স্বাস্থ্যকেন্দ্ৰত গৰ্ভধাৰণৰ প্ৰথম তিনি মাহত পঞ্জীয়ন কৰাওক। পঞ্জীয়নৰ পাছত কমেও তিনিবাৰ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা কৰাওক। প্ৰতিবাৰ পৰীক্ষা কৰাওঁতে ৰক্তচাপ, তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰাওক। প্ৰতিবাৰতেই ওজন পৰীক্ষা কৰাওক। গৰ্ভাৱস্থাত অন্ততঃ ১০-১২ কেজি ওজন বাঢ়িব লাগে। গৰ্ভাৱস্থাৰ শেষ ছয়মাহত প্ৰতিমাহে ১ কেজিকৈ ওজন বাঢ়িব লাগে। দুটা টি টি বেজী ল’ব। প্ৰথম বেজিটো গৰ্ভধাৰণৰ ৪-৫ মাহ আৰু দ্বিতীয় বেজীটো তাৰ এমাহৰ পাছত ল’ব। (তাৰিখটো পূৰাব)। আইৰণ আৰু ফলিক এছিড বড়ি ১৮০ দিন পৰ্যন্ত (৬ মাহলৈকে) প্ৰতিদিনে গ্ৰহণ কৰক। (পৰিমাণ আৰু দিনাংক উল্লেখ কৰিব)। মাতৃগৰাকীক স্তনপান কৰোৱাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’বলৈ পৰামৰ্শ প্ৰদান (পৰামৰ্শ প্ৰদানৰ দিনাংক)। প্ৰসৱৰ পাছত ১৮০ দিন পৰ্যন্ত দৈনিক ভিত্তিত আইৰণ ফলিক এছিড প্ৰদান। গৰ্ভাৱস্থাৰ যতনঃ বিভিন্ন প্ৰকাৰৰ খাদ্য খাওক। বেছি পৰিমাণৰ খাদ্য খাওক- সাধাৰণ অৱস্থাত খোৱা খাদ্যতকৈ ১/৪ অংশ অতিৰিক্ত খাদ্য খাওক। অঙ্গনবাড়ী কেন্দ্ৰত দিয়া পৰিপূৰক পুষ্টিকৰ আহাৰ নিয়মিতভাৱে গ্ৰহণ কৰক। ৰাতি ৮ ঘণ্টা শোৱাৰ উপৰিও দিনত অন্ততঃ ২ ঘণ্টা বিশ্ৰাম লওক। আয়’ডিনযুক্ত নিমখহে ব্যৱহাৰ কৰক। একান্তই ঘৰতে প্ৰসৱ কৰাব লগা হ’লে, ল’ব লগা ব্যৱস্থা- পৰিষ্কাৰ হাত পৰিষ্কাৰ ঠাই আৰু পৰিৱেশ পৰিষ্কাৰ ব্লেড কটা নাড়িৰ মূৰত একো নলগোৱা আৰু পৰিষ্কাৰকৈ ৰখা পৰিষ্কাৰ নাড়ী বন্ধা সূতা নৱজাতকৰ বাবে পৰিষ্কাৰ কাপোৰ নৱজাতকৰ যতনঃ শিশুটিক উম দি ৰাখক। জন্মৰ আধাঘণ্টাৰ ভিতৰত শিশুটিক স্তনপান কৰাওক। প্ৰথম ৬ মাহলৈকে শিশুটিক কেৱল মাত্ৰ মাকৰ গাখীৰ খৱাওক। প্ৰথম সপ্তাহত শিশুটিক গা নুধুৱাব। নাড়ী শুকানকৈ ৰাখক। ৰুগীয়া লোকৰ পৰা শিশুটিক দূৰত ৰাখক। জন্মৰ পাছতেই ওজন লওক। যদি শিশুটিৰ ওজন ২.৫ কিঃ গ্ৰামতকৈ কম হয়, তেন্তে বিশেষভাৱে যত্ন লওক। বিপদ সংকেত- স্বাস্থ্যকৰ্মীৰ ওচৰ চাপকঃ মাতৃস্তন দুৰ্বলভাৱে চুহিলে বা পিয়াহ খাব নিবিচাৰিলে কেঁচুৱাটোৱে কান্দিব নোৱাৰিলে। উশাহ লোৱাত কষ্ট পালে হাত আৰু ভৰিৰ তলুৱা হালধীয়া পৰিলে জ্বৰ বা শৰীৰ চেঁচা হ’লে শৌচত তেজ গ’লে শিশুটিৰ মাংসপেশীৰ অস্বাভাৱিক জোকাৰণি হ’লে ভাগৰুৱা বা অচেতন হৈ পৰিলে। জ্বৰঃ শিশুটিৰ অতিপাত জ্বৰ উঠিলে, ততালিকে স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰক। ডায়েৰীয়াঃ স্তনপান অব্যাহত ৰাখক অ’ আৰ এছ আৰু জিংক প্ৰদান কৰক প্ৰয়োজন অনুসাৰে অতিৰিক্ত জুলীয়া দ্ৰব্য প্ৰদান কৰক শিশুটিৰ পনীয়া শৌচ বন্ধ নহ’লে ততালিকে স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰক। নিউমনিয়াঃ ঘন ঘন উশাহ বুকুৰ হাড় ওলোৱা অতিপাত জ্বৰ দুৰ্বলতাৰ বাবে শিশুটি নিঃস্তেজ হৈ পৰা বা মূৰ্চ্ছা যোৱা উপৰোক্ত লক্ষণসমূহ দেখিলে শিশুটোক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰা। (উৎসঃ সংহত শিশু বিকাশ সেৱা, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান। মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, ভাৰত চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, ভাৰত চৰকাৰ)।