পটভূমি-১ -

মাতৃহীনা ছোৱালীজনীৰ পিতৃয়ে হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। সাধাৰণতকৈ কম বুদ্ধিমত্তাৰ বাৰ বছৰ বয়সীয়া কিশোৰীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ ওচৰৰ এজন চানা ব্যৱসায়ীয়ে এমুঠিমান চানৰি বিনিময়ত পাশৱিক কামনা চৰিতাৰ্থ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল।

তাই অন্তঃসত্ত্বা হোৱাতহে পিতৃয়ে এই বিষয়ে জানিব পাৰে। অতিশয় ৰক্তহীনতাত ভুগি মৃতপ্ৰায় অৱস্থাত কিশোৰীগৰাকীয়ে নগাঁও অসামৰিক চিকিৎসালয়ত এজনী কন্যা সন্তান জন্ম দিব লগা হয় মাত্ৰ ১২ বছৰ বয়সত। বৰ্তমান অভিযুক্ত কাৰাবন্দী।

পটভূমি-২ -

নগাঁৱৰ এগৰাকী শিশুৰোগ বিশেষজ্ঞৰ চেম্বাৰত মাতৃৰ লগত এগৰাকী ১১ বছৰীয়া ছোৱালী আহিছিল। সমস্যা মন বেয়া কৰি জুপুকা মাৰি থাকে, ভালকৈ খোৱা-বোৱা নকৰে, পঢ়া-শুনাত মনোযোগ নাই।

নিয়মীয়া পৰীক্ষাৰ অন্তত চিকিৎসকে জানিব পাৰিলে যে সাত মাহ আগতে কন্যাকাল পোৱা ছোৱালীজনী পাঁচ মাহৰ অন্তঃসত্ত্বা।

অকলশৰীয়াকৈ ভালদৰে সোধাত গম পোৱা গ’ল যে সামৰিক বিভাগত কৰ্মৰত নিজৰ মোমায়েকে ছুটীত ঘৰলৈ আঁহোতে ভাগিনীয়েকক বলাৎকাৰ কৰিছিল আৰু কাৰোবাক এই বিষয়ে জনালে মাৰি পেলোৱাৰ ভাবুকি দিছিল।

এই ধৰণৰ শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা আজিকালি প্ৰায়ে শুনা যায়। কিন্তু শিশু নিৰ্যাতন শব্দটোৱে যৌন নিৰ্যাতনৰ উপৰি আৱেগিক নিৰ্যাতন, শাৰীৰিক নিৰ্যাতন আৰু অৱহেলাক সামৰি লয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা অনুসৰি, শিশু নিৰ্যাতন বুলি ক’লে-

*সকলো ধৰণৰ শাৰীৰিক আৰু আৱেগিক দুৰ্ব্যৱহাৰ,

*যৌন নিৰ্যাতন,

*অৱহেলা,

*ব্যৱসায়িক বা অন্য শোষণ,

*যি শিশুৰ স্বাস্থ্য,

*জীৱন, বিকাশ তথা দায়বদ্ধতা,

*বিশ্বাস আৰু ক্ষমতাৰ পৰিপ্ৰেক্ষিতত শিশুৰ মৰ্যাদা হানি কৰি প্ৰকৃতাৰ্থত ক্ষতি কৰে এই সকলোৰে বুজা যায়।

বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি, প্ৰত্যেক বছৰে বিশ্বজুৰি প্ৰায় ৫৩,০০০ হাজাৰ শিশু হত্যাৰ বলি হয় তথা ১৮ বছৰৰ তলৰ প্ৰায় ১৫০ নিযুত ছোৱালী আৰু ৭৩ নিযুত ল’ৰা যিকোনো ধৰণৰ হিংসা আৰু যৌন নিৰ্যাতনৰ বলি হয়।

২০০৭ চনত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগে ১৩ খন ৰাজ্যত চলোৱা সমীক্ষা অনুসৰি ৫-১২ বছৰ বয়সৰ শিশুসকল আটাইতকৈ বেছি বিভিন্ন প্ৰকাৰৰ নিৰ্যাটনৰ বলি হয় তিনিজনৰ ভিতৰত দুজন শিশু শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হয়, ৫৩.২ শতাংশ শিশু বিভিন্ন ধৰণৰ যৌন নিৰ্যাতন আৰু ৫.৭ শতাংশ শিশু বলৎকাৰৰ বলি হোৱাৰ প্ৰমাণিত তথ্য পোৱা যায়। আৰু দেশৰ অন্য ৰাজ্যৰ তুলনাত অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ আৰু দিল্লীৰ এনে নিৰ্যাতনৰ তথ্য বেছি।

নিৰ্যাতনৰ বলি হোৱা শিশুৰ ক্ষেত্ৰত বহু সময়ত-

*এংজাইটি,

*অতিমাত্ৰা খং,

*আত্মহত্যাৰ প্ৰৱণতা,

*আত্মবিশ্বাসৰ অভাৱ,

*ডিপ্ৰেছন,

*নিচাশক্তি আদি সমস্যাই দেখা দিয়ে।

আমাৰ সন্তানসকলক নিৰ্যাতনৰ চিকাৰ নোহোৱাকৈ ৰাখিবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে অভিভাৱকৰ সচেতনতা অধিকাংশ সময়ত এনে হয় যে শিশুটি নিৰ্যাতনৰ বলি হৈ আছে, অথচ অভিভাৱকে গমেই নাপায় বা পালেও বহু দেৰি হৈ যায়।

শিশুৰ পৰিৱৰ্তিত আচৰণ অধ্যয়ন কৰি অভিভাৱকে শিশুটি নিৰ্যাতনৰ চিকাৰ হৈছে নেকি কিছু পৰিমাণে জানিব পাৰে।

বিভিন্ন ধৰণৰ নিৰ্যাতন আৰু নিৰ্যাতিত শিশুৰ আচৰণত দেখা পোৱা পৰিৱৰ্তনসমূহ এনে ধৰণৰ-

শাৰীৰিক নিৰ্যাতন বুলি ক’লে কোবোৱা, চৰিওৱা গুৰিওৱা আদি শাৰীৰিক অত্যাচাৰৰ ফলত সৃষ্টি হোৱা সাধাৰণ আঁচোৰৰ পৰা আৰম্ভ কৰি গুৰুতৰ আঘাত, মৃত্যু এই সকলোকে বুজা যায়।

এনে নিৰ্যাতনৰ বলি শিশুৰ আচৰণৰ পৰিৱৰ্তনসমূহ যেনে-

*অতিমাত্ৰা খঙাল আৰু অন্যৰ লগত কাজিয়া কৰা।

*অন্য ল’ৰা-ছোৱালী বা সহপানীৰ ওপৰত অত্যাচাৰ কৰা বা নিজেই অত্যাচাৰ সহি থকা।

*খেলা-ধূলা নকৰা আৰু সহজ হ’ব নোৱাৰা।

*বয়স্ক লোকৰ উপস্থিতিত অত্যধিক সচকিত হোৱা।

*মনোযোগৰ সমস্যা, স্কুলত ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰা, গাৰ কাপোৰ-কানি খুলিব লগা পৰিস্থিতিৰ পৰা সততে আঁতৰি থকা।

*নভবাকৈ খঙৰ আকস্মিক বিসফোৰণ।

*মিছা কোৱা, চুৰি কৰা, অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱা।

*আনক বিশ্বাসত ল’ব নোৱাৰা আৰু বন্ধুত্ব কৰিবলৈ অপাৰগতা।

আৱেগিক নিৰ্যাতন আৰু অৱহেলা বুলি ক’লে কথাৰে বা অন্য ধৰণেৰে কৰা বিভিন্ন শোষণ যেনে-

*উপহাস,

*ককৰ্থনা,

*শাস্তি আদিক বুজা যায়, যি শিশুক-

*অৱহেলিত,

*নিষ্কৰ্মা,

*হীনমন্য অনুভৱ কৰায়।

এনে শিশুৰ পৰিৱৰ্তিত আচৰণসমূহ এনেধৰণৰ-

*খুব লাহে লাহে ভয়ে ভয়ে কথা ক’বলৈ লোৱা বা এটা কথা ক’বলৈ বহুত সময় লোৱা।

*বেছি নিষ্ক্ৰিয় হৈ থকা তথা স্বতঃসফূৰ্ত আচৰণৰ অভাৱ।

*খোৱাত অনীহা আৰু বৃদ্ধি আৰু বিকাশ ধীৰ হোৱা।

*আপোন মানুহৰ লগত সু-সম্পৰ্ক ৰক্ষাত অসুবিধা।

*অচিনাকি ব্যক্তিৰ লগত স্বাভাৱিকভাৱে বন্ধুত্বপূৰ্ণ আচৰণ।

*নিজৰ বয়সৰ আন শিশুৰ লগত বেয়া আচৰণ।

*শিশুৰ স্বাভাৱিক কল্পনাপ্ৰৱণতাৰে খেলিবলৈ অপাৰগ।

*নিজৰ বিষয়ে বেয়াকৈ ভবা।

*অতি সোনকালে অন্যমনস্ক হোৱা আৰু পাঠ্যক্ৰমত বেয়া প্ৰদৰ্শন।

শিশুটিক নিৰ্যাতিত নোহোৱাকৈ ৰাখিবৰ বাবে পিতৃ-মাতৃৰ কৰণীয়সমূহ এনেধৰণৰ-

*শিশুটিৰ ওপৰত উল্লেখ কৰা ধৰনৰ অস্বাভাৱিকভাৱে আচৰণৰ পৰিৱৰ্তন হৈছে নেকি, লক্ষ্য কৰক।

নিজৰ শব্দ প্ৰয়োগ আৰু ব্যৱহাৰ সংযত কৰক। শিশুৰ ওপৰত নিজৰ উচ্চকাংক্ষাসমূহ জাপি নিদি সন্তানৰ ইচ্ছা, অনিচ্ছা, সক্ষমতা আৰু সীমাবদ্ধতা তথা অভিৰুচিক সন্মান কৰক।

কোনো কাৰণতে ভয় খুৱাই বা উপহাস কৰি কাম আদায় কৰিবৰ চেষ্টা নকৰিব।

পিতৃ-মাতৃৰ বাবে সন্তানটি যে আটাইতকৈ মূল্যৱান, তাক মৰমৰ স্পৰ্শৰ নিৰাপত্তাৰে অনুভৱ কৰাওক।

ডেৰ-দুই বছৰ বয়সৰ পৰাই সদায় সকলো সময়তে অন্তৰ্বাস পৰিধানৰ অভ্যাস কৰাওক আৰু অন্তৰ্বাসে আৱৰি থকা অংগসমূহ কাৰো আগতে মুকলিকৈ নৰখাৰ শিক্ষা দিয়ক।

এই অংগসমূহ পৰাপক্ষত নিজেই পৰিষ্কাৰ কৰিবলৈ শিকাওক। প্ৰয়োজন সাপেক্ষে মাতৃয়ে সহায় কৰক।

ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ মাজত পাৰ্থক্য বুজাওঁতে সৰল আৰু শিশুৱে বুজি পোৱাকৈ বুজাওক।

যৌন সম্পৰ্কৰ দৰে জটিল কথা বুজাবলৈ গ’লে হিতে বিপৰীতে হোৱাৰ সম্ভাৱনা থাকে। যিহেতু এনে কথাবোৰ অতি সংবেদনশীল, সেয়ে অভিভাৱক সাৱধান হোৱা উচিত।

সন্তানৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰক, বিশ্বাস কৰক আৰু নিৰাপত্তা প্ৰদান কৰক, যাতে সকলো কথা গোপনীয়তা নৰখাকৈ ক’বলৈ শিশুটিয়ে ভয় নকৰে।

প্ৰয়োজন সাপেক্ষে সহায় বিচাৰিবলৈ, চিঞৰিবলৈ আৰু উৎসৰ পৰা আঁতৰি আহিবলৈ শিকাওক।

শিশুটিক নিয়মানুৱৰ্তিতাৰ শিক্ষা দিওঁতে শান্তভাৱে কিছু সময় হাতত লৈ শিকাওক। শিশুৰ অধিকাৰ তথা অন্যায় সহি নাথাকিবলৈ উৎসাহিত কৰক।

স্কুলত, সমাজত, শিশুৰ লগৰীয়াসকলৰ পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱৰ মাজত নিৰ্যাতনৰ বিষয়ে সজাগতা সৃষ্টি কৰক।

এনেদৰে অবিভাৱকৰ সচেতনতা আৰু প্ৰচেষ্টাৰ সহায়ত আমি আমাৰ সন্তানসকলক নিৰ্যাতনৰ বলি হোৱাৰ পৰা ৰক্ষা কৰি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ নাগৰিক হিচাপে গঢ়ি তোলাত সফল হ’ব পাৰিম।

যৌন নিৰ্যাতন বুলি ক’লে অনাকাংক্ষিত স্পৰ্শ, অশ্লীল ইংগিত বা কথা, অশ্লীল আচৰণ তথা সন্মতি অবিহনে কৰা যৌন সম্পৰ্কক বুজায়, যি নিৰ্যাতিতক শাৰীৰিক আৰু মানসিক আঘাত দিয়ে।

যৌন নিৰ্যাতন পৰিয়ালৰ উপৰি ঘৰৰ বাহিৰত, স্কুলত, শিশু গৃহত, ডে’ কেয়াৰ চেন্টাৰ, হোষ্টেল বা ক্ৰেছত হ’ব পাৰে।

এনে নিৰ্যাতনৰ বলি শিশুৰ আচৰণৰ পৰিৱৰ্তন এনে ধৰণৰ-

*আকস্মিকভাৱে অগতানুগতিক আচৰণ প্ৰদৰ্শন।

*নিজৰ বিষয়ে বেয়া ল’ৰা বা ছোৱালী বুলি ভবা নিজৰ যত্ন নোলোৱা।

*প্ৰাপ্তবয়স্কৰ দৰে অশ্লীল কথা কোৱা বা খেলা-ধূলাত যৌনগন্ধী বস্তু বা কথাৰ অৱতাৰণা।

*নিজৰ মাজতে সোমাই থকা বা কথা লুকুওৱা।

*স্কুলত বেয়া প্ৰদৰ্শন।

*টোপনিৰ সমস্যা।

*কাপোৰত শৌচ-প্ৰস্ৰাৱ কৰি দিয়া।

*অস্বাভাৱিকভাৱে যৌন আবেদক আৰু চঞ্চল আচৰণ।

*কোনোবাই স্পৰ্শ কৰিলে ভয় খোৱা।

*নিচাসক্তি।

*ডিপ্ৰেছনত ভোগা আৰু বহু সময়ত আত্মহত্যাৰ প্ৰৱণতা।

*পলায়নবাদী মনোভাব, বিভিন্ন লোকৰ লগত যৌন সম্পৰ্ক স্থাপন আৰু বহু সময়ত ব্যৱসায়ত লিপ্ত হোৱা।

*অস্বাভাৱিকভাৱে খাদ্য গ্ৰহণজনিত(অস্বাভাৱিকভাৱে অতি কম বা বেছি খাদ্য গ্ৰহণ, খাদ্য খোৱাৰ পিছত নিজেই বমি কৰি দিয়া আদি) মানসিক সমস্যা যেনে- এটা এন’ৰেক্সিয়া নাৰ্ড’ছা বা বুলিমিয়া নাৰ্ভ’ছাত ভোগা।

লেখিকা: আৰাধনা বৰুৱা(নিয়মীয়া বাৰ্তা)