আপোনাৰ শিশুটিৰ শাৰিৰীক, মানসিক আৰু নৈতিক অৱস্থাৰ যদি কোনো অৱনতি ঘটা পৰিলক্ষিত হোৱা দেখা নাযায় তেতিয়া হ’লে জানিব আপোনাৰ শিশুটি সুস্থ। এটি নিৰোগী আৰু সুস্থ শিশুৱে খোৱা, শোৱা, খেলা-ধূলা কৰা, নিয়মিতভাৱে পঢ়া-শুনা কৰা আদি কামতে উদাসীন হব নোৱাৰে। সদা উৎফুল্লিত শিশুটি জানিব সি সুস্থ। দেশ, সমাজ, পৰিয়ালৰ উন্নতি নিৰ্ভৰ কৰে সেই দেশৰ বা সমাজৰ ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত। সুস্থ সবল নাগৰিকৰ বাবে সুস্থ সবল শিশুৰ প্ৰয়োজন। সেয়েহে শিশুৰ শাৰিৰীক, মানসিক আৰু নৈতিক বিকাশৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আহি পৰিছে। এটি সুস্থ শিশুৰ দৈহিক লক্ষণসমূহ সৰ্বদাই লক্ষ্য কৰিব লাগে। তলত উল্লেখ কৰা শৰীৰৰ লক্ষণসমূহলৈ লক্ষ্য ৰাখিলে দেখা পাব- ১) সাধাৰণ অৱস্থা: সজাগ, সক্ৰিয় আৰু প্ৰফুল্ল। ২) অংগ সংস্থান: বয়সভেদে শোৱা, বহা, থিয় হোৱা, খোজ কঢ়া আদি সংস্থানৰ শুদ্ধ অৱস্থান হৈছেনে নাই। ৩) ছাল: পৰিমিত পৰিমাণৰ মেদযুক্ত হয় নে নহয়। ৪) শ্লেমা বৰণ: ৰঙচুৱা ওঁঠ, উজ্জ্বল চকু হয় নে নহয়। ৫) চুলি: মসৃণ, চিকমিকীয়া হৈ আছেনে নাই। ৬) পেশী: সুগঠিত, সুদৃঢ় হয় নে নহয়। ৭) টেটু: শ্ৰাৱহীন আৰু সুস্থ টনচিল হয় নে নহয়। ৮) জিভাখন অলপ সেমেকা, অলপ ৰঙচুৱা আৰু স্বাভাৱিক হয় নে নহয়। ৯) চকু: ফেচকুৰিবিহীন আৰু স্বাভাৱিক দৃষ্টিসম্পন্ন হয় নে নহয়। ১০) স্বাভাৱিক শ্ৰৱণ শক্তি সম্পন্ন হয় নে নহয়। ১১) প্ৰস্ৰাৱ পৰীক্ষা কৰি চোৱা ভাল, দোষমুক্ত হয় নে নহয়। ১২) বয়স অনুযায়ী মূৰৰ পৰিধি আৰু ওজন ঠিকে আছে নে নাই। ১৩) বয়স অনুযায়ী বুদ্ধিবৃত্তি, প্ৰেম, দয়া, শ্ৰদ্ধা, সত্যবাদিতা, সৌন্দৰ্যবোধ আৰু নি:স্বাৰ্থ মনোভাৱ আদি পৰিপুষ্ট শিশু সুস্থ শিশু বুলিব পাৰি। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।