শিশুটিৰ দৃষ্টিশক্তি কম হোৱাৰ কাৰণসমূহ হ'ল: শিশুবোৰে ধেমালিতে চকু বেকা কৰি দেখুৱালে এই কাৰ্য্যই দৃষ্টিশক্তিত প্ৰভাৱ পেলায়। শিশুৱে যদি ওচৰৰ পৰা বহু সময় ধৰি টি.ভি চাই থাকে তেতিয়া হ’লে দৃষ্টিশক্তি কমে। ইয়াৰ উপৰিও কম পোহৰৰ টি.ভি চোৱাটোও চকুৰ বাবে অনিষ্টকাৰক। শিশুৰ শৰীৰত যিমান আহাৰৰ প্ৰয়োজন হয়, যদি সিমান নাখায় তেন্তে চকুত জোৰ পৰে। ফলত দৃষ্টিশক্তি কম হয়। যদি বহু দেৰিলৈকে শুই শুই কিতাপ পঢ়ে নতুবা বেছি তললৈ মূৰ কৰি কিতাপ পঢ়িলে দৃষ্টিশক্তি কমে। আজিকালি শিশুবোৰে সৰুৰে পৰাই কম্পিউটাৰ চলোৱাত আগ্ৰহী। বহু সময় ধৰি কম্পিউটাৰ মণিটৰলৈ চাই থাকিলেও চকুৰ অনিষ্ট সাধন হয়। পঢ়া কোঠাটোত যদি প্ৰয়োজনীয় পোহৰ নাথাকে তেন্তে চকুৰ দৃষ্টি কম হয়। আজিকালি ফাষ্টফুড খোৱাৰ ফলতো দৃষ্টিশক্তিত প্ৰভাৱ পৰে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।