সন্তান প্ৰসৱৰ পিছত প্ৰলেক্টিন আৰু এড্ৰিনেল কৰ্টিক’ষ্টেৰইড নামৰ হৰমনে স্তনৰ এলভিঅলাৰ কোষত গাখীৰ উৎপাদন কৰে। সন্তানে স্তনপান কৰিবলৈ লওঁতে স্পৰ্শৰ কাৰণে স্তনৰ উত্তেজনা আহে। উত্তেজনাৰ এই অনুভূতি স্থনবৃন্তোৰ (nipple) পৰা কৃষ্ণমণ্ডলহৈ (areola) ভেগাচ নাৰ্ভৰে গতি কৰি পীযূষ গ্ৰন্থিৰ (pituitary gland) সন্মূখভাগ উত্তেজিত কৰে। পীযূষ গ্ৰন্থিৰ সন্মূখভাগ উত্তেজিত হোৱাৰ লগে লগেই প্ৰলেক্টিন নামৰ ৰসায়নবিধ নি:সৰিত হৈ তেজত মিলিত হয় আৰু তৎক্ষণাত সৰ্বদেহত সঞ্চালিত হয়। তেতিয়া অধিবৃক্কীয় গ্ৰন্থিৰ (adrenal gland) উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এড্ৰিনেল কৰ্টিক’ষ্টেৰইড হৰমন নি:সৰণ হৈ তেজত মিহলি হয়। এইদৰেই প্ৰলেক্টিন আৰু এড্ৰিনেল কৰ্টিক’ষ্টেৰইড হৰমন নি:সৰণ হৈ তেজত মিলি স্তনৰ এলভিঅলাৰ কোষত গাখীৰ উৎপাদন কৰে।

নিজ সন্তানৰ প্ৰতি মাকৰ গভীৰ মৰম চেনেহ ভাৱ ওপজে। নিজ সন্তানক কোলাত লৈ স্তনপান কৰিবলৈ উদ্যত হওঁতে স্বাভাৱিকতে আনন্দত আত্মহাৰা হোৱাটো এক সুস্থ মানসিকতাৰ লক্ষণ। অতিকৈ কোমল আৰু সংবেদনশীল স্তনত সন্তানে মুখ লগোৱাৰ লগে লগেই সন্তানৰ প্ৰতি থকা মাতৃস্নেহৰ বাবে এক মৃদু উত্তেজনাৰ অনুভূতি সৃষ্টি হয়। এই উত্তেজনাৰ অনুভূতি ভেগাচ নাৰ্ভৰে গতি কৰি পীযূষ গ্ৰন্থিৰ পশ্বাদভাগ উত্তেজিত কৰি তোলাৰ লগে লগেই অক্সিটচিন নামৰ এবিধ ৰসায়ন নি:সৰিত হৈ তেজত মিলিত হয়। এইবিধ ৰসায়নে স্তনৰ এলভিঅলাৰ কোষৰ ওপৰত ক্ৰিয়া কৰাৰ বাবেই উৎপাদিত স্তনৰ গাখীৰ নি:সৰিত হবলৈ ধৰে।এইদৰে নি:সৰিত গাখীৰ শিশুৱে পান কৰে।

মাতৃদূগ্ধৰ উপকাৰীতা -

(১)সন্তান প্ৰসৱৰ পিছত তিনি-চাৰিদিন পৰ্যন্ত কল’ষ্ট্ৰামযুক্ত হালধীয়া বৰণৰ গাখীৰ নি:সৰিত হয়। ইয়ক আমি ফেহু গাখীৰ বুলি কওঁ।এইবিধ গাখীৰত অত্যাধিক পৰিমাণে প্ৰোটিন আৰু খনিজ পদাৰ্থ থাকে যদিও স্বাভাৱিক গাখীৰতকৈ কম পৰিমাণে স্নেহ আৰু শৰ্কৰা থাকে। কল’ষ্ট্ৰাম খোৱাৰ পৰা শিশুৱে সংক্ৰমণ আৰু এলাৰ্জী প্ৰতিৰোধ ক্ষমতা পায়।

(২) প্ৰোটিন-স্তনৰ গাখীৰত থকা লেক্টোএলবুমিন আৰু লেক্টোগ্ল’বুলিন নামৰ প্ৰোটিনত কম পৰিমাণে চৰ্বি থাকে কাৰণে শিশুৱে সহজে হজম কৰিব পাৰে। কিন্তু শিশুৰ শৰীৰত হৰমন, পাচক ৰস , মস্তিষ্কৰ ৰসায়ন উৎপাদন তথা ৰোগ প্ৰতিৰোধ ক্ষমতা এই দুবিধ প্ৰোটিনৰ পৰা পোৱা যায়। ছাল, চুলি, নখ,হাড়,সংযোজক কোষ, মাংসপেশী, কোষৰ কলা আদিৰ কাৰ্যবোৰ প্ৰোটিনৰ বাবেই সুকলমে চলি থাকে। শিশুৰ শাৰীৰিক বিকাশ আৰু শক্তিৰ বাবে এই প্ৰোটিন দুবিধ অতিকৈ প্ৰয়োজন। স্তনৰ গাখীৰত থকা একগ্ৰাম প্ৰোটিনৰ পৰা শিশুৱে চাৰি কেলৰি শক্তি পায়।

(৩) ভিটামিন-স্তনৰ গাখীৰত ভিটামিন-এ আৰু ডি কম পৰিমাণে আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে। শিশুৱে ভিটামিন-চি প্ৰয়োজন অনুসাৰে স্তনৰ গাখীৰৰ পৰা পায় বাবে শিশুৰ হাড়, সিৰা আৰু ধমনী সুগঢ়িতহয়। কোনো ধৰণৰ আঘাত পালে ৰক্তক্ষৰণত বাধা প্ৰদান কৰে আৰু ঘাঁ সোনকালে শুকায়। সাধাৰণতে আঠ মাহৰ পৰা দূবছৰ বয়সলৈকে শিশুৰ মাজত অধিকসংখ্যক হিচাপে দেখা দিয়া স্কাৰ্ভী নামৰ ৰোগ, শাৰীৰিক দূৰ্বলতা আৰু ৰক্তহীনতা আদি ভিটামিন-চি যুক্ত গাখীৰ খোৱা বাবে হব নোৱাৰে।

(৪) স্নেহ বা চৰ্বি- স্তনৰ গাখীৰত থকা স্নেহত কলেষ্টেৰল কম মাত্ৰাত থাকে কাৰণে শিশুৱে অতি সহজে হজম কৰিব পাৰে। এই গাখীৰত থকা একগ্ৰাম স্নেহৰ পৰা শিশুৱে ন কেলৰি শক্তি পায়। স্নেহে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে, মেদ বঢ়াই, আহাৰৰ পৰা ভিটামিন-এ,ডি,ই,কে শোষণ কৰিব পাৰে।

(৫) শৰ্কৰা বা কাৰ্বহাইড্ৰেত- স্তনৰ গাখীৰত থকা লেক্ট’জ নামৰ শৰ্কৰাবিধ লাহে লাহে শোষণ আৰু হজম হয়। এইবিধ শৰ্কৰাৰ বাবেই শিশুৰ কোষ্ঠ-কাঠিন্যতা নহয় আৰু শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ হয়। বৃহদান্ত্ৰত ই কোলাই নামৰ ৰোগৰ বীজাণু উৎপন্ন হয় আৰু আন্ত্ৰিক শোথ ৰোগৰ পৰা শিশু ৰক্ষা পৰে। একগ্ৰাম শৰ্কৰাৰ পৰা শিশুৱে চাৰি কেলৰি শক্তি পায়।

(৬) খনিজ পদাৰ্থ- স্তনৰ গাখীৰত কেলছিয়াম, মেগনেছিয়াম, ছ’ডিয়াম, পটাচিয়াম, ফচফৰাচ, লৌহ, তাম ইত্যাদি নানা তৰহৰ খনিজ পদাৰ্থ থাকে। এই খনিজ পদাৰ্থৰ কাৰণে শৰীৰৰ গঠন অধিক মজবুত আৰু সুদৃঢ় হয়, শৰীৰত স্বভাৱিক ৰক্ত উৎপাদন হয় আৰু শৰীৰৰ কোষত জলীয় অংশৰ ভাৰসাম্যতা ৰক্ষা কৰে।

(৭)স্তনপানৰ দ্বাৰা মাতৃ আৰু সন্তানৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি উঠে। স্তনৰ গাখীৰ নিৰ্গত কৰা অক্সিটচিন নামৰ ৰসায়ন বিধে একে সময়তে জৰায়ুৰ ওপৰতো সঙ্কোচন ক্ৰিয়া কৰে। সেয়েহে সন্তানক স্তনপান কৰাওতে হোৱা এই ক্ৰিয়াৰ কাৰণে প্ৰসৱৰ পিছত জৰায়ুটোৱে স্বাভাৱিক স্থানত স্থিতি গ্ৰহণ কৰিব পাৰে।

(৮) অন্য গাখীৰতকৈ স্তনৰ গাখীৰত ফছফৰাচ কমকৈ থকা বাবে শিশুৰ আক্ষেপ (convulsions) হোৱাৰ সম্ভাৱনা নাথাকে। শাৰীৰিক গঠন আৰু মানসিক বিকাশ স্বাভাৱিক হয়।

(৯) স্তনৰ গাখীৰত ইমিউনো গ্ল’বুলিন -এ নামৰ চিৰাম প্ৰোটিন নি:সৰণ হৈ এন্টিবডি বহন কৰি ৰোগৰ বীজাণু ধ্বংস কৰে।

(১০) স্তনৰ গাখীৰ অতি সহজে আৰু বিনামূলীয়াকৈ পোৱা আহাৰ। ই সম্পূৰ্ণৰূপে বীজাণুমুক্ত আৰু শিশুৰ বাবে প্ৰয়োজনীয় উত্তাপত থাকে। সেয়েহে শিশুৰ ভোক লাগিলে নিমিষতে আহাৰ খাব পাৰে আৰু সহজে হজম কৰিব পাৰে। বীজাণুমুক্ত হোৱা বাবে এনে গাখীৰ খোৱাৰ পৰা শিশুৰ কোনো ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(১১) গৰু, ম’হ, ছাগলী আদিৰ গাখীৰ খীৰোৱা , পৰিবহন কৰা, গৰম কৰি শিশুক খুওৱালৈকে কেবাটাও পৰিবেশ আৰু পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়। সেয়েহে নানা তৰহৰ ৰোগৰ বীজাণু মিলিত হৈ গাখীৰ দূষিত কৰে। দূষিত গাখীৰ খোৱাৰ ফলত শিশুৰ যক্ষ্মা, টাইফইড,কলেৰা,ডায়েৰীয়া,ঘোঁৰা শলখা, যকৃত ৰোগ, নানা প্ৰকাৰৰ শ্বাস-প্ৰশ্বাস ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

কিন্ত স্তনৰ গাখীৰ শিশুৱে প্ৰত্যক্ষ ভাৱে মুখ লগাই খাই বাবে কোনপধ্যে গাখীৰ দূষিত হব নোৱাৰে।

(১২) নিয়মীয়াকৈ সন্তানক স্তনপান কৰোৱাটো মাতৃসকলৰ পৱিত্ৰ আৰু মহান কৰ্তব্য। স্তনপানৰ দ্বাৰা স্ত্ৰী বহুতো ৰোগৰ পৰা ৰক্ষা পায়। সন্তান প্ৰসৱৰ পিছত তথাকথিত কিছুমান আধুনিক মহিলাই স্তনযুগলৰ সৌন্দৰ্য ৰক্ষাৰ বাবে স্তনপান কৰোৱাৰ পৰা বিৰত থাকে। ফলস্বৰূপে গাখীৰ নি:সৰণ হ’ব নোৱাৰা বাবে এলভিঅলাৰ কোষৰ অস্বাভাৱিক পৰিৱৰ্তন হৈ স্তন কেঞ্চাৰ উৎপন্ন কৰে। কেতিয়াবা নি:সৰিত হোৱা স্তনৰ গাখীৰ স্ৰোতত আৱদ্ধ হৈ গোটমাৰি যায় আৰু পিছলৈ ইয়াৰ পৰা কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।মাতৃৰ গৰ্ভাৱস্থা, যক্ষ্মা ৰোগ, হৃদৰোগ,যৌনৰোগ, নেফ্ৰাইটিছ, টাইফইড, ব্ৰঙ্কোনিউমনীয়া, স্তনশোথ, স্তন টিউমাৰ আৰু কেঞ্চাৰ আদি ৰোগ হ’লে সন্তানক স্তনপান নকৰাব।

লেখক : ডা:মনোজ কুমাৰ শইকীয়া

ফোন নং- 9435209704