চমু বিৱৰণ বিশ্ব স্বাস্থ্য সংস্থাই বয়ঃসন্ধি বা ঋতুমতী হোৱা সময়ছোৱাক বয়স আৰু জীৱনৰ সেই সময়ছোৱাত হোৱা বৈশিষ্ট্যৰ ভিত্তিত বাখ্যা কৰা এই বৈশিষ্ট্যবোৰ হ’ল: দ্ৰুত শাৰিৰীক বৃদ্ধি আৰু বিকাশ শাৰিৰীক, মানসিক আৰু সামাজিক পৰিপক্কতা, কিন্তু সকলোবোৰ একে সময়ত নহয়। যৌন পৰিপক্কতা আৰু যৌন বিষয়ক কাৰ্য্যকলাপ এই সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা পূৰ্ণবয়স্ক লোকৰ মানসিকতা আৰু পূৰ্ণবয়স্ক সুলভ ব্যক্তিত্বৰ বিকাশ সামাজিক অৰ্থনৈতিক নিৰ্ভৰতাৰ পৰা আপেক্ষিক স্ব-নিৰ্ভৰতালৈ ৰূপান্তৰ এক বিশাল ৰূপান্তৰৰ সন্মুখীন ঋতুমতীৰ বয়স সাধাৰণতে ১০ ৰ পৰা ১৬ বছৰৰ ভিতৰত। শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ হোৱাৰ এয়া এটা ক্ৰম পদ্ধতি। প্ৰতিগৰাকী ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন সময়ত এই পৰিবৰ্তন আৰম্ভ হয়। এই পৰিৱৰ্তনবোৰৰ ভিতৰত কেইটামান পৰিৱৰ্তন হ’ল; শাৰিৰীক মানসিক, ব্যৱহাৰ আৰু জীৱন-যাত্ৰাৰ পৰিৱৰ্তন। এই সময়ছোৱাত হোৱা পৰিৱৰ্তন হাত, ভৰি, তঁপিনা, বুকু, ডাঙৰ হোৱা। শৰীৰৰ ভিতৰত বিশেষ কিছু হৰমন নিৰ্গত হয়, যিবোৰে শৰীৰটো কেনেদৰে সলনি হব আৰু বাঢ়িব লাগে তাক ঠিক কৰি দিয়ে। শৰীৰৰ গুপ্ত স্থানবোৰ আকাৰ বৃদ্ধি পায় আৰু সেইবোৰৰে তৰল পদাৰ্থ নিঃসৰিত হয়। ছালবোৰ তেলেতীয়া হৈ পৰিব পাৰে। কাঁষলতি, আৰু হাত-ভৰিত নোম গজিব পাৰে। শৰীৰৰ সাধাৰণ যত্ন এই সময়ছোৱাত শৰীৰৰ যত্ন ল’বলৈ কিছুমান সাধাৰণ আৰু সহজ অভ্যাসৰ প্ৰয়োজন: এই সময়ছোৱাত গাৰপৰা বেছিকৈ ঘাঁম ওলায়। নিয়মিত স্নান কৰিলে গাটো সতেজ হয় আৰু ঘাঁমৰ দূৰ্গন্ধ দূৰ হয়। মুখৰ দূৰ্গন্ধ আঁতৰ কৰা আৰু দাঁত ক্ষয় হোৱাৰপৰা ৰক্ষা পাবলৈ দিনত দুবাৰকৈ দাঁত মাজিব লাগে। মুখৰ ছালখন সদাই পৰিষ্কাৰকৈ ৰখাৰ প্ৰয়োজন। এই সময়ত তেল গ্ৰন্থিসমূহে চেবাম নামৰ এবিধ তৈল পদাৰ্থ বেছিকৈ নিঃসৰণ কৰে। ই গালত, মুখত শালমনৰ সৃষ্টি কৰে। বয়ঃসন্ধিৰ সময়ত শালমন হোৱাটো স্বাভাৱিক কথা। ইয়াক একেবাৰে নিৰ্মূল কৰাটো সম্ভৱ নহয়। এই সময়ত পুষ্টিকৰ আহাৰ খোৱাটো অতি প্ৰয়োজনীয়। বেছিকৈ মিঠা আৰু ভজা বস্তু খাব নালাগে। যোগাত্মক আৰু আত্মবিশ্বাসী হৈ চিন্তা কৰিব লাগে। কাৰণ সু-স্বাস্থ্যৰ বাবে এটা সুস্থ মনৰ প্ৰয়োজন। মাক-দেউতাকৰ লগত সু-সম্পৰ্ক ৰখা বয়ঃসন্ধিৰ সময়ছোৱাত বহুতৰে মাক-দেউতাকৰ লগত সু-সম্পৰ্ক ৰখাটোত সমস্যা হোৱা দেখা যায়। সেয়েহে তলত উল্লেখ কৰা কথাবোৰ মনত ৰখা ভাল: পৰিয়াল কি সেই সম্পৰ্কে গুৰুত্ব সহকাৰে চিন্তা কৰা। মাক-দেউতাকৰ বিশ্বাস আৰু মূল্যবোধক গুৰুত্ব দিয়া৷ সন্তানৰ ভাল হোৱাটো কেৱল মাক-দেউতাকেই বেছি গুৰুত্ব দিয়ে- এই কথা উপলব্ধি কৰা। সততা আৰু সঁচা কথাৰে মাক-দেউতাকৰ লগত খোলা মনে সকলো কথা পতা। মাক-দেউতাকক শ্ৰদ্ধা কৰা আৰু যত্ন লোৱা উৎস: আইএনডিজি দল।