ছোৱালী সাধাৰণতে ১৩/১৪ বছৰ বয়সত কন্যাকাল প্ৰাপ্ত হয়। এই সময়ছোৱাৰ ভিতৰত যদি ছোৱালী ঋতুৱতী নহয় তেতিয়াহ’লে মাকৰ চিন্তা হোৱাই স্বাভাৱিক। এনে ক্ষেত্ৰত পলম নকৰি কোনো ব্যৱস্থা গ্ৰহণ কৰাই উচিত হ’ব। সাধাৰণতে ৰক্তাপ্লতা, কোনো গম্ভীৰ শাৰিৰীক অসুস্থতা, যৌনাংগৰ অস্বাভাৱিকতা, জৰায়ু নাথাকিলে অথবা কুমাৰী অৱস্থাত থকা সতীচ্ছেদ বেছি ডাঠ হ’লেও ঋতু নহ’ব পাৰে। শেষৰ ক্ষেত্ৰত সৰু অপাৰেশ্যন এটাৰ প্ৰয়োজন হয়। ঋতু নহ’লে সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকে। সেয়ে ওচৰতে অভিজ্ঞ চিকিৎসক নাথাকিলে কিছুদিনলৈ কোনো পাৰ্শ্বক্ৰিয়া নথকা বনদৰব ব্যৱহাৰ কৰি চাব পাৰে। দুবৰি বনৰ ৰস ১০০ গ্ৰাম মানকৈ দিনে দুবাৰ একেৰাহে ৩ দিন খাবলৈ দিয়ক। তাৰ পিছত ১০ দিন অপেক্ষা কৰি চাওকচোন। ৰঙা জবা ফুল ১০ পাহমান পিহি ৰসখিনি খুৱাই চাওকচোন। কন্যাকাল প্ৰাপ্ত নহ’লে ৰোগীৰ বাবে পথ্য হৈছে দোৰোণ শাক, খুতুৰা শাক, মানিমুনি, মহানিমৰ পাত। অপথ্য হৈছে মাটিমাহ, বৰা চাউল, আনাৰস আদি। উৎস: নন্দিনী।