শিশুৰ বাবে পৃথিৱীৰ সকলো বস্তুৱেই আচৰিত। কোনটো বস্তু কি চুবলৈ বা ল’বলৈ তাৰ খুবেই আগ্ৰহ। কোনটো বস্তু কি চুবলৈ বা ল’বলৈ তাৰ খুবেই আগ্ৰহ। কোনটো বস্তু তাৰ বাবে ধৰা বা লোৱাটো বিপদজনক সেইকথা সি নাজানে। গতিকে পিতৃ-মাতৃয়ে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। তলত কেইটামান পৰামৰ্শ আগবঢ়োৱা হ’ল: শিশুটিক খাবলৈ দিয়া খাদ্য গৰমে গৰমে নিদিব। কিমান গৰম সেয়া চাইহে দিব। শিশুটিয়ে খেলিবৰ বাবে নিৰ্দিষ্ট ঠাই এটুকুৰা ঠিক কৰি দিয়া উচিত। ঘৰ চাফা কৰা সামগ্ৰী, বাচন-বৰ্তন মাজা বস্তুবোৰ শিশুটিয়ে পোৱাকৈ নাৰাখিব। শিশুটিক জুই শলা, লাইটাৰ আদি বস্তুৰ পৰা আতঁৰাই ৰখা ভাল। চকী, মূঢ়া আদি বস্তুত অকলে শিশুটিক বহুৱাই বা থিয় কৰাই থোৱাৰ অভ্যাস নকৰোৱাই ভাল। পাকঘৰত ষ্ট’ভ, গেছ বাৰ্ণাৰ আদিত ৰান্ধি থাকোতে শিশুটিক লগত নৰখাই ভাল। ঘৰত থকা কটাৰী, ব্লেড, ছুৰী, কেঁচি আদি বস্তু এটা ড্ৰয়াৰত বন্ধ কৰি ৰাখিলে শিশুটিৰ কাৰণেই ভাল। শিশুটিক সহজে ভাঙিব নোৱাৰা যতনত খাবলৈ দিয়া উচিত। মজিয়াত ভুলতো পানী পেলাই নাৰাখিব। শিশুটি পিচল খাই পৰিব পাৰে। ঘৰৰ পেলনীয়া বস্তু ৰখা ডাষ্টবিনটো শিশুটোৰ পৰা আতঁৰাই ৰাখক। ৰেফ্ৰিজাৰেটৰটো শিশুটিয়ে ইচ্ছামতে খুলিব নোৱাৰাৰ প্ৰতি লক্ষ্য ৰাখক। বৈদ্যুতিক সা-সৰঞ্জামবোৰ শিশুটিয়ে চুব নোৱাৰাকৈ আছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখক। কুকুৰ, মেকুৰী আদিৰ লগত খুব ঘনিষ্ঠতা কৰিবলৈ নিদিব। বিদ্যুৎ পৰিবাহী তাঁৰৰ ক্ষেত্ৰত সাবধানতা অৱলম্বন কৰক। গাড়ী, মটৰ চাইকেল আদিত ৰখাই থোৱা অৱস্থাতো শিশুক উঠিবলৈ নিদিব। কাপোৰ ইস্ত্ৰি কৰাৰ সময়ত শিশুটিক ওচৰ চাপিবলৈ নিদিব। শিশুৱে মাটি খালে এটা পকা মালভোগ কল মৌ মিহলাই খোৱাওঁক। শিশুটিৰ মূৰৰ চুলি ঘনাই খুৱাই থাকিব নালাগে। এনে কৰিলে শিশুৰ চুলিৰ গুৰি নষ্ট হৈ যাব পাৰে। তেতিয়া পুনৰ চুলি নগজিব পাৰে। তদুপৰি চুলি হ’ল শৰীৰৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰক। চুলিয়ে দেহৰ লগতে বাহিৰৰ তাপমাত্ৰাও নিয়ন্ত্ৰণত ৰাখে। শিশুৱে জন্তু, চৰাই আদি ভাল পায় যদিও সিহঁতৰ পৰা শিশুক আঁতৰাই ৰখা ভাল। জন্তু, চৰাইৰ পৰা শিশুৰ বিভিন্ন ধৰণৰ ৰোগ হ’ব পাৰে। কুকুৰৰ পৰা শিশুৰ ছালৰ ৰোগ হ’ব পাৰে। কেনেবাকৈ কুকুৰে কামুৰিলে জলাতঙ্ক ৰোগ হৈ শিশুটিৰ মৃত্যুও হ’ব পাৰে। বিলাতী এন্দুৰ, মেকুৰী, শহাপহু আদিৰ পৰা এলাৰ্জি, হাপাঁনি, হুপিংকাহ আদি শিশুৰ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে। মেকুৰীয়ে আঁচুৰিলে ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে। এন্দুৰে মানুহৰ মগজুত সংক্ৰমণ ঘটাব পাৰে। লগতে লিভাৰতো সাংঘাটিক প্ৰদাহৰ সৃষ্টি কৰিব পাৰে। গতিকে শিশুৰ ৰক্ষাৰ প্ৰতি সচেতন হৈ জীৱ-জন্তুৰ পৰা শিশুক আতঁৰাই ৰখাই উচিত। এইবোৰৰ উপৰিও শিশুৰ ক্ষেত্ৰত সাৱধানতা বহুত আছে। ঘৰতে থকা মাকগৰাকীয়ে শিশুটিক সকলো সময়তে চকু-কাণ দিব পাৰে। কিবা কাৰণত শিশুটিক ঘৰতে থৈ বাহিৰলৈ যাবলগীয়া হ’লে তাক বাহিৰৰ অচিনাকি লোকৰ সৈতে কেনে আচৰণ কৰিব লাগে, কোনজন মানুহৰ পৰা বিপদ হ’ব পাৰে সেয়া ভালকৈ বুজাই দিয়ক। শিশুটিক কাম কৰা মানুহৰ পৰা, ঘৰুৱা শিক্ষকজনৰ পৰাও সাৱধান হ’বলৈ শিকোৱা উচিত। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।