শিশুৱে ফুৰ্তিত, নিজৰ দোষ ঢাকিবলৈ, মানসিক অস্থিৰতাৰ বাবে, সঁচা-মিছাৰ পাৰ্থক্য বুজি নোপোৱাৰ বাবে মিছা কথা কয়। এই ক্ষেত্ৰত শিশুক সৰুৰে পৰা সঁচা কথা ক’বলৈ শিকাব লাগে আৰু বুজাব লাগে। দোষণীয় কাম কৰিলে শিশুক শাস্তি দিয়াতকৈ মৰমেৰে ভুল শুধৰাই দিব লাগে। শিশুটিক অত্যাধিক শাসন কৰিলে, শাৰীৰিক চাপৰ সন্মুখীন হ’লে, ঘৰৰ মানুহে অৱহেলা কৰিলে, কোনো কামত বিফল হ’লে দোষ জাপি দিলে, শিশুটি কাজিয়া কৰা স্বভাৱৰ বা আক্ৰমণাত্মক স্বভাৱৰ হৈ পৰিব পাৰে। গতিকে শিশুটিৰ প্ৰয়োজনীয়তা, ইচ্ছাৰ ওপৰত চকু ৰাখি তাৰ প্ৰতি সহানুভূতিশীল হোৱা উচিত। আনৰ লগত মিলামিছা কৰিব নিবিচৰা শিশুৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগে, তাৰ মানসিক আৰু শাৰীৰিক দিশত গুৰুত্ব দিব লাগে। শিশুৰ দাঁতেৰে নখ কামুৰি থকা আৰু আঙুলি চুপি থকাৰ অভ্যাস থাকে। এই অভ্যাস সৰুৰে পৰাই আতঁৰাবলৈ গুৰুত্ব দিব লাগে। নহ’লে কেতিয়াবা কোনো শিশুৰ ডাঙৰলৈকে এই অভ্যাস থাকি যায়। কেতিয়াবা শিশুৰ মাজত চুৰি কৰাৰ অভ্যাস আৰু অপৰাধ প্ৰৱণতাই গঢ় লৈ উঠে। এনে ক্ষেত্ৰত প্ৰথমে শিশুটিৰ এনে অভ্যাসবোৰৰ কাৰণ বিচাৰি উলিয়াব লাগে। ঘৰৰ পৰিৱেশটো সুন্দৰ কৰি গঢ়ি তুলিব লাগিব। অভিভাৱকে নিজেও সৎ হ’ব লাগিব আৰু শিশুয়ে কৰা কাৰ্যবোৰ যে অসৎ সেয়া ভালকৈ বুজাই দিব লাগিব। শিশুটিক মৰমেৰে বুজাই ঠিক কৰিব নোৱাৰিলে মনো-চিকিৎসকৰ ওচৰলৈ যোৱা উচিত। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।