গৰ্ভাৱস্থাত নিজৰ লগতে গৰ্ভস্থ সন্তানটোৰ যতন লোৱাৰ দিহা আৰু গৰ্ভাৱস্থাৰ পূৰ্বে, গৰ্ভাৱস্থাৰ সময়ত আৰু পিছত গ্ৰহণ কৰিবলগীয়া যতনৰ গুৰুত্ব৷

গৰ্ভাৱস্থাত থকা কালছোৱাত প্ৰসৱপূৰ্ব যতন প্ৰত্যক্ষভাৱে মাতৃ আৰু গৰ্ভস্থ সন্তানটোৰ স্বাস্থ্যৰ সৈতে জড়িত থাকে৷

সন্তানসম্ভৱা পিতৃ-মাতৃয়ে সন্তানে গৰ্ভত থিতাপি লোৱা কথাটো জনা মাত্ৰকে যথাসম্ভৱ ততালিকে অংগনৱাড়ী কেন্দ্ৰলৈ যাব লাগে আৰু মাতৃ আৰু সন্তান সুৰক্ষা কাৰ্ড এখন গ্ৰহণ কৰিব লাগে, এই কাৰ্ডখন এখন সাধাৰণ অথচ অতি ক্ষমতাপূৰ্ণ কাৰ্ড যিখনৰ মাধ্যমেৰে সন্তানসম্ভৱা মাতৃগৰাকীৰ শৰীৰৰ পৰিপুষ্ট আৰু তেওঁৰ গৰ্ভস্থ সন্তানটিৰ বিকাশৰ দিশটো ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰি থকাত সহায় কৰে৷

ভাৰতত ৭৫ শতাংশ মাতৃ হোৱা মহিলাই ৰক্তহীনতাৰ সমস্যাত ভুগে আৰু গৰ্ভাৱস্থাৰ সময়ছোৱাত শৰীৰৰ ওজন হ্ৰাস পায়৷ ইয়াৰ ফলত গৰ্ভস্থ সন্তানটিৰ বিকাশ বাধাগ্ৰস্থ হয়, অতি কম ওজনৰ শিশু জন্ম পায় আৰু শিশুৰ মাজত নন-জেনেটিক জন্মগত বিসংগতিয়ে দেখা দিয়ে৷

<object classid="clsid:d27cdb6e-ae6d-11cf-96b8-444553540000" codebase="http://download.macromedia.com/pub/shockwave/cabs/flash/swflash.cab#version=6,0,40,0" height="350" width="650"> <param name="src" value="http://www.youtube.com/v/A634ivcnSAU?version=3&hl=en_US&rel=0&autoplay=1"><embed height="350" width="650" src="http://www.youtube.com/v/A634ivcnSAU?version=3&hl=en_US&rel=0&autoplay=1" type="application/x-shockwave-flash"></embed> </object>
প্ৰসৱপূৰ্ব - গৰ্ভাৱস্থাত লোৱা যতন

গৰ্ভধাৰণ কৰি থকা অৱস্থাত এইটো সুনিশ্চিত কৰক যে মাতৃগৰাকীয়ে যেন সঠিক সময়ত সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ কৰিবলৈ পাইছে৷ মাতৃগৰাকীয়ে স্বাভাৱিকতে গ্ৰহণ কৰা খাদ্যতকৈ এক চতুৰ্থাংশ খাদ্য অধিক গ্ৰহণ কৰিব লাগে৷

সন্তানসম্ভৱা মাতৃগৰাকীয়ে দিনত দৈনিক অতিকমেও দুঘণ্টাকৈ জিৰণি ল’ব লাগে৷ আৰু নিশা তেওঁ আঠঘণ্টা সময় নিয়মিতভাৱে শুব লাগে৷ তদুপৰি অনবৰতে ঘৰত এটা আনন্দময় বা সুখময় পৰিৱেশ বিৰাজ কৰাই ৰাখিব লাগে৷

এই ভিডিঅ’টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা৷

এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে৷

প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত|