এগৰাকী নাবালিকা যৌৱনৰ দুৱাৰডলিত উপনীত হোৱাৰ লগে লগেই কিছুমান শাৰীৰিক পৰিৱৰ্তন হ’বলৈ ধৰে। এই সময়ত স্ত্ৰী-হ’ৰমন এষ্ট্ৰোজেনৰ প্ৰভাৱৰ হেতু স্ত্ৰীৰ কামাংগ আৰু যৌনাংগ বিকাশ হ’বলৈ ধৰে। সেয়েহে যৌৱনপ্ৰাপ্ত স্ত্ৰীৰ যৌনাংগৰ পৰা স্বাভাৱিকতে নিৰ্গত হয় বগা বৰণীয়া ৰস। এগৰাকী স্বাস্থ্যৱতী নাৰীৰ প্ৰতিমাহে মাহেকীয়া হোৱাৰ দৰেই ভগোস্থ, ভগাংকুৰ , ৰতিগ্ৰন্থি যোনী, জৰায়ুগ্ৰীবাৰ পৰা স্বাভাৱিক শৰীৰ ক্ৰিয়াৰ বাবে বগা স্ৰাৱ ওলায়। যৌৱন কালত হ’ৰমনৰ প্ৰভাৱৰ কাৰণে যুৱতীৰ যোনীৰ পৰা বগা বৰণৰ স্ৰাৱ ওলোৱাটো বেমাৰ নহয়। কিন্তু অজ্ঞতাবশত: এই স্বাভাৱিক শাৰীৰিক ক্ৰিয়াৰ কাৰণে বগা বৰণীয়া স্ত্ৰী-হ’ৰমন বা স্ত্ৰীৰ যৌনগ্ৰন্থিৰ পৰা ওলোৱা গ্ৰন্থিৰস এক ডাঙৰ যৌনৰোগ বুলি ভাবি মানসিকভাৱে হতাশাত ভোগে। যৌন উত্তেজনাৰ বাবে ৰতিগ্ৰন্থিৰ পৰা () বগা বৰণৰ ৰতিস্ৰাৱ ওলায় আৰু যৌনাংগ পিছল কৰে। গৰ্ভৱতীৰ প্ৰথম অৱস্থাত আৰু ডিম্ব উবৰিকৰণৰ সময়ত স্ত্ৰীৰ যৌনাংগৰ পৰা স্বাভাৱিকতে বগা স্ৰাৱ ওলায়। সন্তান জন্মৰ পিছত যোনি ক্ষতৰ কাৰণে বগা বৰণৰ স্ৰাৱ ওলায়। মাকৰ পৰা পোৱা এষ্ট্ৰোজেন হ’ৰমনৰ বাবে নৱজাত কন্যা সন্তানৰ কেতিয়াবা এসপ্তাহলৈকে বগা স্ৰাৱ ওলায়। স্বাভাৱিক কাৰণত ওলোৱা বগা স্ৰাৱ ডাঠ, সামান্য হালধীয়া, যৌনাংগ নখজুৱায়, পেট আৰু কঁকালৰ বিষ নহয়, সংক্ৰমণ আৰু স্বাস্থ্যৰ অৱনতি নহয়। কিন্তু বগা স্ৰাব বেছি ওলালে মানসিক অশান্তি আৰু অস্বাভাৱিকতা অনুভৱ হয়। ৰোগ সম্বন্ধীয় কাৰণ - বগা স্ৰাৱ ৰোগৰ কাৰণবোৰ হৈছে ট্ৰাইকমনাছ আৰু মনিলিয়েল বীজাণু সংক্ৰমণ। তদুপৰি, যৌন ক্ৰিয়াৰ দ্বাৰা হোৱা গন’ৰিয়া, ছিফিলিছ ৰোগৰ বীজাণুৰ স্ংক্ৰমণৰ কাৰণেও এই ৰোগ হয়। যৌনাংগ অপৰিষ্কাৰকৈ ৰখা, যৌনাংগৰ ভিতৰত বিজাতীয় পদাৰ্থ সোমাই ক্ষতি কৰা, জৰায়ু বিচ্যুতি, ৰিং পেচাৰী ব্যৱহাৰ, ডেকুবিটাছ আলচাৰ, বৃহৎ অন্ত্ৰত শোথ, পুৰণি গ্ৰহণী ৰোগ, আত্মৰতি, সঘনাই গৰ্ভপাত কৰা, জৰায়ুগ্ৰীবা ক্ষয়, শ্ৰোণীগহ্বৰত শোথ, জৰায়ুত অৰ্বুদ আৰু চিষ্ট, পুৰণি জৰায়ু আৰু যোনীৰোগ, ৰতিগ্ৰন্থি ৰোগৰ কাৰণে ট্ৰাইকমনাছ আৰু মনিলিয়েল বীজাণু সংক্ৰমণিত হৈ শ্বেতপ্ৰদৰ ৰোগ উৎপত্তি কৰে। পুষ্টিহীনতা, স্বাস্থ্যহীনতা, ৰক্তহীনতা, অন্ত:স্ৰাবী গ্ৰন্থিৰ কাৰ্য হ্ৰাস, মানসিক চিন্তা, বৈবাহিক অমিলতা আদি কাৰণত বগা স্ৰাৱ বা শ্বেতসাৰ হয়। ৰোগৰ লক্ষণ - শ্বেতপ্ৰদৰ ৰোগত পানীৰ দৰে পাতল বগা স্ৰাৱ ওলালে মহিলা সন্তানহীন হয়। স্বাস্থ্যৰ অৱনতিৰ বাবে বিজলুৱা বগা স্ৰাৱ বেছিকৈ ওলায়। বীজাণু সংক্ৰমণৰ কাৰণে বিজলুৱা পুজবিশিষ্ট বগা-ৰংচুৱা স্ৰাৱ ওলায়। শ্বেতপ্ৰদৰ ৰোগৰ বাবে যোনী গোন্ধায়, শুকায়, খজুৱতি হয়, ৰঙা পৰে, বিষায়, পোৰণি উঠে , কেতিয়াবা আকৌ তেজমিহলি বগা স্ৰাৱ ওলায়। তলপেট, কলাফুল, উৰু আৰু কঁকাল বিষায়। শৰীৰ দুৰ্বল আৰু অৱশ হয়, চকুৰ তলত ক’লা পৰে, মানসিক চাপ, উত্তেজনা, অৰুচি, মুৰঘুৰণি , কোষ্ঠ-কাঠিন্য আৰু অহৰহ শৰীৰত ঠাণ্ডা অনুভৱ হয়। মন কৰিবলগীয়া যে বগা স্ৰাৱ ৰোগত আক্ৰান্ত হ’লে এগৰাকী যুৱতী বা মহিলা মানসিকভাৱে ভাগি পৰে আৰু এই ৰোগ সহজে ভাল নহ’ব আৰু ভৱিষ্যতে মাতৃ হোৱাৰ পৰা বঞ্চিত হ’ব। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসা কৰিলে বগা স্ৰাৱ ৰোগ সহজেই ভাল হয়। আহাৰ-বিহাৰ - দিনত কেইবাবাৰো পৰিষ্কাৰ পানীৰে গা ধুব লাগে। গা ধোৱাৰ সময়ত যৌনাংগ ডেটল পানীৰে ভালদৰে ধুব লাগে। কঠিন কাম আৰু যৌন সংগমৰ পৰা বিৰত থাকিব লাগে। মুকলি পৰিৱেশত প্ৰাত:ভ্ৰমণ কৰিব। বেছি ভজা-পোৰা আৰু মচলাযুক্ত আহাৰ নাখাব। পুষ্টিকৰ আহাৰ খোৱা ভাল। তামোল-পাণ এই ৰোগৰ বাবে উপকাৰী। চিকিৎসা বিধান - LUKOL TAB বা FEMIPLEX TAB দুটাকৈ দিনে তিনিবাৰ খাব । ASHOKARISTA চাৰি চামুচকৈ দিনে তিনিবাৰ খাব। আয়ুৰ্বেদিক পেটেণ্ট ঔষধ Gynocure, M2Tone, Elevare, Amicordial,Ashok Cordial এই ৰোগত খাব পাৰি। CHANDRA PRABHA VATI দুটাকৈ দিনে তিনিবাৰ খাব। VANGESWAR RAS এটাকৈ দিনে তিনিবাৰ খাব। ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰু আহাৰ খোৱাৰ পিছত কমেও দুমাহ খাব। লেখক: ডা: মনোজ কুমাৰ শইকীয়া (দেওবৰীয়া সুকন্যা)