কৰ্কট ৰোগৰ ভয়াৱহতাৰ বিষয়ে দুনাই কোৱা প্ৰয়োজন নাই। এই ৰোগ এনে এক ৰোগ যিয়ে ৰোগীৰ লগতে সমগ্ৰ পৰিয়ালবৰ্গক মানসিক, অৰ্থনৈতিকভাৱে ভাঙি পেলায়। সাহসেৰে মুখামুখি কৰিলে কৰ্কটো এক সাধাৰণ ৰোগৰ দৰেই ৰোগ বুলি বিবেচনা কৰিব পৰা গ’লহেঁতেন, কিন্তু আমাৰ সমাজত কৰ্কট ৰোগ আৰু কৰ্কট ৰোগীৰ প্ৰতি যি দৃষ্টিভংগী তাৰদ্বাৰা কৰ্কট ৰোগীসকল যথেষ্ট মানসিক সংকটৰ, সংঘাতৰ মুখামুখি হয়। ৰোগটোৰ প্ৰতি বিদ্বেষ ভাব পোষণ কৰা, ৰোগটোৰ বিষয়ে সামান্য জ্ঞান থকা অথবা একেবাৰেই জ্ঞান নথকা কিছুমান লোকৰ ‘‘ভয়াৱহ সহানুভূতিৰ’’ বাক্যবাণে কৰ্কট ৰোগী আৰু পৰিয়ালক মানসিকভাৱে বিপৰ্যস্ত কৰি তোলে। যিহেতু এই মানসিক অত্যাচাৰৰ প্ৰতিকূলতাক নেওচিব পৰাকৈ শিশুসকল অপাৰগ গতিকে শিশুসকলৰ মানসিক অৱস্থা অধিক শোচনীয় হয়। উঠি অহা বয়সতে ৰোগাক্ৰান্ত হোৱাৰ ফলত তেওঁলোকৰ শিক্ষা, সামাজিক জীৱন, শাৰীৰিক আৰু মানসিক বিকাশ, কিশোৰসকলৰ যৌন জীৱন ব্যাহত হয়। পৰিয়ালৰ লোক উপযুক্তভাৱে শিক্ষিত নহ’লে (কৰ্কট ৰোগৰ জ্ঞান সম্পৰ্কে) এই শিশুসকলৰ প্ৰায়ভাগেই ভালেমান মানসিক সমস্যাৰ সন্মুখীন হয়।

কৰ্কট ৰোগাক্ৰান্ত শিশুৰ মানসিক অৱস্থা অধ্যয়ন কৰা বিষয়টো অসমত শোচনীয়ভাৱে অৱহেলিত। কৰ্কট ৰোগৰ চিকিৎসাৰ লগত জড়িত স্বাস্থ্যকৰ্মীসকলেও কৰ্কট ৰোগীৰ মানসিক স্বাস্থ্য আৱহেলা কৰা দেখা যায়। অসমৰ প্ৰায়ভাগ কৰ্কট ৰোগী মনোবিজ্ঞানী অথবা মনোৰোগ বিশেষজ্ঞ অবিহনেই চিকিৎসা কৰা দেখা যায়।

অসমৰ সৰ্বমুঠ জনসংখ্যা ৩.৪৪ কোটি আৰু তাৰ ভিতৰত কৰ্কট ৰোগীৰ সংখ্যা প্ৰায় ৯০,০০০ আৰু শিশু কৰ্কট ৰোগীৰ সংখ্যা প্ৰায় ৪৪৪৩ জন। (সন্তোষজনক পৰিসংখ্যা পোৱাটো অসমত এতিয়া কঠিন।)

কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ মানসিক অৱস্থা অধ্যয়ন কৰা ক্ষেত্ৰখন (Psychooncology) বিশ্বত তেনেই নতুন। ভাৰতবৰ্ষত মাত্ৰ আৰম্ভণি অৱস্থাত থকা এই বিষয়টো অসমত প্ৰায়ভাগ মানুহে নাজানে। সাধাৰণ জনতা বাদেই চিকিৎসাখণ্ডত জড়িত বহু ব্যক্তি এই বিষয়ত অজ্ঞ। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল অসম এতিয়াও বহুলাংশে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত চলে (traditional biomedicine dominated public health system), য’ত ৰোগীৰ মানসিক স্বাস্থ্য সম্পৰ্কে কোনো গুৰুত্ব প্ৰদান কৰা নহয়।

বিভিন্ন ধৰণৰ অন্ধবিশ্বাসে যেনে পাপৰ পৰিণাম, পূৰ্বজন্মৰ দোষ আদিৰ ফলত কেন্সাৰ হোৱাৰ দৰে অপব্যাখ্যাই বহুদূৰ আমাৰ সমাজক ছানি ধৰি আছে।

দ্বিতীয়তে, আমাৰ অসমৰ চিকিৎসালয়ৰ কেন্সাৰ বিভাগত সুসংহত শিশু কেন্সাৰ কেয়াৰ নাই।

তৃতীয়তে, আগতে উল্লেখ কৰাৰ দৰে প্ৰায়ভাগ কেন্সাৰ ৰোগীৰ মানসিক স্বাস্থ্যত প্ৰায় গুৰুত্ব নিদিয়াকৈয়ে চিকিৎসা কৰা হয়।

কৰ্কট ৰোগৰ চিকিৎসা যদিও যথেষ্ট উন্নত হৈছে, তথাপি মনোৰোগৰ ক্ষেত্ৰখনৰ কোনো উন্নতি হোৱা নাই। বৰ্তমান পৰিপ্ৰেক্ষিতত অসমত psychooncology আৰু pediatric palliative কেয়াৰৰ শিক্ষা প্ৰদানত যথেষ্ট অসুবিধা বা প্ৰায় অসম্ভৱ।

কেন্সাৰ আক্ৰান্ত শিশু এটাৰ আন শিশুসকলৰ তুলনাত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে। অতি দীঘলীয়া চিকিৎসা ব্যৱস্থাত তেওঁলোকৰ দৈনন্দিনতাৰ অভ্যাসবোৰ সম্পূৰ্ণ সলনি হৈ যায়। স্কুলৰ নিয়মীয়া কাৰ্যক্ৰমৰপৰা আঁতৰি আহিবলগীয়া হয়। পিছত স্কুল আকৌ আৰম্ভ কৰিলেও তেওঁলোকৰ শিক্ষাৰ চক্ৰটো ভাঙি যায়, যাৰ ফলত শিকন প্ৰক্ৰিয়া শোচনীয়ভাৱে ব্যাহত হয়। চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছতো তেওঁলোকৰ স্বাভাৱিক জীৱন-যাপন বাধাগ্ৰস্ত হয়।

কেমোথেৰাপি বা ৰেডিয়েছন থেৰাপিৰ পিছত শাৰীৰিক অৱস্থাৰ যি পৰিৱৰ্তন হয় আৰু তাৰ বাবে তেওঁলোকে সন্মুখীন হ’ব লগা উপলুঙা, তীৰ্যক মন্তব্যৰ বাবে তেওঁলোকৰ মানসিক শান্তি ব্যাহত হয়। বিভিন্ন অন্ধবিশ্বাস, যেনে—একেলগে খালে, খেলিলে কেন্সৰ ৰোগ সোঁচৰিব আদিবোৰেও একোটা শিশুক মানসিকভাৱে বিধ্বস্ত কৰি তোলে। চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ অহাৰ পিছতো তেওঁ সামাজিক জীৱন মুক্তভাৱে আঁকোৱালি লোৱাত বাধাৰ জন্ম হয়, যিয়ে শিশুৰ একাকীত্ব, অহেতুক ভয়, উদ্বিগ্নতা আদি বঢ়াই তোলে।

পৰিয়ালৰ লোক তথা কেন্সাৰত আক্ৰান্ত শিশুসকলৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত অন্যতম হ’ল নতুনকৈ বেমাৰটো আৰম্ভ হোৱাৰ ভয় আৰু মৃত্যুৰ ভয়। আৰ্থিক দৈন্য, সামাজিক একাকীত্বৰ ভয় আদি থাকে যদিও পুনৰ বেমাৰে কৈ দিয়াৰ ভয়ৰ বাবে ভালেমান শিশু মানসিক অসুবিধাৰ স্বীকাৰ হয়। অতিমাত্ৰা খং, সঘনাই বিৰক্ত হোৱা, কন্দা, পৰিয়ালৰ লোকৰ অনুপস্থিতি ক্ষন্তেকৰ বাবেও সহ্য নকৰা আদিবোৰ লক্ষণ শিশু এটা মানসিক সংঘাতৰ সন্মুখীন হোৱা লক্ষণ। এই সমস্যাসমূহ বাঢ়ি ৰোগৰ ৰূপ লয় যদিহে পৰিয়াল এটা কৰ্কট ৰোগীৰ মানসিক যত্ন সম্পৰ্কে সচেতন নহয়।

অসমৰ শিশু কৰ্কট ৰোগ বিভাগত যত্ন ল’বলগীয়া কিছু ব্যৱস্থা—

১) খেলৰ যোগেদি চিকিৎসা (Play therapy)

অভিজ্ঞ থেৰাপিষ্টৰদ্বাৰা খেলৰ যোগেদি শিশুসকল চিকিৎসা কৰিব পাৰি। নিৰ্দেশাত্মক আৰু নিৰ্দেশহীন খেলৰ যোগেদি এজন প্লে’ থেৰাপিষ্টে শিশুৰ অন্তৰ্নিহিত মানসিক সমস্যা, চিকিৎসাৰ প্ৰতি শিশুৰ মনোভাব ইত্যাদি পৰীক্ষা কৰিব পাৰে।

২) মনোবিজ্ঞান বিষয়ক কৰ্মশালাৰ আয়োজন। এনে অনুষ্ঠানে স্বাস্থ্যকৰ্মীসকলক মনোবিজ্ঞান বিষয়টোক অধিক গুৰুত্ব দি কৰ্কট ৰোগৰ চিকিৎসা ফলপ্ৰসূ হোৱাত সহায় কৰে।

৩) শিশুৰ মানসিক স্বাস্থ্যৰ লিখিত অথবা মৌখিক মূল্যায়ন।

৪) বিনোদনৰ বাবে নিৰ্দিষ্ট ঠাই।

৫) ম’বাইল স্কুল (ভ্ৰাম্যমাণ স্কুল)ৰ ধাৰণা চিনাকি কৰা। ১ মাহতকৈ বেছিদিন চিকিৎসা ল’বলগীয়া শিশুৰ শিক্ষাৰ কাৰ্যক্ৰমণিকা ব্যাহত নোহোৱাকৈ হাস্পতালত ভ্ৰাম্যমাণ স্কুলে শিশুক শিক্ষা প্ৰদান কৰিব পাৰে।

৬) মানসিক স্বাস্থ্য সজাগতাৰ বিষয়সমূহ জনসাধাৰণৰ মাজত অধিক প্ৰচাৰ কৰিবলৈ ইলেকট্ৰনিক মিডিয়াৰ ব্যৱহাৰ কৰা।

৭) পৰিয়ালক কেন্সাৰৰ মানসিক যত্নৰ বিষয়ে শিক্ষিত কৰি তোলা।

৮) কৰ্কট হাস্পতালসমূহত মনোবিজ্ঞানী, মনোৰোগ বিশেষজ্ঞৰ নিয়োগ বঢ়োৱা।

৯) শেষত কৰ্কট প্ৰতিষ্ঠানসমূহত প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ বাবে চৰকাৰক বাধ্য কৰোৱা।

কৰ্কট ৰোগৰ লগত জড়িত মানসিক সমস্যাসমূহৰ প্ৰতি আমি এতিয়াও উদাসীন। সকলোৱে লগ লাগি ইয়াৰ লগত জড়িত অন্ধবিশ্বাস আৰু সামাজিক বৈষম্যসমূহ আঁতৰাই কৰ্কট ৰোগীসকলকো আমাৰ লগত একেলগে আগবাঢ়িবলৈ সুবিধা দিয়া উচিত।

লেখিকা: সংগীতা দাস