আদহীয়া বা মাজবয়সীয়া মহিলাই যদিহে ঋতুৰ সময়ত খামুচীয়া বা উৎকট তলপেটৰ বিষত ভোগে তাকেই দ্বিতীয় শ্ৰেণীৰ ঋতুশূল (ছেকেণ্ডাৰী ডিছমেন’ৰিয়া বা কনজেছটিভ ডিছমেন’ৰিয়া) বুলি অভিহিত কৰা হৈছে। আদহীয়া বুলিলে সাধাৰণতে ৩৫ বছৰ বা তাৰ ওপৰৰ মহিলাসকলক ধৰা হৈছে। এই শ্ৰেণীৰ ঋতুশূলৰ লগত কিবা নহয়; কিবা এটা জড়িত হৈ থাকে বাবেই ইয়াক হেতু জড়িত ঋতুশূল বুলিও উল্লেখ কৰা হয়। অথচ প্ৰাথমিক ঋতুশূল হোৱাৰ ক্ষেত্ৰত কোনো হেতু বা কাৰণ বিচাৰি পোৱা নাযায়। আকৌ প্ৰাথমিক ঋতুশূলৰ পীড়া বেছি দিনলৈ নেথাকে। সাধাৰণতে বিয়াৰ পিছত আপোনা-আপুনি নোহোৱা হৈ যায়। শুলগ্ৰস্ত সময়ত এদিন বা দুদিনৰ জিৰণি, দুই-চাৰিটামান বেদনানাশক পিল খালেই বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। প্ৰতিৰোধৰ বাবে নিতৌ কচৰৎ কৰিব লাগে যেনে স্কিপিং বা চাইক্লিং কৰা বা সাতোঁৰা ইত্যাদি আৰু সুষম আহাৰ গ্ৰহণ কৰাৰ খুবেই প্ৰয়োজন। কন্যাকালীন প্ৰাথমিক ঋতুশূলৰ ৰোগীয়ে ছমাহ-বছৰ দিনলৈ নিতৌ এটাকৈ আইৰণৰ বড়ি সেৱন কৰা উচিত আৰু দিনটোত আঠ দহ গিলাচ পানী খোৱাৰ অভ্যাস কৰিব লাগে। আদহীয়া মহিলাই ভোগ কৰা ঋতুশূলবিধৰ কথা সুকীয়া; যিহেতু এইবিধ ঋতুশূলৰ এটা হেতু বা কাৰণ থাকে। সেইবাবেই ঋতুশূলৰ কাৰণটো নিৰ্ণয় কৰি তাক গুচাই নিদিয়া পৰ্য্যন্ত ৰোগীৰ শূল বা পীড়াৰ উপশম নঘটে। কাৰণসমূহ জৰায়ুক অনিষ্ট নকৰা টিউমাৰ (বিনাইন টিউমাৰ) শ্ৰোণী গহ্বৰ বা পেলভিচৰ ভিতৰত থকা জননেন্দ্ৰিয়ৰ যিকোনো অংগসমূহত হ’ব পৰা প্ৰদাহ বা ইনফেকচন; যেনে ক্ৰণিক চেলপিনজায়টিছ ইত্যাদি। ডিম্বনলীৰ পুৰণি প্ৰদাহ বা আঠাযুক্ত প্ৰদাহ (পেলভিক টিছু এডহেচন বা ইনফ্লেমেচন)। জৰায়ু মুখ বা (ছাৰ্ভিক্সস্ৰ সংকোচন বা অতীব ঠেক পথ। কাচিৎহে জননেন্দ্ৰিয়ৰ সোঁফালে থকা অংগ যেনে- এপেণ্ডিক্সৰ পুৰণি প্ৰদাহ বা ক্ৰণিক এপেণ্ডিছাইটিছৰ বাবেও এই প্ৰকাৰ ঋতুশুল হ’ব পাৰে। ৰোগৰ লক্ষণ মাহেকীয়া ঋতু আৰম্ভ হোৱাৰ দুই-তিনিদিন মান আগৰেপৰাই তল পেটৰ বিষ আৰম্ভ হয়। কঁকালৰ বিষ হ’বই। কোষ্ঠকাঠিন্যৰ লগতে প্ৰস্ৰাৱতো জ্বলা-পোৰা আৰম্ভ হয়, খাবলৈ মন নোযোৱা হয়, প্ৰচণ্ড অলস ভাব আৰু জ্বৰ জ্বৰ ভাব আৰু অনবৰতে বমি ভাৱ হ’ব পাৰে। বিষ উৎকট হ’লে বমিও হ’ব পাৰে। মাহেকীয়া আৰম্ভ হোৱাৰ লগে লগে বিষৰ মাত্ৰা বাঢ়ে ক্ৰণিক চেলপিনজাইটিছৰ বাবে ঋতুশুলে গোটেই তলপেটটোৰ সৰ্বত্ৰে চেপি ধৰে আৰু কলাফুলৰ মাংসপেশী পৰ্যন্ত ক্ৰেম্প বা খামুচীয়া বিষ সঞ্চাৰিত হৈ পৰে। এইবিধ বিষক ইংৰাজীতে Diffuse abdominal pain বোলা হয়। এই প্ৰকাৰৰ ঋতুশুল কেতিয়াবা চূড়ান্ত পৰ্য্যায় পায়গৈ। লগে লগে ৰোগীৰ ধমনীত গতি দ্ৰুততৰ হৈ ৰক্তচাপ কমি আহে, কপালত শীতল ঘাম বিৰিঙে আৰু ৰোগীগৰাকী হঠাতে অজ্ঞান হৈ পৰে, ইয়াক Shock বোলা হয়। ৰোগ নিৰ্ণয় ৰোগৰ বুৰঞ্জী লোৱাৰ সময়ত দুটামান কথা সোধাৰে প্ৰয়োজন আছে। যেনে- (ক) আগতে কেতিয়াবা D & C অপাৰেচন, কটাৰী অপাৰেচন বা জৰায়ুমুখৰ বাইপসীৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল নেকি? (ঋতুস্ৰাৱৰ পথ বা জৰায়ুমুখৰ পথ সাধাৰণে এনে ধৰণৰ অস্ত্ৰোপচাৰৰ পিছত ঠেক হৈ যাব পাৰে)। বিয়া হোৱাৰ পিছত আশা কৰা সময়ৰ ভিতৰত গৰ্ভধাৰণ হৈছিল নে নাই? নে হোৱাই নাছিল ইত্যাদি। এই প্ৰকাৰ ঋতুশুল প্ৰথম দুই-তিনি বছৰ ধৰি অতি মাত্ৰাত হোৱা দেখা নাযায়। ইয়াতে আকৌ ৪০-৫০ ভাগ ৰোগীয়ে বিষ নিৰাময় কৰা দৰৱ আৰু হৰম’ন আদি দৰবৰে উপযুক্তভাৱে বিশেষজ্ঞৰ পৰা চিকিৎসা গ্ৰহণ কৰিলে বিষ একেবাৰে উপশম হ’ব পাৰে আৰু যাৰ ক্ষেত্ৰত বন্ধ্যাত্ব বা Sterility ৰ সমস্যা থাকে তেনে ৰোগীৰ এনেবোৰ সমস্যা সমাপ্ত হৈ গৰ্ভধাৰণো হ’ব পাৰে। লেবৰেটৰী পৰীক্ষাৰ ভিতৰত প্ৰয়োজনীয়ভাৱে তেজৰ সকলো পৰীক্ষা কৰোৱা দৰকাৰ। বিশেষ পৰীক্ষাবোৰৰ ভিতৰত তলপেটত ছোন’গ্ৰাফী বা USG স্কেন পৰীক্ষা, লেপাৰ’স্কপী আৰু হিষ্টেৰ’স্কপী পৰীক্ষাই প্ৰধান। আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হ’ব লেপাৰস্ক’পী; যাৰ দ্বাৰা বেছিখিনি কাৰণেই যেনে পেলভিক এণ্ড মেট্ৰ’ছিছ, জৰায়ুৰ ফাইব্ৰেইদ ক্ৰণিক চেলপিনজাইটিছ আৰু অভেৰী বা ডিম্বকোষৰ ‘চকলেট চিষ্ট’ আদি জটিল জননেন্দ্ৰিয়ৰ পীড়াসমূহ এই ধৰণৰ পৰীক্ষাৰ দ্বাৰা সাউৎকৈ আৰু প্ৰত্যক্ষভাৱে ধৰা পৰি যায়। চিকিৎসা বিষ বেদনা উপশমৰ বাবে বিশেষজ্ঞৰ চিকিৎসকৰ পৰামৰ্শ মতে পীড়ানাশক সেৱন কৰিব। সাময়িকভাৱে তাৎক্ষণিক আৰু লক্ষণীয় উপশমৰ বাবে গৰম সেক লোৱাৰ প্ৰয়োজন। উৎকৃষ্ট উপশমৰ বাবে আজিকালি উন্নতমানৰ আলট্ৰচোনিক সেক নতুবা একিউপাংচাৰ বিশেষজ্ঞৰ দিহামতে বেদনা উপশম ঘটাব পাৰি। ৰোগৰ স্থায়ী উপশমৰ বাবে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা হৰম’ন চিকিৎসাৰে ফল পাব পাৰে। বিশেষকৈ জৰায়ু বা জৰায়ুৰ আশে পাশে যদি এণ্ডমেট্ৰয়’ছিছ থকা বুলি ধৰা পৰে তেনেহ’লে প্ৰথম অৱস্থাত অভিজ্ঞ চিকিৎসকে ইয়াৰ বাবে উপযুক্ত হ’ব তাক আপোনাৰ অভিজ্ঞ স্ত্ৰীৰোগ চিকিৎসকজনেহে নিৰ্দ্ধাৰণ কৰি দিব। এই ধৰণৰ হৰম’ন চিকিৎসাত যদিহে ৰোগী উপযুক্তভাৱে উপকৃত নহয় বা মাহেকীয়া ঋতুৰ সময়ত শুল বা পীড়াই সঘনাই কষ্ট দি থাকে তেনেহ’লে অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰোৱা উচিত হ’ব। সাধাৰণতে ইয়াৰ বাবে নিৰ্ধাৰিত কৰা অস্ত্ৰোপচাৰ বেলেগ বেলেগ হ’ব পাৰে। ফাইব্ৰয়েড টিউমাৰ ক্ষেত্ৰত স্থান আৰু আকৃতিৰ ওপৰত বিবেচনা কৰি অস্ত্ৰোপচাৰ নিৰ্দিষ্ট কৰা হয়। টিউমাৰ গুচাই পেলোৱা বা ডিম্বনলী, ডিম্বকোষ, সম্বলিত গোটেই জৰায়ুটোক গুচাই পেলাবলগীয়াও হ’ব পাৰে। অন্যান্য চিকিৎসাৰ ভিতৰত অস্ত্ৰোপচাৰৰ মাধ্যমেৰে জৰায়ুৰ মুখ বা চাৰভাইকেল কেনেল প্ৰসাৰিত কৰোৱা। জৰায়ুক সৰবৰাহ কৰা নাৰ্ভসমূহৰ বিচ্ছিন্নকৰণ কৰা (প্ৰি-চক্ৰেল নিউৰেক্টমি) ইত্যাদি। অৱশেষত মন্তব্য কৰিব পৰা যায় যে মহিলাই এণ্ডমেট্ৰয়ছিছৰ বাবে ভোগ কৰা উৎকট ঋতুশুল নিৰাময় কৰিবৰ বাবে পূৰ্ণ জৰায়ু ছেদন বা টোটেল এবড’মিনেল হিষ্টেৰেক্টমী’ নামৰ শল্য চিকিৎসাবিধেই হ’ল উপযুক্ত চিকিৎসা লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।