মহিলাৰ গা চলিলে বা গৰ্ভপাত হোৱাৰ পাছত ৰক্তস্ৰাৱ বন্ধ নহলে ওভোটা বনৰ শিপাৰ মাংস,দুৱৰি বনৰ আগ জালুকৰ সৈতে বটি লেটা গুটীৰ সমানকৈ বড়ি কৰি ২৫ গ্ৰামমান ফুলি চুলাইৰ লগত এটাকৈ বড়ি মিহলাই দিনে তিনিবাৰ খাব লাগে। বাহিৰা হাৱা লাগি বা ভয় খোৱাৰ পাছত বেছিকৈ গা-চলিলে ওভোটা বনৰ শিপাৰ মাংস,মাটিকঠলুৱা শিপাৰ মাংস জালুকৰ সৈতে বটি দিনে ২/৩ পালি খাব লাগে। ৱোবাল গছৰ চাল জালুকৰ সৈতে পানীত সিজাই দিনে ২/৩ বাৰকৈ ৰস খাব লাগে। কলা স্ৰাৱ বা গোটাকৈ কলা স্ৰাৱ গলে ওভোটা বনৰ শিপাৰ মাংস,কেঁহেৰাজ বন,কলা তুলসীৰ আগ,কণাশিমলা বনৰ আগ,ববচা শিপা জালুকৰ সৈতে বটি ৰস খাব লাগে। অশোক গছৰ চাল জালুকৰ সৈতে পানীত সিজাই ৰস খাব লাগে। কেচাঁ হালধিৰ ৰস,জেতুকাৰ ৰস,কলা তুলসীৰ ৰস জালুকৰ সৈতে খাব লাগে। এগেৰুৱা গছৰ পাত আৰু শিপা ধপাততিতা গছৰ কোহঁ তিনিটা জালুকৰ সৈতে বটি ৰস খাব লাগে। এগেৰুৱা গছৰ পাত আৰু শিপা ধপাততিতা গছৰ কোহঁ তিনিটা জালুকৰ সৈতে বটি ৰস খাব লাগে। কেহেঁৰাজ বন,কলা তুলসীৰ পাত,ধপাততিতা গছৰ পাত জালুকৰ সৈতে বটি ৰস খালে ৰক্তস্ৰাৱ বন্ধ হয়। /বহঁত গছৰ চাল,ওভোটা বনৰ শিপাৰ চাল৩/৪ বচৰীয়া চুপাৰি তামোলৰ লগত(গুৰি কৰি)জালুক দি পানীত সিজাই ৰস খাৱ লাগে। ত্ংলতি গছৰ আগ,পূৰনা চুপাৰি জালুকৰ সৈতে বড়ি কৰি এবাৰত এটাকৈ দিনে দুটা খাব লাগে। গা-চলা প্ৰ্সূতা হলে শিমলু গছৰ কোমল পাত,ধপাত তিতা গছৰ কোমল পাত,বৰকনা শিমলা এমুঠি জালুকৰ সৈতে বটি ৰস খাব লাগে। হাগনী প্ৰ্সূতাত কঠাঁলৰ কুহিঁপাত ৫ টা বটি খাব লাগে দুই তিনি দিন। মহিলাৰ বিভিন্ন ৰোগৰ বন দৰৱ ধাতুৰোগ:মহিলাৰ ধাতু(বগাস্ৰাৱ)ৰোগ হলে বাত বিষ হৃদৰোগ মূৰৰ বিষ,এলাৰ্জি আদি উপৰ্সগই দেখা দিয়ে।এই ৰোগ বেছি হলে দৃষ্টিশক্তি কমি যোৱা,ঋতু বন্ধ হোৱা আদি অৱস্থা হয়। বন দৰৱ:এসপ্তাহমান ভাতঘিলা গছৰ চালৰ ৰস বা যমলাখুটি গছৰ আলুৰ ৰস খোৱাৰ পাছত আন বন দৰৱ খাৱ লাগে। বৰ কণাশিমলা বন বটি তালমিচিৰৰ সৈতে গৰুৰ গাখীৰৰ লগত এক মাহমান খাব লাগে।(মাহেকীয়া নিয়মীয়া হয়) গছ বনজালুকৰ আগ এমুঠি বটি এমাহ মান খাব লাগে।(পুৰুষৰো ধাতু ৰোগৰ দৰৱ) /শিমলু গছৰ চালৰ ৰস এমাহ মান খাব লাগে। ৰঙা জবাফুল তিনি পাহ বটি ডাব নাৰিকলৰ পানীৰ লগত এমাহমান খাব লাগে।(মাহেকীয়া নিয়মীয়া হয়) /সোন পৰুৱা পৰা লতাৰ আলু সৰু সোন বৰিয়াল গছৰ শিপা,তালমিচিৰৰ সৈতে বটি গৰু গাখীৰৰ লগত খাব লাগে। নিষেধ:কনী,মাংস চেনী আদি। পথ্য: কলমৌ শাক,চেংমৰা শাক,কেহেৰাঁজবনৰ ৰস মগুল দাইলত দি খাব লাগে। সন্তান হোৱাত বিজুতি ঘটিলে: পুৰনা চুৱাকামোৰনি বা ধাতু (বগা স্ৰাৱ)ৰোগ থাকিলে মাটি কঠলুৱা গছৰ শিপাৰ মাংস জালুকৰ লগত বটি খাব লাগে আৰু ধাতু ৰোগত এমাহমান স্বামী-স্ত্ৰী উভয়ে (ধাতু দৰৱ)খাৱ লাগে। সন্তান হোৱাত বিজুতি ঘটিলে মাহেকীয়া স্ৰাৱ হৈ যোৱা পাছত সৰু সোন বৰিয়ালৰ শিপাৰ মাংস নিলাজী বনৰ শিপাৰ মাংস কোৱামনি গছৰ শিপা,মাটি কঠলুৱা গছৰ শিপাৰ মাংস বটি বড়ি কৰি এপালিত এটাকৈ এদিনতে তিনি পালি খাব লাগে। মহিলাৰ গাখীৰ কম ওলালে কনাশিমলা তালমিচিৰৰ সৈতে বটি গৰু গাখীৰৰ লগত খাব লাগে। দুধ গছৰ বা দুধী বনৰ বগা ৰস খাব লাগে। গাখীৰতী বন জালুকৰ সৈতে বটি খাব লাগে। এপেণ্ডিচাইটিছ:শুকলতি গছৰ শিপা এমুঠি,বিহলঙনি গছৰ শিপা এমুঠি একেলগে বটি ৰস উলিয়াই ৭৫০ গ্ৰাম(তিনি পোৱা)পানীত মিহলাই ২৫ গ্ৰামমান বটাঁ জালুক দিব লাগে।দৰৱখিনি বটলত ভৰাই এবাৰত এশ গ্ৰামমানকৈ দিনে দুৱাৰ খাব লাগে(খোৱাৰ আগত বটলত দৰৱ জোকাৰি লব লাগে)ৰোগ বেছি হলে তিনি বটলমান দৰৱ খাব লাগে। বিশ্বেশ্বৰ চুতীয়া