বিশ্ৰাম কৰি কটাবলগীয়া দেওবাৰ এটাত সৰ্বসাধাৰণ ৰাইজে সপ্তাহটোৰ অন্তত এটা বন্ধৰ দিন কটায়। হঠাতে যোৱা ২৫ জুনৰ দিনা বিয়পি ৩.৩০ বজাত নলবাৰীৰ পৰা অহা এটা ফোন হস্পিটেলৰ অভ্যৰ্থনা কক্ষই পায়লে। টেলিফোন অপাৰেটৰে ফোনৰ সংযোগটো মোৰ বহিৰ্বিভাগৰ কক্ষই পঠিয়াই দিলে। সিফালৰ পৰা এজন বিপদগ্ৰস্ত পৰিচৰ্যাকাৰীয়ে ক’লে যে তেওঁলোকৰ ৮ মহীয়া সন্তানটিৰ চকুৰ পানীৰ লগত তেজ গৈছে। পিছদিনা ৮ মহীয়া ল’ৰা শিশু এটিক এক্সেলকেয়াৰ হস্পিটেলৰ শিশুৰোগ বহিৰ্বিভাগলৈ অনা হ’ল। এই প্ৰথমৰ পৰাই সন্দিহান আছিলো কিন্তু শিশুটিক পৰীক্ষা কৰি দেখিলো যে ল’ৰাটিৰ সোঁ চকুৰ ওপৰ পতাত ৰক্তবাহী নলীত এটি সৰু অৰ্বুদ(টেমুনা) আৰু চকুৰ একাষৰ শ্বেতপটলত সূক্ষ্ম অৰ্বুদ দেখা পালো। চকুৰ পানীৰ লগত তেজ ওলোৱাৰ কোনো প্ৰমাণ পৰিয়ালটোৰ ওচৰত নাছিল। এই চকুৰে তেজ যোৱাৰ ফটো লাগিব বুলি ক’লো আৰু ল’ৰাটিক অধিক পৰীক্ষাৰ বাবে পঠালো। চকু বিশেষজ্ঞৰো মতামত লাগিব বুলি ক’লো। তেজ পৰীক্ষাৰ ৰিপোৰ্টবিলাক আটাইবোৰ স্বাভাৱিক সীমাৰ ভিতৰতে থকাৰ প্ৰমাণ পোৱা গ’ল। সেয়ে আলোচনাৰ পিছত পিছদিনা মস্তিষ্কৰ লগতে সোঁ চকুৰ কোটৰৰ এখন চিটি স্কেন আৰু দুয়োটা চকুৰ কোটৰৰে এখন আল্ট্ৰাছ’ন’গ্ৰাফী কৰোৱা হ’ল। চিটি স্কেন লাওখোলাত কোনো আঘাতৰ চিন পোৱা নগ’ল। সোঁ চকুৰ কোটৰৰ আল্ট্ৰাছ’ন’গ্ৰাফীত ৰক্তবাহী নলীৰ এটি অৰ্বুদ(Hemangioma) ওপৰ পতাৰ আৱৰণৰ তলত দেখা পোৱা গ’ল আৰু শ্বেতপটলক সংযোগ কৰি সম্প্ৰসাৰণ হোৱাৰো সম্ভাৱনা দেখা গ’ল। আলোচনা: পানী কেচুৱাৰ ক্ষেত্ৰত সূক্ষ্ম ৰক্তবাহী নলীত এনেধৰণৰ অৰ্বুদ প্ৰায়ে দেখা পোৱা যায়। শৈশৱত চকুৰ পতাত আৰু কোটৰত অৰ্বুদ(টেমুনা) সৃষ্টি হোৱাটো প্ৰায়ে দেখা যায়। প্ৰায় ১০ টি শিশুৰ ভিতৰত এটি শিশুৰ চকুত সূক্ষ্ম ৰক্তবাহী নলীত বিবিধ তীব্ৰতাৰ অৰ্বুদ সৃষ্টি হয়। অৱশ্যে অণুবীক্ষণিক পৰীক্ষাৰ প্ৰতিবেদন বিলাকত এই বিসংগতিৰ বিস্তৃতিৰ উল্লেখ পোৱা নেযায়। কাৰণ এনেধৰণৰ অৰ্বুদৰ চিনাক্তকৰণ বিবিধ পৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰা হয় আৰু বায়োপসি কৰোৱাৰ দৰকাৰ নহয়। এনে ধৰণৰ অৰ্বুদবিলাক সাধাৰণতে গোটা টেমুনাৰ ৰূপত দেখা যায়। কিন্তু এনে টেমুনাত আক্ৰান্ত শিশুৰ ২০ শতাংশৰে একাধিক টেমুনা থাকে। ঐতিহাসিক তথ্য অনুসৰি ল’ৰাতকৈ ছোৱালীসকল এই ৰোগত তিনিগুণ বেছি আক্ৰান্ত হয়। অতি সূক্ষ্ম ৰক্তবাহী নলীকাত হোৱা অৰ্বুদ সময়তকৈ আগতে ওপজা বা জন্মতে কম ওজনৰ কেচুৱাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। সূক্ষ্ম ৰক্তবাহী নলীত হোৱা অৰ্বুদৰ প্ৰকৃত কাৰণ আজিও সঠিকভাৱে জানিব পৰা হোৱা নাই। কিন্তু এই ৰোগৰ কাৰণবোৰৰ ভিতৰত ৰক্তবাহী নলীজনিত আৰু লসিকাগ্ৰন্থি বা নলীজনিত কাৰকবোৰৰ সংমিশ্ৰিত ক্ৰিয়াও থাকিব পাৰে। সূক্ষ্ম ৰক্তবাহী নলীত হোৱা অৰ্বুদৰ বিষয়ে যোৱাটো শতিকাৰ প্ৰাকৃতিক ইতিহাসত সবিশেষ লিপিবদ্ধ কৰা হৈছে। এই অৰ্বুদবিলাক পিছলৈ স্বয়ংক্ৰিয়ভাৱে পুনৰ আগৰ অৱস্থালৈ ঘূৰি যোৱাটো(অৰ্থাৎ নিজে নিজেই নাইকিয়া হোৱাটো) সকলোৱে গ্ৰহণ কৰিছে। সূক্ষ্ম ৰক্তবাহী নলীত হোৱা অৰ্বুদ বা টেমুনা সাধাৰণতে জীৱনৰ আৰম্ভণিৰ কেইটামান মাহত দেখা দিয়ে, তাৰে ৩৩ৰ পৰা ৫৫ শতাংশ জন্মৰ সময়তে দেখা পোৱা যায়। মাইক্ৰ’এঞ্জিওপেথিক হিমোলাইটিক এনিমিয়া(MAHA) নামৰ বিসংগতিও অক্ষিকোটৰত(অক্ষিগোলকৰ বাহিৰত), পাচন তন্ত্ৰত আৰু লিভাৰত দেখা দিয়া ডাঙৰ সূক্ষ্ম ৰক্তবাহী নলীৰ অৰ্বুদৰ সৈতে হয় বুলি বিভিন্ন প্ৰতিবেদনত বৰ্ণনা পোৱা গৈছে। মাইক্ৰ’এঞ্জিওপেথিক হিমোলাইটিক এনিমিয়া হ’লে এৰিথ্ৰ’চাইটছবিলাক তঞ্চন(খমলা বন্ধা) প্ৰক্ৰিয়াৰ দ্বাৰা ধ্বংস হয় বা ফালি পেলায়। অথচ উচ্চ চাপ প্ৰয়োগ কৰি সেইবিলাক অৰ্বুদৰ অস্বাভাৱিকভাৱে সূক্ষ্ম নলীকাৰ মাজেদি পঠিয়াবলৈ চেষ্টা কৰে। ৰোগ নিৰ্ণয়ৰ বাবে কৰা পৰীক্ষা: সৰল ৰেডিঅ’গ্ৰাফী, আল্ট্ৰাছনোগ্ৰাফী, চিটি, এমআৰআই, এঞ্জিঅ’গ্ৰাফী, কোষকলাৰ বায়োপসি। নিৰাময়ৰ ব্যৱস্থা: এমব্লায়োপিয়া চিকিৎসা, অস্ত্ৰোপচাৰ, ৰেডিঅ’থেৰাপি(ৰশ্মি চিকিৎসা), লেজাৰ চিকিৎসা, কৰ্টিকোষ্টেৰয়ডছ- চিষ্টেমিক/ইন্ট্ৰালেজানেল, বিটাব্লকাৰ- চিষ্টেমিক/স্থানীয়(Topical), অন্যান্য- ইন্টাৰফেৰণ, ভিনক্ৰিষ্টাইন, চাইক্ল’ফছফেমাইড, ১ এম ইকুইমড। সামৰণি: এনেধৰণৰ অক্ষিকোটৰত অৰ্বুদ সৃষ্টি হোৱা ৰোগী ল’গ পোৱাটো এক বিৰল অভিজ্ঞতা আৰু এই বিষয়টোৱে এজন নৱপ্ৰ্জন্মৰ মেডিকেল স্নাতক হিচাপে বিষয়টোৰ ওপৰত অধ্যয়ন কৰাৰ প্ৰতি মোক সজাগ কৰি তুলিলে। আজিৰ এই ইন্টাৰনেটৰ বহুল প্ৰচলনৰ যুগত মানুহে ধাৰণা কৰে যে ইন্টাৰনেটত সকলো প্ৰশ্নৰ উত্তৰ পোৱা যায়। দিনটোৰ শেষত এদল বহু বিষয়ত বিশেষজ্ঞ চিকিৎসকে বছৰ বছৰ ধৰি আহৰণ কৰা অভিজ্ঞতাই এনেধৰণৰ জটিলতাৰ উত্তৰ লাভ কৰাটোত সহায় কৰি আহিছে। জটিল ৰোগ বিলাকৰ নিৰাময়ৰ উপায় লাভ কৰাত সামাজিক ভুল ধাৰণাই অযথা বিলম্ব ঘটাব পাৰে। লেখক: ডাঃ আবিদ আহমেদ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)