বেজীৰ দ্বাৰা এতিয়া চাৰ্ভিকেল কৰ্কট প্ৰতিৰোধ কৰিব পাৰি। চাৰ্ভিকেল কৰ্কট এবিধ মাৰাত্মক ৰোগ এতিয়ালৈকে চাৰ্ভিকেল কৰ্কটত মৃত্যু হোৱা মহিলাৰ সংখ্যা সকলোতকৈ বেছি। স্তন কৰ্কটতকৈয়ো বেছি। চাৰ্ভিকেল কৰ্কটৰ কি? চাৰ্ভিকেল কৰ্কট হৈছে চাৰ্ভিক্সত হোৱা কৰ্কট। জৰায়ুৰ মুখত থকা এটা অংশক চাৰ্ভিক্স বোলা হয়। চাৰ্ভিক্সৰ কাম হ’ল যিকোনো সংক্ৰমন জৰায়ুৰ ভিতৰলৈ সোমোৱাত বাধা দিয়া। চাৰ্ভিকেল কৰ্কট কেনেকৈ হয়? এই কৰ্কট বংশগত নহয়। হিউমেন পাপিল’মা নামৰ এবিধ ভাইৰাছৰ দ্বাৰা এই ৰোগ চাৰ্ভিক্সত সংক্ৰমন হয়। যৌনাংগৰ সংস্পৰ্শৰ দ্বাৰা এই ভাইৰাছ সংক্ৰমিত হয়। এতিয়া বেজীৰ দ্বাৰা এই ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা যায়। কাৰ এনে কৰ্কট হোৱাৰ সম্ভৱনা অধিক? কম বয়সীয়া মহিলাসকলৰ এই ভাইৰাছ সংক্ৰমন হোৱাৰ সম্ভৱনা বেছি; যি পিছলৈ চাৰ্ভিকেল কৰ্কট হয়। তথাপিও প্ৰত্যেক মহিলাৰ চাৰ্ভিকেল কৰ্কট হ’ব পাৰে। সেয়েহে সকলো ছোৱালীয়েই চাৰ্ভিকেল কৰ্কটৰ প্ৰতিষেধক বেজী লোৱা অতি আৱশ্যক। চাৰ্ভিকেল কৰ্কট হোৱা বুলি কেনেকৈ গম পোৱা যাব? এই কৰ্কট নাবাঢ়িলে সাধাৰণতে ইয়াৰ কোনো লক্ষণেই দেখা নিদিয়ে। পেপ স্মিয়াৰ নামৰ পৰীক্ষাৰ দ্বাৰাহে প্ৰাথমিক অৱস্থাত থকা চাৰ্ভিকেল কৰ্কট গম পোৱা যায়। মনত ৰখা দৰকাৰ যে, এই পৰীক্ষাৰ দ্বাৰা চাৰ্ভিকেল কৰ্কট হৈছে নে নাই তাক নিৰ্ণয়হে কৰিব পৰা যায়- সংক্ৰমন প্ৰতিৰোধ কৰিব পৰা নাযায়। ভাল খবৰ! এতিয়া চাৰ্ভিকেল কৰ্কট প্ৰতিৰোধ কৰিব পৰা যায়। বেজীৰ দ্বাৰা এতিয়া চাৰ্ভিকেল কৰ্কট হোৱাৰ আগতেই প্ৰতিৰোধ কৰিব পাৰি। এই প্ৰতিৰোধক বেজীয়ে ভাইৰাছটোৰ বিৰুদ্ধে দেহত এণ্টিবডিৰ সৃষ্টি কৰে। এই এণ্টিবডিয়ে ভাইৰাছটোক দেহত সংক্ৰমন হোৱাত বাধা দিয়ে। ভাইৰাছটোৱে যেতিয়া চাৰ্ভিক্সত আক্ৰমণ কৰে। তেতিয়া এই এন্টিবডিয়ে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰে। চাৰ্ভিক্সত ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি কৰ্কট হোৱাত বাধা দিয়ে। কোনে এই প্ৰতিষেধক বেজী লোৱা উচিত? ছোৱালী এগৰাকী ঋতুমতী হোৱাৰ যিমান সোনকালে পাৰি সিমান সোনকালে এই প্ৰতিৰোধক বেজী লোৱা উচিত। কাৰণ এই সময়ত বেজীৰ প্ৰতিৰোধক প্ৰক্ৰিয়াটোৱে ভালদৰে কাম কৰিব পাৰে তথাপিও যিহেতু সকলো মহিলাৰে এই কৰ্কট হোৱাৰ সম্ভৱনা থাকে-গতিকে চিকিৎসকৰ লগত পৰামৰ্শ কৰি বেজীটো লোৱা উচিত। বেজীটো কেনেকৈ দিয়া হয়? নিৰাপদ নে? ছমাহৰ ভিতৰত তিনিটা ড’জত বেজী দিয়া হয়। এইটো নিৰাপদ আৰু সহজ কৰিব পৰা আন বেজীৰ দৰে অলপ প্ৰতিক্ৰিয়া হয়। অলপ জ্বৰ আৰু বেজী দিয়া ঠাই ফুলি উঠিব পাৰে। উৎস: আইএনডিজি দল।