অস্ত্ৰোপচাৰৰদ্বাৰা নাৰী বা পুৰুষৰ সন্তান জন্ম দিয়া ক্ষমতা স্থায়ীভাৱে বন্ধ কৰা ব্যৱস্থাটোক বন্ধ্যাত্বকৰণ(sterilization) বোলা হয়। এই পদ্ধতি অৱলম্বন কৰিলে সন্তান সৃষ্টিৰ পথ চিৰকালৰ বাবে বন্ধ কৰি দিয়া হয়। অৱশ্যে আজিকালি মহিলাৰ ক্ষেত্ৰত ডিম্বনলী বা ফেল’পিয়ান টিউব দুটা বিশেষ আধুনিক কৌশল বা ব্যৱস্থাৰে নকটাকৈ কেৱল বান্ধি পথ অৱৰুদ্ধ কৰাৰ(Tubal Block) ব্যৱস্থাও নথকা নহয়। এনে কৰিলে ভৱিষ্যতে এই কৌশলী অৱৰোধৰ পথ পুনৰ খুলি দি আকৌ গৰ্ভ সঞ্চাৰ হোৱাৰ কিছু পৰিমাণে হ’লেও আশা কৰিব পাৰি। যিসকল মহিলাৰ অন্ততঃ ৩০ বছৰ সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে এটি বা দুটি সন্তানৰ মাতৃত্ব ধাৰণ কৰিছে, আৰু ল’ৰাই হওক বা ছোৱালীয়েই হওক ভৱিষ্যতে সন্তানৰ আশা নকৰে, সেইসকল মহিলাই বিনাদ্বিধাই এই স্থায়ী জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইক্ষেত্ৰত আইনমতেও কোনো বাধা নাই। আজিকালি এই ধৰণৰ বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰৰ বাবে এগৰাকী সাক্ষীৰ(Witness) সহিত মহিলাগৰাকীৰ অনুমতিয়েই যথেষ্ট। বৰঞ্চ যিয়ে এই পদ্ধতি গ্ৰহণ কৰিবলৈ চৰকাৰী চিকিৎসালয়লৈ আহে তেওঁক চৰকাৰৰ ফালৰপৰা কিছু আৰ্থিক সাহায্যও দিয়া হয়। এই অস্ত্ৰোপচাৰৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। চিকিৎসালয়তে এদিন বা দুদিন থাকি তাৰপৰা ছুটী ল’ব পাৰে। আনকি লেপাৰ’স্কপিক বন্ধ্যাকৰণৰ ক্ষেত্ৰত একেদিনাই মহিলাগৰাকী ঘৰলৈ ঘূৰি আহিব পাৰে। অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক কাজ-কৰ্ম কৰাত কোনো বাধা নাই। নৱজাতক থাকিলে কেঁচুৱাক গাখীৰ খুৱাবলৈও কোনো অসুবিধা ভোগ নকৰে। মহিলাগৰাকীয়ে যদি এনে কিছুমান শাৰীৰিক পীড়াত ভুগি আছে যাৰ বাবে অপ্ৰত্যাশিত গৰ্ভই শাৰীৰিক পীড়া বৃদ্ধি কৰিব পাৰে বা কিবা নতুন বিপদ সৃষ্টি হ’ব পাৰে, সেইসকল মহিলাই এইধৰণৰ স্থায়ী জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰে বন্ধ্যাকৰণ কৰি লোৱা উচিত। বন্ধ্যাকৰণ কৰাৰ অস্ত্ৰোপচাৰৰ পদ্ধতিসমূহ: পদ্ধতিসমূহ নিৰ্ভৰ কৰে বন্ধ্যাকৰণৰ উদ্দেশ্যৰ ওপৰত। কেৱল যদি বন্ধ্যাকৰণ কৰাৰ খাতিৰতেই অস্ত্ৰোপচাৰ কৰা হয় তেনেহ’লে ডিম্বনলী দুটাৰ মাজত এডোখৰ পাঁচ ছেঃ মিঃ মান অংশ কাটি উলিয়াই দুয়োটা মূৰ বান্ধি দিয়া হয়। এই পদ্ধতিবিধৰ নাম Pomeroys’ Method of Sterillization বা Ligation(বন্ধ্যাকৰণ) বুলি কোৱা হয়। ডিম্বনলী দুটাৰ নলীপথ ইলেকট্ৰিক কটাৰীৰ সহায়েৰে অৱৰুদ্ধ কৰিব পাৰি। বিভিন্ন যান্ত্ৰিক কৌশলেৰে ডিম্বনলীৰ নলীপথ ক্লিপিং কৰি বন্ধ কৰি দিয়াও হয়। এই অস্ত্ৰোপচাৰৰ পিছত ডিম্বকোষৰপৰা সফুটন ডিম্বাণু কোনোটো ডিম্বনলীৰ পথেৰে সোমাব নোৱাৰে বা জৰায়ু গহ্বৰতো থিতাপি লোৱাৰ পথ বন্ধ হৈ যায়। কেতিয়াবা জৰায়ু বা ডিম্বকোষৰ গাত পুৰণি উপসৰ্গ আদি কিবা থাকিলে [যেনে- ফাইব্ৰয়েড, এণ্ডোমেট্ৰিয়’ছিছ, অভেৰিয়ান টিউমাৰ বা চিষ্ট আদিৰ বাবে হোৱা তীব্ৰ ঋতুশূল বা ঋতুস্ৰাৱ(Dysmenorrhoea, DUB) ইত্যাদি উপসৰ্গৰ কথা কোৱা হৈছে] বন্ধ্যাকৰণৰ পদ্ধতি হিচাপে একে লগতে জৰায়ু কাটি উঠাই পেলোৱা হয়(হিষ্টেৰেক্টমী, অভাৰিয়টমী ইত্যাদি)। অস্ত্ৰোপচাৰৰ পথ: তলপেটত সৰুকৈ কাটি(২.৫ ছেঃমিঃ), যোনিপথ সৰুকৈ কাটি, লেপাৰ’স্কপি যন্ত্ৰৰ মাধ্যমেৰে(Laparoscopic Sterilization) অতি সহজে খুব কম সময়ৰ ভিতৰত তলপেটত ফুটা কৰি তাৰ মাধ্যমেৰে লেপাৰ’স্কপ যন্ত্ৰ সুমুৱাই দি প্ৰত্যক্ষভাৱে পেটৰ ভিতৰলৈ অনুবীক্ষণ কৰি এইবিধ বন্ধ্যাকৰণ কৰা হয়। বন্ধ্যাকৰণৰ বাবে উপযুক্ত সময়সমূহ: সন্তান জন্ম দিয়া মাতৃক প্ৰসৱোত্তৰ ৪৮ ঘন্টাৰ পিছত প্ৰসৱোত্তৰ বন্ধ্যাকৰণ হ’ল উত্তম ব্যৱস্থা। দুটা সন্তানৰ মাজৰ অন্তৰ্বতী কালছোৱাতো এই বন্ধ্যাকৰণ কৰিব পৰা যায়। গৰ্ভপাত আৰু বন্ধ্যাকৰণ একেলগেও কৰাৰ ব্যৱস্থাও আছে। দুমাহ বা তাতোকৈ কম গৰ্ভাৱস্থাৰ ক্ষেত্ৰত তাক আইনসন্মতভাৱে এনাস্থেচিয়াৰ মাধ্যমেৰে ৰোগীক অজ্ঞান কৰি এই দুয়োবিধ অস্ত্ৰোপচাৰ সুকলমে সম্পাদন কৰিব পাৰি। ইয়াত যোনিপথেৰে শোষক যন্ত্ৰৰ সহায়ত(Suction Evacuation Machine) গৰ্ভস্থ ভ্ৰূণ আৰু গৰ্ভফুল শোহন কৰি দি নষ্ট কৰি পেলোৱা হয়। পেটৰ ওপৰেৰে(Perabdomen) মিনি-লেপ কৰি দুয়োটা ডিম্বনলী বন্ধ কৰি দিয়া হয়। (দুমাহতকৈ বেছি অন্ততঃ চাৰি মাহৰ গৰ্ভলৈকে এই অস্ত্ৰোপচাৰত হাত দিব নালাগে)। চাৰি মাহলৈকে অপেক্ষা কৰি কিন্তু পাঁচ মাহলৈকে(১৮ সপ্তাহ পৰ্যন্ত) সাধাৰণ চেতনানাশকৰ প্ৰভাৱত মিনি চিজাৰিয়ানৰ লেখীয়আকৈ জৰায়ু ছেদন কৰি ভ্ৰূণ বাহিৰলৈ উলিয়াই দি দুয়োটা ডিম্বনলী বন্ধ কৰি দিয়াৰ ব্যৱস্থা এম টি পি আইনত লিপিবদ্ধ কৰা হৈছে। অৱশ্যে এই ধৰণৰ বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰক এটি সৰু সাধাৰণ অস্ত্ৰোপচাৰ বুলি গণ্য নকৰি চিজাৰিয়ান অপাৰেচনৰ দৰেই গুৰু অস্ত্ৰোপচাৰ বুলি গণ্য কৰিব লাগে। এইদৰে সকলো প্ৰকাৰৰ সাৱধানতা অৱলম্বন কৰি অস্ত্ৰোপচাৰ কৰিলে কোনো বিপদৰ আশংকা নাথাকে, এই কৌশলৰে কৰা বন্ধ্যাকৰণ পদ্ধতিক Hysterotomy with ligation বোলা হয়। উৎস: দৈনিক অসম(ডাঃ দীনেশ শৰ্মা)