ঋতুমতী গাভৰুৱে যদি ঋতুৰ সময়ত খামুচীয়া ধৰণৰ, বিষত ভোগে, তাকেই প্ৰাথমিক ঋতুশূল বুলি কোৱা হয়। কিয়নো ইয়াৰ কোনো কাৰণ নাথাকে। অৰ্থাৎ তলপেটত থকা জৰায়ু, ডিম্বকোষ বা যৌনাংগৰ বিসংগতি বা আন কিবা অংগৰ বেমাৰৰ বাবে হোৱা পীড়া নহয়। বিষ বা শূলৰ কাৰণ বিচাৰি তলপেটৰ এক্সৰে, ছন’গ্ৰাফী কৰিলেও একো ধৰা নপৰে। ঋতু আৰম্ভ হোৱাৰ তিনি-চাৰি-ঘন্টামান আগৰে পৰা পাতলীয়া বিষেৰে ই আৰম্ভ হৈ লাহে লাহে বেছিলৈ গৈ প্ৰায় বাৰ ঘন্টামান সময় থাকি যায়। এনে অৱস্থাত বিষৰ উপযুক্ত দৰৱ পেটত নপৰিলে যুৱতীগৰাকীৰ বমি বা পেট চলাও আৰম্ভ হ’ব পাৰে। কেতিয়াবা বিষৰ মাত্ৰা অত্যাধিক হোৱাও দেখা যায়। তেনে অৱস্থাত শীতল ঘামে শৰীৰ ধুৱাই পেলাই শৰীৰ জঠৰ কৰি পেলাবও পাৰে। সেয়েহে বেছি সময়লৈ বাট চাই নাথাকি ঠিক আৰম্ভ হোৱা হ’ব বুলি গম পোৱাৰ লগে লগে ইউজেচিক, ডেকলিক-ইউ, ভোভেৰণ-৫০ বা মেফেনেমিক এচিড থকা যিকোনো বৰি চিকিৎসকৰ ব্যৱস্থা পত্ৰ লৈ সঠিক মাত্ৰাত খাব লাগে। ঋতুশূলৰ আদি সময়ছোৱাত বিছনাত শুই জিৰণি লোৱা উচিত। প্ৰাথমিক ঋতুশূলৰ পৰা একেবাৰে পৰিত্ৰাণ পাবলৈ নিতৌ পুষ্টিকৰ আহাৰ, ফল-মূল, পানী, দৈনিক আইৰণ আৰু ফলিক এচিড জাতীয় বৰি (কমেও এবছৰৰ বাবে দৈনিক এটাকৈ) খোৱা অভ্যাস কৰিব লাগে। মুকলি বতাহত কৰা খেল-ধেমালি, স্কিপিং, চাইক্লিং অন্যথা যোগাভ্যাস বা ব্যায়াম কৰিলেও সুফল পোৱা যায়। অৱশ্যে পুষ্পিতা হোৱাৰ পিছত বহু গাভৰুক খুব বেছি দুবছৰমান সময়লৈকে এই যন্ত্ৰণাত ভোগা দেখা যায়। কন্যাৰ বিয়া হৈ সন্তান জন্ম দি মাতৃত্ব অৰ্জন কৰাৰ পিছত এনে বিষ প্ৰায় নাইকিয়া হয়। এইখিনিতে এষাৰ মন কৰিবলগীয়া কথা উল্লেখ কৰাটো উচিত হ’ব যদিহে কোনো গাভৰু বিয়াৰ পিছত আৰু আনকি মাতৃত্ব বহন কৰাৰ পিছতো আকৌ ঋতুশূলত ভুগিবলৈ আৰম্ভ কৰে, তেনেহ’লে ই আৰু প্ৰাথমিক ঋতুশূলৰ ভিতৰত নপৰে। ইয়াক কোনো কাৰণজনিত ঋতুশূল বুলি কোৱা হয়। যাক ছেকেণ্ডাৰী মেনৰ হেজিয়া বুলি কোৱা হয়। এই কাৰণবোৰৰ ভিতৰত সাধাৰণতে জৰায়ুৰ টিউমাৰ, তলপেটৰ ইনফেকচন, এণ্ডমেট্ৰ’ছিছ বা এডোনোমায়’ছিছ নামৰ এক প্ৰকাৰৰ কোষ স্থানান্তৰ বিসংগতিৰ পৰা হ’ব পাৰে। চিকিৎসা বিজ্ঞানৰ বহল সম্প্ৰসাৰণ আৰু উন্নতিৰ বাবে আজিকালি খুবেই প্ৰচলিত ছন’গ্ৰাফী, এম আৰ আই, চি টি স্কেন, লেপাৰ’স্কপী, হিষ্টেৰ’স্কপী আদি যন্ত্ৰ পৰীক্ষাৰ দ্বাৰা অতি সহজে এই ধৰণৰ বিসংগতি ধৰা পেলাব পাৰি। যিবোৰ ছোৱালীয়ে সৰুৰে পৰাই মাক-বায়েকৰ বয়সত আৰম্ভ হোৱা পীড়াজনিত ঋতুশূলত ভুগি সঘনাই বিছনাত পৰি থকা দেখি থাকে, তেনে ছোৱালী গাভৰু বা পুষ্পিতা হোৱাৰ পিছতে প্ৰাথমিক ঋতুশূলত ভোগাৰ ইও এটা পূৰ্বাভাস। যিহেতু ছেকেণ্ডাৰী ডিচমেনৰিয়া অৰ্থাৎ এই দ্বিতীয়বিধ ঋতুশূল কন্যাকালীন বয়স সীমাৰ ভিতৰত নপৰে, সেয়েহে বিস্তৃত আলোচনাৰ পৰা বিৰত থকা হ’ল। প্ৰাথমিক ঋতুশূলৰ বাবে দুটা জানিবলগীয়া কথা হ’ল যে সাধাৰণ খাটি খোৱা পৰিয়ালত ডাঙৰ হোৱা আৰু খেতিপথাৰ, চাহ বাগিচাত কাম কৰি যুৱতীক এই পীড়াত ভোগা দেখা নাযায়। বৰঞ্চ চহকী অভিজাত পৰিয়ালৰ যুৱতীসকলেহে প্ৰাথমিক ঋতুশূলত ভোগা দেখা যায়। কাৰণটো মানসিকজনিত অৰ্থাৎ Psycological। ঋতুকালীন স্বাস্থ্য সুৰক্ষাৰ অলপ কথা এগৰাকী মহিলাৰ বাবে এই সময়ছোৱাত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন সৰ্বাধিক বজাৰত কিনিবলৈ পোৱা বিশুদ্ধ পেড ব্যৱহাৰ কৰাটোৱেই বিধেয়। অন্তত: প্ৰথম দুদিন চাৰিদিনৰ মূৰে মূৰে এই পেড সলোৱা উচিত। সেয়েহে প্ৰতিমাহত ঋতুস্ৰাৱৰ সময় আহিলেই মহিলাই হাততে পোৱাকৈ কিছু পেড মজবুত কৰি ৰখা দৰকাৰ। এই সময়ছোৱাত যথেষ্ট পৰিমাণৰ পানী আৰু সুষম আহাৰ খাব লাগে। উপযুক্ত সময়ৰ বাবে বিশ্ৰাম আৰু কচৰৎ কৰা বাঞ্ছনীয়। কোষ্ঠকাঠিন্যই যাতে গা কৰি উঠিব নোৱাৰে তালৈ লক্ষ্য কৰি এইকেইদিন অধিক তেল-মচলাযুক্ত আহাৰ কৰিব নালাগে; বৰঞ্চ অধিক ফল-মূল আৰু শাক-পাচলিহে খাব লাগে। প্ৰথম দিনা কিছু শাৰিৰীক দুৰ্বলতা, সামান্য ওজন বৃদ্ধি, দেহৰ তাপ মাত্ৰাও সামান্য বৃদ্ধি ঘটিব পাৰে। এনে ধৰণৰ উপসৰ্গবোৰক ঋতুপৰ্ব উপসৰ্গ বা Premenstrual tension বুলি কোৱা হয়। ভয়ৰ কোনো কাৰণ নাই কিয়নো ২৪ ঘন্টাৰ পিছত এই উপসৰ্গবোৰ নোহোৱা হয়। এই তিনিটামান দিন দেহাত ভাগৰ লাগি যোৱাকৈ কৰা পৰিশ্ৰম আৰু দূৰণিবটীয়া বাটৰ ভ্ৰমণ এৰাই চলিব লাগে। ৰাজহুৱা আৰু সামাজিক অনুষ্ঠান এৰাই চলাব ইও এক মূখ্য কাৰণ হ’ব পাৰে। লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।