গৰমত ডাঙৰ সকলৰ দৰে শিশুসকলৰো দিনবোৰ অসহ্যকৰ হৈ পৰে । এনে সময়ত শিশুৰ প্ৰতি যথোচিত সযতনৰ অভাৱত বহুতো শিশু অস্থিৰতা,নিদ্ৰাহীনতা , চৰ্মৰোগ, বা অন্নান্য কিছু ৰোগত ভুগিব পাৰে।
সেয়ে মাতৃ বা পৰিয়ালে নৱজাত বা সকলো বয়সৰ শিশুৰ বাবে লবলগীয়া কিছু সাধাৰন যতন তলত দিয়া হল ।
১। শিশুৰ পোচাক :- গৰমত সকলো বয়সৰ শিশুক ঢিলা আৰু কপাহী কাপোৰ পিন্ধাব । লগতে কাপোৰ গাঢ় ৰঙৰ সলনি বগা বা পাতল ৰঙৰ হোৱাতো যুগুত । কপাহী কাপোৰে গাৰ ঘাম সহজে শুহি লয় আৰু নানা ৰোগ প্ৰতিৰোধ কৰে ।
২। ৰদৰ তাপ :- নৱজাত শিশুক ৮বজাৰ পুৰ্বে ৰাতিপুৱাৰ কোমল ৰ'দ গাত লগোৱাতো ভাল (মুৰৰ বাহিৰে ) । তাৰ বাহিৰে প্ৰখৰ ৰ'দত কেতিয়াও বাহিৰলৈ নুলিয়াব । কৰবালৈ যাব লগা হলে পাতল পোচাক , ছাতি বা মুৰত ঢিলা টুপি পিন্ধাই নিব । ডাঙৰ শিশুক চচ্ মা পিন্ধালে বজাৰৰ যিকোনো চ্ চমা কেতিয়াও নিপিন্ধাব । এই ক্ষেত্ৰত চিকিৎসকক সুধি বা প্ৰতিস্থিত দোকানৰ শিশুৰ উপযোগী ভাল চচ্ মা ব্যৱহাৰ কৰিব ।
৩। শিশুৰ খোৱাপানী আৰু আহাৰ:-
৬মাহৰ তলৰ শিশুক কোনো ধৰনৰ বাহিৰা পানী বা আহাৰ নুখুৱাব । এনে বয়সত মাকৰ গাখীৰেই আহাৰ- পানীৰ প্ৰয়োজনীয়তা দুৰ কৰে । সেয়ে সময়মতে মাতৃদুগ্ধ খুৱাব । অভাৱত অন্য গাখীৰ বা কৃত্ৰিম শিশুদুগ্ধ খুৱালে শিশুৰ গাৰ তাপমাত্ৰাৰ সমতা অনুকুলে খুৱাব । (গৰু বা ছাগলীৰ গাখীৰত ৩-৪ গুণ পানী মিহলাই খুৱাব )
ছমাহৰ ওপৰৰ যিকোনো শিশুক উতলাই ঠান্ডা কৰা পানী নিয়মিত খুৱাব বা বতলত থৈ প্ৰয়োজন মতে নিজে নিজে খোৱাৰ অভ্যাস কৰাব । যিমানেই গৰম নহওক শিশুক বৰফ কোলড্ৰিঙ্ক ফ্ৰীজৰ চেচাপানী কোনোপধ্যে নুখুৱাব । বাহিৰলৈ গলে উতলাই ঠান্ডা কৰা বিশুদ্ধ পানী বতলত ভৰাই নিব ।
আহাৰ-৬মাহৰ ওপৰৰ শিশুক অন্য আহাৰ খুৱাওতে গৰম আৰু গুৰুপাক আহাৰৰ পৰিৱৰ্তে লঘু আহাৰ, ৰসাল ফল বা জুচ , মগু দাইল বা শাকপাচলীৰ জোল আদি খুৱাব । আঠিয়া কল ভিজোৱা পানী , নেমু ,মৌচম্বী আদিৰ চৰৱত বা কম মাত্ৰাত ডাবৰ পানী ,কুহিয়াৰৰ ৰস খুৱাব পাৰে । (চৰ্দি কাহ জৰ আদি থাকিলে নুখুৱাব)
৩। শিশুৰ মালিচ:- শিশুৰ কোমল চাল বা অংগপ্ৰত্যংগ সমুহ সুদৃঢ় আৰু মজবুত হবলৈ তেল মালিচ ব্যায়াম আদি কৰোৱাতো অতিকে আৱশ্যক । গৰম দিনত মিঠাতেল বা শৰীৰ গৰম হব পৰা অন্য কোনো তেল ব্যৱহাৰ নকৰি শুকানে নাইবা শুদ্ধ নাৰিকল তেল বা অলিভ অইল সানি লাহে লাহে ভৰি হাতকে ধৰি দেহৰ সৰ্ব অংগত মালিচ আৰু ব্যায়াম কৰাই দিব । ডাঙৰ শিশু হলে শিকাই দিব ।
৪। গা ধুউৱা:--- মালিচৰ কিছু সময় পিচত শিশুক (সদায়ে) গা ধুৱাব । গাধোৱা কুহুমীয়া গৰম পানী বা ৰ'দত তপতাই ঠান্ডা হলে ধুৱাব। (শিশুৰ গাৰ স্বভাৱিক তাপতকৈ বেচি গৰম হব নালাগে ) কেচুৱাত বহল টাৱত গা ধুউৱাতো ভাল । বেচিভাগ শিশুৱে গা ধুই বৰ আনন্দ পায় । সেইবুলি অকলে কেতিয়াও এৰি নিদিব বা অন্যমনষ্ক নহব । সদায় চাবোন ঘহাতকৈ মাজে মাজে হালধী আৰু বেচন ( কম মাত্ৰাত পনীয়াকৈ) সানি গা ধুউওৱাতো ভাল ।
কেচুৱাক সদায় এবাৰকৈ গা ধুৱাব আৰু ঘামি গলে মাজে মাজে ঘামবোৰ সেমেকা কাপোৰেৰে মচি দিব ।
গাধোৱাৰ পিচত ভালদৰে গা নুশুকুৱাকৈ ভিজা গাত একো নাসানিব । ডক্টৰৰ পৰামৰ্শ অনুসৰি ক্ৰীম ,লোচন, পাউডাৰ আদি ঘহিব পাৰে । পাওডাৰ ঘহোতে নাকে মুখে সোমাই যোৱাকৈ চতিয়াই নিদিব ।
৫। শিশুৰ বিচনা:--- গৰমত শিশুৰ বিচনাৰ কাপোৰ ডাঠ নোহোৱাই ভাল আৰু ওপৰৰ কাপোৰখন কপাহী হোৱাতো বাঞ্চনীয় । কপাহী কাপোৰে শিশুৰ ঘাম সহজে শোষন কৰে আৰু ঘামচি ,চৰ্মৰোগ অদি হোৱাত বাধা দিয়ে ।
পোক পৰুৱা মহ মাখি আদিৰ পৰা শিশুটিৰ অনিষ্ট নহবলৈ আঠুৱা তৰাৰ লগতে ঘৰৰ ভিতৰ আৰু আশে পাশে পৰিস্কাৰ ৰাখিব । শিশুৰ অনুপযোগী মহ খেদা দৰৱ আদি ব্যৱহাৰ নকৰিব ।
৬। কোঠাৰ বাতাবৰন- বহুতো শিশুৱে গৰমত ঘৰৰ ভিতৰত থকাতো অসহ্যবোধ কৰে । খেলা বা টোপনী যাবলৈ অসুবিধা পায় । সেয়ে শিশুৰ বাবে কোঠাৰ বাতাবৰন শীতল হোৱাতো বাঞ্চনীয় । মাজে মাজে মুকলিত শীতল বতাহ লগোৱাৰ উপৰি ঘৰত বতাহ চলাচলৰ সুব্যৱস্থা ,বিচনীৰ বাঁ , ফেন,এয়াৰ কন্ডিচনাৰ আদিৰে কোঠাৰ তাপমাত্ৰ কমাব পাৰে ।
মনৰ ৰাখিব শিশুৰ গাত কেতিয়াও পোণপতিয়াকৈ ফেনৰ বতাহ নলগাব । ২৪ডিগ্ৰীতকৈ অধিক বা নিম্নলৈ এয়াৰ কন্ডিচনিং নকৰিব ।

৭। ডায়পাৰৰ ব্যৱহাৰ :- সৰু শিশুৱে সচৰাচৰ ডাঙৰতকৈ বেচিকে মলমুত্ৰ ত্যাগ কৰাতো স্বভাৱ । সেয়ে আজিকালি বহুতে হাগীচ, পেম্পাচ আদি পিন্ধায় ।
মনত ৰাখিব:-

ক) কেচুৱাক এইবোৰ পিন্ধাওতে সদায় ভাল কোম্পানীৰ লিকপ্ৰুফ আৰু কিছু ঢিলা জোখৰ ডায়পাৰহে পিন্ধাব।
খ)পিন্ধোৱাৰ আগতে শিশুৰ ককাল তপিনা আদি ভালদৰে শুকোৱাৰ পিচত বেবি ক্ৰিম বা নাৰিকল তেল ঘহি পিন্ধাব । এনে কৰিলে কোমল চালত বেক্টেৰীয়া বা আন্য চালৰ ৰোগৰ ভয় নাথাকে ।

গ) অনবৰতে এইবোৰ পিন্ধাই থোৱাতকৈ পাতল কপাহী কাপোৰ মেৰাই বা জাঙ্গিয়া আদি পিন্ধোৱাতো ভাল । আৱশ্যক অনুসৰি ৩ঘন্টাতকৈ অধিক সময় নিপিন্ধাব ।

ঘ) অধিক গৰমত বতাহৰ বাঁ লগাবলৈ দুপৰীয়া শিশুক নাঙঠ বা পাতল কপাহী কাপোৰৰ জাঙিয়া , ছুটি পেন্ট আদি পিন্ধাব পাৰে ।
পুনৰ দোহাৰিলো:--- গৰমৰ দিনত শিশুক অতি ঠান্ডা পানীবৰফ ফ্ৰীজৰ পানী বা কোলড্ৰিংক আদি কেতিয়াও নুখুৱাব। এইবোৰে শিশুৰ হজম শক্তি কমায় , শৌচ কচা, অভোক ,অৰুচি,জৰ,চৰ্দি,কাহ ,হাঁইফাঁই আদি নানা ৰোগৰ বাহক হব পাৰে ।

লেখক: শ্ৰীযতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ