জীৱনৰ কিছু কিছু সময়ত আমাৰ শৰীৰৰ বাবে পুষ্টিৰ প্ৰয়োজন অধিক হয়।নাৰীৰ গৰ্ভাৱস্থাৰ এনে এক সময়।এই সময়ত তেওঁলোকৰ বিশেষ আহাৰ আৰু অধীক হয়। এই কথা অনস্বীকাৰ্য যে গৰ্ভধাৰন কৰাৰ আগতেও মাকৰ স্বাস্থ্য ভাল হব লাগে আৰু মাকৰ সেই সময়ৰ স্বাস্থ্যৰ ওপৰতো ভৱিষ্যতৰ সন্তানৰ স্বাস্থ্য নিৰ্ভৰ কৰে। যিসকল মাতৃয়ে কম বয়সতে গৰ্ভধাৰন কৰে তেনে মাতৃৰ বাবে খাদ্য আৰু পুষ্টিৰ প্ৰয়োজনীয়তা তিনি গুনে বৃদ্ধি হয়। প্ৰথম, তেওঁৰ নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে,দ্বিতীয় গৰ্ভস্থ শিশুৰ পুষ্টিৰ বাবে আৰু তৃতীয় তেওঁৰ নিজৰ দৈহিক বৃদ্ধিৰ বাবে। কাৰন এনে মাতৃ সম্পূৰ্ন প্ৰাপ্তবয়স্ক হৈ উঠা নাই আৰু তেওঁলোকৰ দৈহিক বৃদ্ধিৰ প্ৰক্ৰিয়াও শেষ হোৱা নাই। নাৰীয়ে গৰ্ভধাৰন কৰাৰ পিছত তেওঁৰ নিজৰ দেহৰ খাদ্য আৰু পুষ্টিৰ আৱশ্যকতা বৃদ্ধি পায়।গৰ্ভস্থিত সন্তানে তাৰ বিকাশ আৰু পুষ্টিৰ বাবে সকলো খাদ্য আৰু পৰিপুষ্টি মাকৰ পৰাই আহৰন কৰে।যিসকল গৰ্ভৱতী মাতৃয়ে যথেষ্ঠ পুষ্টিকৰ খাদ্য খাব নোৱাৰে তেওঁলোকে নানা জটিলতাত ভুগি কষ্ট পায় আৰু গৰ্ভপাত অকাল প্ৰসৱ মৃতবৎসা আৰু ৰুগ্ন তথা বিকৃত দেহৰ সন্তান জন্ম হোৱা আদি সমস্যাৰ সন্মুখীন হয়। এটা হিচাপ মতে শেষৰ পাচঁ মাহত গৰ্ভৱতী নাৰীৰ বাবে দৈহিক প্ৰায় এশ পঞ্চাচৰ পৰা তিনিশ কেলৰিলৈকে অতিৰিক্ত্ভাৱে আৱশ্যক হয়।এই কেলৰিখিনি প্ৰটিন,ভিটামিন,খনিজ পদাৰ্থ আৰু শ্বেতসাৰৰ পৰা নিদিষ্ট হিচাপত লব লাগিব।ভাৰতীয় স্বাস্থ্য গৱেষনাৰ পৰিষদে গৰ্ভৱতী নাৰীৰ বাবে প্ৰতি কেজী দেহৰ ওজনৰ বিপৰীতে এক দশমিক দুই গ্ৰাম প্ৰটিন আৱশ্যক বুলি ঠাৱৰ কৰিছে।সেইদৰে কেলচিয়াম অয়ৰন আৰু আয়ডিনো অতিৰিক্ত মাত্ৰাত আৱশ্যক হয়।আৱশ্যকীয় আৰু অনুমোদিত ভিটামিন ডিৰ ঘাটি হব নালাগে।কাৰন ইয়াৰ অভাৱত আমাৰ শৰীৰে কেলচিয়াম গ্ৰহন কৰাত অসুবিধা পায়।যিসকল গৰ্ভৱতী মহিলাই ৰদত কাম কৰে তেওঁলোকে কিছু ভিটামিন ডিৰ সূৰ্যৰ ৰশ্মিৰ পৰা পায়।মনত ৰাখিব লাগে যে কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ হলে মাক অৰু সন্তান উভয়ৰে হাড় দুৰ্বল হব পাৰে আৰু মাকৰ অষ্টিঅমেলাচিয়া নামৰ আৰু সন্তানৰ ৰিকেট নামৰ হাড়ৰ ৰোগ হব পাৰে।উভয়ৰে স্বাস্থ্যৰ বাবে ই গুৰুতৰ ধৰনৰ ক্ষতি। আমাৰ দেশত গুৰুতৰ ৰক্তহীনতা ৰোগৰ পৰা বহু মাতৃৰ জীৱন পৰ্যন্ত সংকটাপন্ন হয়।ইয়াৰ কাৰন হল তেওঁলোকৰ খাদ্যত আৱশ্যকীয় আয়ৰনৰ অভাৱ।মনত ৰাখিব লাগে যে মাক ৰক্তহীনতাত ভুগিলে সন্তানৰো সেই ৰোগ হোবাৰ সম্ভাৱনা প্ৰৱল।কিয়নো জন্মৰ পৰা ছমাহ বয়সলৈ কেচুৱাইঁ খাদ্যৰ পৰা আয়ৰন নাপায়।গৰ্ভাৱস্থাত আয়ডিন আৱশ্যকতাও বৃদ্ধি হয়।উল্লেখ থাকে যে বহুতো মাতৃৰ এনে অভাৱত গৰ্ভাৱস্থাত গলগলড ৰোগ হোৱাও দেখা যায়। সেইদৰে এনে সময়ত মাতৃসকলৰ বাবে ভিটামিন-এ,ভিটামিন-ডি,ভিটামিন-চি,আৰু ৰিবফ্লেভিনৰ বিশেষ আৱশ্যক।গৰ্ভৱতী নাৰীক এনে অৱস্থাত দৈনিক দুই হেজাৰ তিনি শ কেলৰিৰ সূষম আহাৰ দিব লাগে।ইয়াৰ ভিটৰত প্ৰটিন এশ গ্ৰাম,ভিটামিন এ তিনি হেজাৰৰ পৰা চাৰি হেজাৰ ইউনিট,ভিটামিন-ডি চাৰিশৰ পৰা আঠশ ইউনিট কেলচিয়াম ১,৫-২গ্ৰাম,ৰিবফ্লেবিন ২,৪ মি:গ্ৰাম,ভিটামিন চি ৭০-৮০ মি গ্ৰাম হব লাগে।তলত গৰ্ভৱতী নাৰীৰ বাবে দৈনিক আহাৰৰ এখন আদৰ্শ তালিকা দিয়া হ'ল: ১/ সৰ নোতোলা গাখীৰ---------৩-৪ কাপ ২/পাত শাক-----------------১ কাপ ৩/অন্যান্য পাচলি-------------১ কাপ ৪/আলু,মূলা,গাজৰ আদি মাটিৰ তলৰ পাচলি-------১/৪ কাপ ৫/টেঙা ফলৰ ৰস------------১ কাপ ৬/অন্য মিঠা ফল------------- ১ প্লেট ৭/মাছ বা মাংস বা কনী বা দাইল------১৫০ গ্ৰাম ৮/চাউল বা আটা--------------- ১ কাপ ৯/কণী---------------------- ১টা ১০/মাখন,তেল,চেনী,গুৰ------------ ১ প্লেট ১১/ কেচাঁ চালাড------------- ১ প্লেট বি:দ্ৰ: সৰ নোতোলা গাখীৰ গৰু।ছাগলী বা মহৰ হব পাৰে।ওপৰত কোৱা তিনি কাপ গাখীৰৰ ভিতৰত একাপ দৈ হলে ভাল।পাতযুক্ত শাক-পাচলিৰ ভিতৰত স্থানীয়ভাৱে পাব পৰা সকলো ধৰনৰ শাক খাদ্য তালিকাত অৰ্ন্তভুক্ত কৰিব লাগে।উদাহৰনস্বৰুপে বাৰিষা কালত ঢেঁকীয়া,মৰিছা,লাউ,কোমোৰৰ আগ,কচু ঠুৰি,চজিনা পাত সাল সলনিকৈ নিৰ্বাচন কৰিব পাৰি।সেইদৰে খৰালি মাহত লাই,পালেং ধনীয়া,মূলা,জিলমিল,মেঠি দ্ৰোণশাক,পূৰ্ননৱা,ব্ৰাক্ষী,খতুৰা আদি নিৰ্বাচন কৰিব লাগে।বাৰীত বা হাবিত নিজে নিজে গজা শাকবোৰ অতি উপকাৰী।সেইবোৰ সহজে সংগ্ৰহ কৰিব পাৰি।কেচাঁ চালাদত তিয়হঁ মূলা বিলাহী গাজৰ ওলোৱা বুট মগু লাই বা মূলাৰ পাত ধনীয়া পালেং বন্ধাকবি ফুলকবি আৰু নেমুটেঙাৰ ৰস দিব পাৰি। দুগ্দ্ধৱতী মহিলা গৰ্ভৱতী নাৰীতকৈ দুগ্ধ্বৱতী নাৰীৰ পুষ্টিৰ প্ৰয়োজন কিন্ত বেছি।যদিও মাত্ৰ এবছৰলৈ সন্তানক নিজৰ গাখীৰ খুৱালে হয় তথাপি বহুতো মাতৃৰ বাবে এই প্ৰক্ৰিয়া দীঘলিয়া হয়।সন্তান জন্ম হোৱাৰ পাছত দেহৰ বিভিন্ন ক্ষয় ক্ষতি পূৰনৰ বাবে পুষ্টিৰ প্ৰয়োজন হয়।দ্বিতীয়তে সন্তানৰ গাখীৰৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজন হয়।সেইবাবে এনে সময়ত কাৰ্বোহাইড্ৰেট প্ৰটিন,খনিজ পদাৰ্থ।ভিটামিন আদি সকলোবিধ পুষ্টিৰ প্ৰয়োজন হয়।মাতৃৰ স্বাস্থ্য আৰু শ্ৰমৰ পৰিমানৰ ওপৰত পুষ্টিকৰ খাদ্যৰ পৰিমান নিৰ্ভৰ কৰে।বিজ্ঞানীসকলে ঠিৰাং কৰিছে যে ছয়শ কেলৰি মাতৃদুগ্দ্ধ উৎপাদনৰ বাবে এক হেজাৰ কেলৰি সুষম আহাৰ খাব লগা হয়।ভাৰতীয় মাতৃসকলে সাধাৰনতে এনে সুষম আহাৰ খাবলৈ নাপায় আৰু সেইবাবে সন্তান তথা মাতৃসকল স্বাস্থ্যৰ ক্ষতি হোৱা দেখা যায়।মাকৰ গাখীৰ উৎপাদনৰ পৰিমান আৰু গুনগত মানদণ্ডৰ বাবে মাকৰ আহাৰত যথেষ্ঠ পৰিমানে এমিন এচিডযুক্ত প্ৰটিন থাকিব লাগে।তলত এনে মাতৃৰ বাবে আদৰ্শ সুষম আহাৰৰ তালিকা প্ৰদৰ্শন কৰা হ'ল: দৈনিক আৱশ্যকতা গ্ৰাম হিচাপত আহাৰৰ নাম গৰ্ভৱতী নাৰী দুগ্দ্ধৱতী নাৰী গাখীৰ আৰু দৈ ৫০০ ৬৭০ গাখীৰৰ গুৰি(স্কিমড) ৫৫ ৭০ দাইল,মাহ,বাদাম ৮৫ ৮৫ ফল মূল ৮৫ ৮৫ সেউজীয়া পাত শাক ১১০ ১১০ অন্যান্য শাক-পাচলি ১১০ ১৭০ ভাত ২০০ ২৫০ আটা,আলু,কচু ১৪০ ১৪০ তেল ঘি মাখন ৩০ ৩০ চেনী গুৰ ৩০ ৩০ ওপৰৰ তালিকাত গাখীৰৰ পৰিমান কমাই মাছ মাংস অন্তৰ্ভূক্ত কৰিব পাৰি।গৰ্ভৱতী আৰু দুগ্দ্ধৱতী নাৰীৰ বাবে কম বেছি পৰিমানে এনেধৰনৰ সুষম আহাৰৰ প্ৰয়োজন হয়।দুগ্ধৱতী নাৰীৰ বেলিকা প্ৰটিনৰ আৱশ্যকতা কিছু বেছি।এই প্ৰটিন গাখীৰৰ পৰা লব পাৰিলে ভাল। জ্যোতিষ চন্দ্ৰ দত্ত