গৰ্ভধাৰণৰ প্ৰথম মাহত (০-৪ সপ্তাহত) মহিলাগৰাকীৰ জৰায়ুত থিতাপি লোৱা শিশুটিৰ বিকাশ হ’বলৈ লয়। মহিলাগৰাকীয়ে জৰায়ুত ঘটি থকা এই পৰিৱৰ্তন অনুভৱ নকৰিবও পাৰে। এই সময়ছোৱাত মহিলাগৰাকীৰ অজানিতেই বিভিন্ন হৰম’নৰ প্ৰভাৱত বিকশিত শিশুটিৰ বাবে এক সুৰক্ষা- কৱচ নিৰ্মাণ হয়। গৰ্ভধাৰণৰ প্ৰথম মাহৰ লক্ষণসমুহ হ’ল - আপুনি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব। বমি বমি ভাব আহিব পাৰে। ৰাতি দেৰিলৈকে সাৰ পাই থকাৰ অভ্যাস থকা মহিলা বা ৰাতি বহু দেৰিলৈকে কামত ব্যস্ত থকা মহিলাৰো সোনকালে বিছনাত পৰিবলৈ মন যাব। ৰাতিপুৱা বিছনাৰ পৰা উঠোতেই আপুনি ভাগৰুৱা যেন অনুভৱ কৰিব। বমি বমি ভাব অহাটো গৰ্ভৱতী হোৱাৰ একোটা প্ৰধান লক্ষণ। ইয়াক মৰ্নিং ছিকনেছ বোলা হয়। আপোনাৰ মানসিক দুৰ্বলতা-গৰ্ভধাৰণ কৰাটো নিশ্চিত হোৱাৰ পিছত মহিলা এগৰাকীৰ মনোজগতত ভৱিষ্যতৰ নানা চিন্তা-দুশ্চিন্তাই বিচৰণ কৰে। জন্ম হ’ব লগা শিশুটো নিৰোগী হ’বনে? গৰ্ভপাত হ’ব নেকি অথবা মাক হিচাপে শিশুটোৰ দায়িত্ব তেওঁ ল’ব পাৰিব নে নাই-এইধৰণৰ নানা চিন্তা আহিব পাৰে। গৰ্ভৱতী মহিলা এগৰাকীৰ দেহত হোৱা হৰম’নৰ পৰিৱৰ্তনে মহিলগৰাকীক কিছু পৰিমাণে খিংখিঙীয়া, অধৈৰ্য কৰি তুলিব পাৰে। এই সময়ত মহিলাগৰাকীৰ মনৰ ভাল লগা, বেয়া লগা ধাৰণাবোৰ ঘনাই সলনি হৈ থাকিব পাৰে। কিছুমান মহিলাই এই সময়ত কম কৰাৰ উৎসাহ হেৰুৱাই পেলোৱা দেখা যায়। গৰ্ভধাৰণৰ সমস্যাসমুহৰ লগত আপুনি কেনেদৰে মিলি চলিব? ভাগৰুৱা আৰু দুৰ্বল অনুভৱ - আপোনাৰ শৰীৰটোৱে এই সময়ত এটা নতুন মনৱ শিশুৰ সৃষ্টিৰ কামত আগবাঢ়িছে। এই সময়ত শিশুটোক জীয়াই ৰখাটো সম্ভৱ কৰি তুলিবলৈ শিশুটোৰ সুৰক্ষা আৰু আহাৰৰ যোগান ধৰিবলৈ প্লেচেণ্টা নামৰ মাংসপিণ্ড একোটাৰ গঠন হোৱা দেখা যায়। বিকশিত শিশুটোক জৰায়ুত ধাৰণ কৰাৰ লগে লগে মহিলাগৰাকীৰ বিভিন্ন অংগতন্ত্ৰবোৰৰো সামান্য সালসলনি ঘটাৰ ফলত মহিলাগৰাকীয়ে ভাগৰুৱা অনুভৱ কৰে। ভাগৰুৱা অনুভৱ কৰাটো গৰ্ভৱতী কালৰ প্ৰথম মাহৰ এক স্বাভাৱিক পৰিঘটনা। মহিলাগৰাকীয়ে ভাগৰ অনুভৱ কৰিলে আৰাম কৰাৰ প্ৰয়োজন। ভাগৰুৱা দেহাৰে কাম কৰি নিজৰ শৰীৰক কষ্ট দিয়াটো অনুচিত। গৰ্ভৱতী অৱস্থাৰ মহিলা এগৰাকীক প্ৰয়োজনীয় অতিৰিক্ত শক্তি যাতে খোৱা খাদ্যৰ পৰা পাব পাৰে তাৰ বাবে মহিলাগৰাকীৰ খাদ্যৰ যতন ল’ব লাগে। কেতিয়াবা অতিৰিক্ত আৰাম কৰিলে বা শুই থাকিলেও মহিলাগৰাকীয়ে সতেজ আৰু সুস্থ অনুভৱ নকৰিব পাৰে। ইয়াৰ বাবে মহিলাগৰাকীয়ে সৰু-সুৰা ঘৰুৱা কাম, ব্যায়াম যেনে, খোজ কঢ়া প্ৰয়োজন। বমি বমি ভাব: মানুহৰ মগজুত কিছুমান কোষৰ সংঘ থাকে, যি বিভিন্ন সংবেদনৰ প্ৰভাৱলৈ আহিলে উত্তেজিত হৈ পৰে আৰু বমি কৰাৰ বাবে মানুহজনক সাজু কৰি তোলে। এই কোষৰ সংঘটোক ভমিটিং চেণ্টাৰ বুলি কোৱা হয়। গৰ্ভধাৰণ কৰিলে মহিলাগৰাকীৰ তেজত বিটা এইচ চি জি নামৰ হৰম’ন এবিধৰ সৃষ্টি হয় আৰু ই ভমিটিং চেণ্টাৰটো উত্তেজিত কৰি তোলাৰ ফলত মহিলাগৰাকীৰ বমি বমি ভাব অহা দেখা যায়। যিবোৰ মহিলাৰ এই ভমিটিং চেণ্টাৰটো বেছি সংবেদনশীল তেনে মহিলাৰ বমি বমি ভাব বেছি হয়। আনহাতে জৰায়ুৰ আকাৰ এই সময়ত বাঢ়িবলৈ ধৰে আৰু খাদ্যনলীৰ মাংসপেশীবোৰ শিথিল হৈ পৰাৰ ফলত মহিলাগৰাকীৰ হজম কমকৈ হোৱাৰ লগতে খাদ্যনলীত এচিডৰ পৰিমাণ বাঢ়ি যোৱাত মহিলাগৰাকীৰ ঘ্ৰাণশক্তি শক্তিশালী হৈ পৰে। এইবোৰেও গৰ্ভৱতী মহিলাৰ বমি বমি ভাব অহাত প্ৰভাৱ পেলোৱা দেখা যায়। বমি বমি ভাবৰ পৰা ৰক্ষা পাবলৈ কি কৰা উচিত - কাৰ্বহাইড্ৰেট আৰু প্ৰ’টিন জাতীয় খাদ্যই বমি বমি ভাব অহাত বাধা দিয়ে। গতিকে মহিলাগৰাকীৰ খাদ্যত যাতে প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট আৰু প্ৰ’টিন থাকে তালৈ চকু দিব লাগে। বমি হ’লে দেহৰ পৰা প্ৰচুৰ পৰিমাণৰ পানী বাহিৰলৈ ওলাই যায়। গতিকে পানীৰ অভাৱ পুৰাবলৈ ফল-মুলৰ ৰস, চুপ আদি খোৱাত গুৰুত্ব দিব লাগে। ভিটামিন-B6 আৰু জিংকৰ পৰিমাণ কম হ’লে বমি বমি ভাব হোৱা দেখা যায়। সেয়েহে বমি বমি ভাব কম হ’বলৈ গৰ্ভৱতী মহিলাই ভিটামিন B6 আৰু জিংক প্ৰচুৰ পৰিমাণে থকা খাদ্য খাব লাগে। ভিটামিন-B6 ৰ বাবে পকা কল অতি উপকাৰী। ই ভিটামিন B6 ৰ উপৰি মহিলাগৰাকীৰ দেহত গ্লু’কজৰ পৰিমাণ কমি যোৱাত বাধা দিয়ে। জিংকৰ বাবে আদা বা আদাজাতীয় খাদ্য খোৱাটো প্ৰয়োজনীয়। প্ৰত্যক্ষ বা পৰোক্ষভাৱে চিগাৰেটৰ ধোঁৱা যাতে সেৱন কৰিব লগা নহয় তালৈ চকু দিব লাগে। গৰ্ভৱতী মহিলা এগৰাকীয়ে প্ৰতিবাৰতে কম পৰিমাণৰ, কিন্তু ঘনাই ঘনাই খোৱা প্ৰয়োজন। দুবাৰ আহাৰ খোৱাৰ মাজত বহু সময়ৰ বিৰতি থাকিলে মাজৰ সময়ছোৱাত মহিলাগৰাকীৰ তেজত ছুগাৰৰ পৰিমাণ কমি যায় আৰু ই মহিলাগৰাকীৰ বমি ভাব সৃষ্টি কৰিব পাৰে। মহিলাগৰাকীয়ে এই সময়ত যথেষ্ট আৰাম আৰু টোপনি যোৱা প্ৰয়োজন। প্ৰতিবাৰ বমি কৰাৰ পিছতে দাঁত ব্ৰাছ কৰি মুখখন ধুই পেলাব লাগে। এনে কৰিলে বমি ভাব অহাটো কম হোৱাৰ লগতে দাঁতৰ ক্ষতিসাধন হোৱাৰ পৰা বাচি থাকিব পাৰি। এই বমি ভাব অহাটো চিকিৎসা-বিজ্ঞানৰ ভাসাত মনিং ছিকনেছ বুলি কোৱা হয়। কিন্তু মনিং ছিকনেছ শব্দটো ভ্ৰমজনক। বমি বমি ভাব অহাটো অকল ৰাতিপুৱাৰ ভাগতেই নহয়, কিছুমান মহিলাৰ ক্ষেত্ৰত দুপৰীয়া, আবেলি বা ৰাতিও হ’ব পাৰে। গৰ্ভৱতী মাতৃৰ খাদ্য তালিকা - (কেঁচা আৰু নৰন্ধা অৱস্থাত ওজন ধৰা হৈছে) খাদ্যৰ আমিষ-নিৰামিষ: পুৱাৰ চাহ: চাহ বা কফি এচামুচ চেনিৰ সৈতে একাপ। পুৱাৰ জলপান: মাখন লগোৱা সেকা পাউৰুটী বা আটা বা ময়দাৰ ৰুটী, তৰকাৰিৰ সৈতে দুখন (৫০ গ্ৰাম) কণী (মুৰ্গী বা হাঁহৰ): এটা (৩০ গ্ৰাম) চাহ: একাপ দুপৰীয়াৰ আহাৰ: চাউল ১৫০ গ্ৰাম। দাইল: ৩০ গ্ৰাম। সেউজীয়া পাতযুক্ত পাচলি (আলু, পিঁয়াজ, গাজৰ আদি)১৫০ গ্ৰাম। অন্যান্য পাচলি (মটৰ, ফুলকবি, ভেণ্ডি, বিলাহী) ৪৫ গ্ৰাম। মাছ বা মাংস ২৫ গ্ৰাম। আবেলি: চাহ বা কফি একাপ। ফল-মুল ৩০ গ্ৰাম। ৰাতিৰ আহাৰ: চাউল বা ৰুটী ১৫০ গ্ৰাম। দাইল ২৫ গ্ৰাম। শিপাজাতীয় পাচলি ৩০ গ্ৰাম। অন্যান্য পাচলি ৩০ গ্ৰাম। মাছ বা মাংস ২৫ গ্ৰাম। শুবৰ সময়ত : চেনি দিয়া গাখীৰ ২২৫ মি:লি:ৰ পৰা ৩০০ মি:লি)। নিৰাশা আৰু মনৰ ভাল লগা, বেয়া লগাবোৰ সলনি হৈ থকা - মনৰ ভাল লগা, বেয়া লগাবোৰ সলনি হৈ থকাটো গৰ্ভৱতী কালৰ প্ৰথম তিনি মাহৰ এক স্বাভাৱিক পৰিঘটনা। গড়ে ১০ শতাংশ মহিলাই এই সময়ত নিৰাশাত ভোগা দেখা যায়। মহিলাগৰাকীৰ টোপনি কমকৈ আহে, খাদ্য খোৱাৰ সলনি হয়, খিংখিঙীয়া আৰু অধৈৰ্য হৈ পৰা দেখা যায়। মহিলাগৰাকীয়ে সুষম আহাৰ খাই, দৈনিক ব্যায়াম কৰি সুফল লাভ কৰিব পাৰে। মহিলা এগৰাকীয়ে নিৰাশাত ভোগাত তলৰ কাৰকসমুহে প্ৰবহৱ পেলাব পাৰে। সামাজিক বা অৰ্থনৈতিক চাপ। স্বামী তথা পৰিয়ালৰ আন লোকে মানসিক সহযোগিতা আগ নবঢ়ালে। নিজৰ আৰু শিশুটোৰ সুৰক্ষাক লৈ মহিলাগৰাকী বেছি চিন্তিত হৈ পৰিলে। গৰ্ভধাৰণৰ সময়ত মহিলাগৰাকীয়ে ল’ব লগা সাৱধানতাসমুহ হ’ল - ইনফ্লুৱেঞ্জা, ৰুবেলা, হেপাটাইটিছ আদি বেমাৰীৰ পৰা অজানিতে গৰ্ভৱতী মহিলাগৰাকীৰ দেহলৈ বীজাণুৰ সংক্ৰমণ ঘটিব পাৰে। গতিকে মহিলাগৰাকীয়ে বহু মানুহ গোট খোৱা ঠাই অথবা বজাৰৰ ভিৰৰ মাজত পৰাপক্ষত সোমাব নালাগে। পৰাপক্ষত বিশেষ অসুবিধা অনুভৱ নকৰিলে কোনো ধৰণৰ ঔষধ এই সময়ত সেৱন কৰিব নালাগে। ঘৰৰ ইলেকট্ৰ’মেগনেটিক বৈদ্যুতিক যন্ত্ৰৰ পৰা, যেনে-টিভি, ৰেডিঅ’ৰ পৰা দুৰত্ব বজাই ৰাখিব লাগে। কম্পিউটাৰ, মাইক্ৰ’ৱেভ অ’ভেন, ম’বাইল ফোনৰ ব্যৱহাৰ কমকৈ কৰিব লাগে। কাঢ়া চাহ, কফি বা কাৰ্বনেডেট পানীয় আদি খোৱাৰ পৰা বিৰত থাকিব লাগে। গৰম পানী ঠাণ্ডা কৰি খোঅৱটো এই সময়ৰ আটাইতকৈ উৎকৃষ্ট পানীয়। এই সময়ত মহিলাগৰাকীৰ গৰ্ভপাতৰ আশংকা আটাইতকৈ বেছি থাকে। মহিলাগৰাকীয়ে সেয়েহে গধুৰ বস্তু দাঙিব নালাগে, কষ্টকৰ ব্যায়াম অথবা দৌৰি খেলা-ধুলা আদি কৰাটো অনুচিত। গৰ্ভৱতী অৱস্থাৰ অষ্টম সপ্তাহলৈ আপোনাৰ শিশুটোৰ বিকাশ - গৰ্ভৱতী অৱস্থাৰ আৰম্ভণি শেষৰবাৰ মাহেকীয়া হোৱাৰ প্ৰথম দিনৰ পৰা ধৰা হয় যদিও ইয়াৰ দুই সপ্তাহমান পিছতহে মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰে। ঋতুচক্ৰৰ মধ্যভাগত জৰায়ুৰ ফেল’পিয়ান টিউবলৈ ওলাই অহা ডিম্বকোষ পুৰুষৰ শুক্ৰাণুৰ মিলনৰ ফলত উৎপন্ন হোৱা ভ্ৰুণটো লাহে লাহে জৰায়ুৰ মুল অংশলৈ নামি আহে। চাৰি দিনমানৰ পিছত এই ভ্ৰুণটো জৰায়ুৰ মুল অংশৰ মাংসপেশীত বিভিন্ন হৰম’নৰ প্ৰভাৱত লাগি ধৰে আৰু ইয়াতেই ভ্ৰুণটোৰ বিকাশ হ’বলৈ আৰম্ভ কৰে। গৰ্ভৱতী অৱস্থাৰ চাৰি মাহমান পিছত ভ্ৰুণটোৱে মাতৃগৰাকীৰ জৰায়ুত ভালদৰে খামুচি ধৰে। ভ্ৰৰুণটোৰ বিকাশৰ কাৰণে প্ৰয়োজনীয় আহাৰ-অক্সিজেন মাতৃদেহৰ পৰা আহৰণ কৰিবলৈ আৰু অলাগতিয়াল হানিকাৰক পদাৰ্থবোৰ নিষ্কাশন কৰিবলৈ ভ্ৰুণ আৰু মাতৃগৰাকীৰ জৰায়ুৰ মাজত স্ংযোগ ৰাখিবলৈ প্লেচেণ্টাৰ গঠন হয়। চাৰি সপ্তাহত শিশু এটাৰ আকাৰ ০.৫-১.০০ চে:মি:মান হয়গৈ। পাঁচ সপ্তাহৰ পৰা শিশুটোৰ চকু, কাণ, হাত, ভৰি গঠন হ’বলৈ ধৰে আৰু ৮ সপ্তাহলৈ শিশুটোৰ মুখৰ অৱয়ব একোটাৰ গঠন চিনিব পৰা হয়। পাঁচ সপ্তাহৰ পৰা নিউৰেল টিউবৰ গঠন হ’বলৈ আৰম্ভ হয় আৰু ই পিছলৈ শিশুটোৰ মগজু আৰু ৰাজহাড় হিচাপে বিকাশ লাভ কৰে। ৮ সপ্তাহত শোশি এটাৰ আকাৰ ২-৩ চে:মি: আৰু ওজন চাৰি গ্ৰামমান হয়গৈ। লেখক: ডা: প্ৰণয় ফুকন (জি এনআৰচি স্বাস্থ্য)