধ্যমীয়া কাম কৰা গধুৰ কাৰ্য কৰা শস্যজাতীয় চাউল/ঘেঁহু (৪১০+৬০= ৪৭০ গ্ৰাম) (৪৪০+৬০= ৫০০ গ্ৰাম) (৫৭৫+৩৫= ৬৩৫ গ্ৰাম) মাহজাতীয় (৪০+৩০= ৭০ গ্ৰাম) (৪৫+৬০= ৭৫ গ্ৰাম) (০৫০+৩০= ৮ গ্ৰাম) সেউজীয়া শাক-পাচলি ১০০ গ্ৰাম ১০০ গ্ৰাম ১০০ গ্ৰাম অন্যান্য পাচলি ৪০ গ্ৰাম ৪০ গ্ৰাম ৪০ গ্ৰাম মূলা আৰু শিপাজাতীয় ৫০ গ্ৰাম ৫০ গ্ৰাম ৫০ গ্ৰাম গাখীৰ ১০০+১০০=২০০ মি:লি: ১৫০+১০০=২৫০ মি:লি: ২০০+১০০=৩০০ মি:লি: তেল বা ঘিউ ২০+১০= ৩০ মি:গ্ৰা: ২০+১০= ৩০ মি:গ্ৰা: ৪০+১০= ৫০ মি:গ্ৰা: চেনি বা গুড় ২০+১০= ৩০ মি:গ্ৰা: ২০+১০= ৩০ মি:গ্ৰা: ৪০+১০= ৫০ মি:গ্ৰা: বি:দ্ৰ:- আমিষ ভোজনকাৰীসকলে শতকৰা ৫০ ভাদ মাহজাতীয় শস্য কমাই এটা কণী বা ৩০ গ্ৰাম মাছ বা মাংস খাব পাৰে। লগতে ৫ গ্ৰাম তেল বা ঘিউ খাব লাগে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।