অ’টিজিম আৰু তেজত থকা প্ৰ’টিনৰ মাজত সম্প্ৰতি চিকিৎসাবিজ্ঞানৰ গৱেষকসকলে সম্পৰ্কৰ সন্ধান লাভ কৰিছে। সম্প্ৰতি কেৱল মাথোঁ তেজ পৰীক্ষাৰ দ্বাৰাই অ’টিজিম চিনাক্তকৰণ কৰাটো সম্ভৱ হৈ উঠিছে। যোৱা ১৯ ফেব্ৰুৱাৰীত ইউনিভাৰ্ছিটী অব ৱাৰউইকৰ গৱেষক ডাঃ নায়লা ৰাব্বানিয়ে এক বিবৃতিৰ জৰিয়তে এই তথ্য সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰকাশিত কৰে। উল্লেখ যে, তেওঁ এই সন্দৰ্ভত কৰা গৱেষণাৰ সবিশেষ মলিকুলাৰ অ’টিজিম, জাৰ্নালত প্ৰকাশিত হৈছে। ড° ৰাব্বানীৰ নেতৃত্বত থকা গৱেসকৰ এটি দলে ব্যক্তিৰ তেজ আৰু প্ৰস্ৰাৱৰ প্ৰ’টিনে কৰা ক্ষতিৰ বিষয়ে সবিশেষ গৱেষণা কৰাৰ প্ৰয়াস কৰিছিল। গৱেষণাত সফলতা লাভ কৰাৰ পিচতেই ইয়াৰ মাধ্যমেৰে অ’টিজিম স্পেকট্ৰাম ডিছঅৰ্ডাৰ’সমূহ চিনাক্ত কৰিবলৈ সক্ষম হ’ব বুলি তেওঁলোকে আশা কৰিছে।

প্ৰাথমিক পৰ্যায়ত অ’টিজিম চিনাক্ত কৰিবলৈ সক্ষম হ’লে চিকিৎসকসকলেও উন্নতভাৱে চিকিৎসা কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। সেইবাবেই উক্ত গৱেষণা চিকিৎসা বিজ্ঞান ইতিহাসৰ এক মাইলৰ খুঁটি হৈ ৰ’ব বুলি বিশ্বৰ বহু চিকিৎসক তথা চিকিৎসা বিজ্ঞানৰ গৱেষকে উল্লেখ কৰিছে। উল্লেখ্য যে, উক্ত গৱেষণাত ডাঃ ৰাব্বানিৰ গৱেষক দলটোৱে অ’টিজিম স্পেকট্ৰাম ডিছঅৰ্ডাৰত আক্ৰান্ত মুঠ ৩৮ টি শিশু(২৯ টি ল’ৰা, ৯ জনী ছোৱালী) আৰু ৩১ টি সুস্থ শিশু(২৩ জন ল’ৰা, ৮ জনী ছোৱালী) অন্তৰ্ভুক্ত কৰিছিল। শিশুসকলৰ বয়স পাঁচ বছৰৰ পৰা ১২ বছৰৰ ভিতৰত আছিল। গৱেষকসকলে প্ৰাথমিক পৰ্যায়ত সকলো শিশুৰে তেজ আৰু প্ৰস্ৰাৱৰ নমুনা সংগ্ৰহ কৰে। দুটি গোটৰে শিশুৰ নমুনাৰ মাজত উল্লেখনীয় পাৰ্থক্য পৰিলক্ষিত হয়। অ’টিজিম স্পেকট্ৰাম ডিছঅৰ্ডাৰত আক্ৰান্ত শিশুৰ তেজ আৰু প্ৰস্ৰাৱৰ নমুনাত অধিক ডেট্ৰিঅ’মিন(ডিটি) আৰু এডভান্স গ্লাইকেশ্বন এণ্ড প্ৰডাক্টছ(এ জি ই) পোৱা গৈছিল। পৰৱৰ্তী সময়ত এটি এলগবিডমৰ সহায়ত উক্ত তথ্যৰ পুনৰ পৰীক্ষণ কৰা হয়। প্ৰাপ্ত ফলাফল অনুসৰি অ’টিজিম চিনাক্তকৰণৰ উক্ত পদ্ধতি হৈছে ৯০% ক্ৰটীমুক্ত। তদুপৰি ইয়েই হৈছে অ’টিজিম চিনাক্তকৰণ কৰাৰ বৰ্তমানলৈ আৱিষ্কৃত সবাতোকৈ নিখুঁত প্ৰক্ৰিয়া। উক্ত গৱেষণা অতি ক্ষুদ্ৰ পৰিসৰত কৰা হৈছিল। অ’টিজিম চিনাক্তকৰণ কৰি উন্নত চিকিৎসাৰ বাবে বিস্তৃত পৰিসতৰ গৱেষণাৰ প্ৰয়োজন আছে। সেই গৱেষণাতো ধনাত্মক ফলাফল লাভ কৰিলে বিশ্বৰ চিকিৎসকসকলেও ৰোগীসাকলক উক্ত পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব।

অ’টিজিম স্পেকট্ৰাম ডিছঅৰ্ডাৰৰ ফলত শিশুসকলৰ মাজত আচৰণগত বহু সমস্যাই দেখা দিয়ে। কথা কোৱাত জড়তা, অস্থিৰতা, অস্বাভাৱিক ব্যৱহাৰ। আচৰণ আদি এনে সমস্যাৰ মূল। বৰ্তমান পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ১% উক্ত ৰোগত আক্ৰান্ত। অ’টিজিমত আক্ৰান্তসকলৰ দৈনন্দিত জীৱন-যাপন অতি কষ্টকৰ হৈ পৰে। সেয়েহে উক্ত পৰীক্ষাৰ দ্বাৰাই প্ৰাথমিক পৰ্যায়তে অ’টিজিম চিনাক্ত কৰিব পাৰিলে বিশ্বৰ বহু ব্যক্তিৰ বাবেই এক স্বাস্থ্যকৰ জীৱন-যাপনৰ পথ উজলি উঠা বুলি বিশ্বৰসমূহ চিকিৎসক তথা গৱেষকসকলে আশা কৰিছে।

উৎস: সাদিন