মাকৰ স্তন গাখীৰ নৱজাত শিশুৰ কাৰণে অমৃত সদৃশ । নৱজাত শিশুৰ জন্মৰ লগে লগে আত্মীয় স্বজনৰ মাজত প্ৰায়ে নৱজাত শিশুৰ খাদ্যক লৈ তত নোহোৱা পৰিলক্ষিত হোৱা দেখা যায় । নৱজাতক কি খোৱাব , কি নোখোৱাব ,তাকে লৈ ব্যতি ব্যস্ত হয় । প্ৰায়ে দেখা যায় নৱজাত শিশুৰ জন্মৰ লগে লগে মাতৃ সমাজে নৱজাত শিশুক মাতৃৰ গাখীৰ খোৱা বন্ধ কৰি চিনিৰ পানী নাইবা তালমিশিৰীৰ পানী খোৱাবলৈ আৰাম্ভ কৰি দিয়ে ,যাৰ চুৰান্ত পৰিনতি হিচাবে নৱজাতটিক সুস্থ সৱল দেহৰ পৰা ৰোগৰ মুখ লৈ হেচি দেও । নৱজাত শিশুটিয়ে মাতৃগৰ্ভত থকাকালিন মাতৃৰ সযতনে বহিৰাগত আক্ৰমণৰ পৰা নিৰাপদে থাকে , কিন্তু মাতৃগৰ্ভৰ পৰা নৱজাতটিয়ে ভূমিষ্ঠ হোৱাৰ লগে লগে প্ৰকৃতিৰ বতৰৰ লগত প্ৰতিদণ্ডিতাত নামিব লগা হয় , ফলত নৱজাত টিয়ে হঠৎয়ে প্ৰকৃতিৰ লগত যুঁজ দি নিজে জয়ী হোৱাটো অসম্ভৱ হৈ পৰে । ফলত চেনিৰ পানী আৰু তালমিশিৰিৰ পানীয়ে নৱজাতটোৰ কাৰণে হৈ পৰিব পাৰে মাৰাত্মক ।
নৱজাত শিশুৰ জন্মৰ পিছত প্ৰথম দুই তিনিদিন মাতৃৰ স্তনৰ পৰা যিবোৰ ঘন আটাময় পদাৰ্থ ওলাই আহে , সেইবোৰ হল কলেষ্ট্ৰাম । অনাভিজ্ঞ মাতৃসমাজে এয়া নৱজাতৰ বাবে হানিকাৰক বুলি ভাবি মনেৰ সন্দেহত নৱজাতক নোখোৱাই সেয়া মাতৃৰ স্তনৰ পৰা উলিয়াই পেলাই দিয়ে । কিন্তু কলষ্ট্ৰাম যে কি বস্তু সেয়া নাজানি তাক পেলাই দি মাতৃহতে যি ভুল কৰে , সেয়া প্ৰকৃততে তাৰ গুণাগুণ জানিব পাৰিলে নিজেই অনুশোচনাত দগ্ধিত হৈ পৰিব ।
কলষ্ট্ৰাম হল শিশুৰ কাৰণে অতিশয় উত্তম আহাৰ ,যাক শিশুৱে এবাৰ হেৰালে মানৱ জীৱনত দুনাই কেতিয়াও উভতি নাপায় । কলষ্ট্ৰামত শিশুৰ কাৰণে ইমানেই পুষ্টি জমা হৈ থাকে , যি বেলেগ কোনো আহাৰত তেনে পুষ্টি বিচাৰি পোৱা নাযায় । কলষ্ট্ৰামৰ গুণাগুণ সম্পৰ্কে বিচাৰ কৰিলে দেখা যায় - কলষ্ট্ৰাম এনে এক পদাৰ্থ যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অপৰিসীম ।সাধাৰণতে অজ্ঞ মাতৃসকলে নৱজাত শিশুৰ কল্যানৰ কথা চিন্তা কৰি ভুলবশত মাতৃৰ গাখীৰ নোখোৱাই যি ভুল কৰে , তাৰবাবে মাতৃ সকলোৱে নৱজাতটোৰ কাৰণে হৈ পৰে চিৰ শত্ৰু ।
এই কলষ্ট্ৰাম কৃত্ৰিম কলষ্ট্ৰামত কৈ হাজাৰ গুণে অধিক শক্তিশালী কলষ্ট্ৰাম । যাৰ সৃষ্টি মাতৃগৰ্ভত ভ্ৰণ জন্ম লোৱাৰ পিছৰে পৰা পল অনুপলে সৃষ্টি হোৱা আৰাম্ভ কৰে । মাকৰ গাখীৰ সেয়াই নৱজাত শিশুক জন্মৰ পিছৰ পৰাই খোৱা আৰাম্ভ কৰি দিব লাগে । যাতে আমি নৱজাত শিশুক মাকৰ গাখীৰ খোৱাৰ পৰা বিৰত ৰাখি তেওৰ জীৱনৰ শত্ৰু হৈ নপৰো । মাতৃৰ গাখীৰত অপৰিসীম ৰোগ প্ৰতিৰোধ ক্ষমতা থকাৰ কাৰণে সাধাৰণতে মাৰাত্মক ৰোগ সমুহে শিশুৰ দেহত আক্ৰমণ কৰিব নোৱাৰে । এই মাৰাত্মক ৰোগ সমুহ হ’ল যথাক্ৰমে—হাম , ডিপথেৰিয়া , মাম্পচ , পলিঅ , এনকেফালাইটিস , ডাইৰিয়া , কাঁহ ,যক্ষ্মা , ইত্যাদি , যিবোৰ ৰোগ নিৰ্মূল কৰাৰ কাৰণে চৰকাৰে গাওঁৱে চহৰে অভিযান চলাই আহিছে , সৌবোৰ ৰোগৰ প্ৰতিটোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা মাতৃৰ গাখীৰত অপৰিসীম ভাৱে গুপ্ত হৈ আছে যিটো হয়তো মাতৃহঁতে জনা নাই বাবে সিহঁতে মাতৃৰ গাখীৰৰ প্ৰতি উদাস হৈ পৰে । সেয়েহে আহক মাতৃ সমাজে মাতৃৰ গাখীৰ সম্পৰ্কে উদাস মাতৃৰ বিৰুদ্ধে ঐক্য গঢ়ি তোলক ।

লেখক -আমিনুৰ ৰহমান

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ