শিশুৰ ছাল অতি কোমল। সেয়েহে শিশুৰ ছালৰ সামান্য সমস্যা দেখা দিলেই বহুত কঠিন চৰ্মৰোগ যেন লাগে। অবশ্যে চৰ্মৰোগ কম হৈ থাকোতেই চিকিৎসা নকৰিলে, সাধাৰণ চৰ্মৰোগেই পিছলৈ ডাঙৰ সমস্যা ৰূপে দেখা দিয়ে। সেয়েহে প্ৰতিটো শিশুৰ অভিভাৱকৰ শিশুৰ চৰ্মৰোগ সম্পৰ্কে সম্যক জ্ঞান থকা অতীৱ প্ৰয়োজন।

শিশু এটিৰ জন্মৰ পিছতেই নৱজাতকৰ চকুৰ পতা, কপাল, ডিঙি আদি স্থানত পাতল ৰঙা বা গুলপীয়া ৰঙৰ ডাগ কিছুমান দেখা যায়। শিশুটিৰ বয়স বাঢ়ি অহাৰ লগে লগে এই ডাগবোৰ কমি যায়। ইয়াক 'চালমন পেটচ্' বোলা হয়। এই ডাগবোৰ চিকিৎসা নকৰাকৈ বয়সৰ লগত কমি যায়।

আন এক ধৰনৰ ৰঙা বা ডাঠ গুলপীয়া ৰঙৰ ডাগ শিশুৰ ছালত দেখা যায়। এই ডাগবোৰৰ নাম 'পোৰ্ট ওৱাইন ষ্টেন' ।এই ডাগবোৰ দেখাত যদিও চালমন পেটচ্ ৰ দৰেই হয়, কিন্তু চিকিৎসা অবিহনে এইবোৰ শিশুৰ শৰীৰৰ পৰা আতৰি নাযায়। এই ৰোগৰ উপসৰ্গ হিচাপে শিশুৰ স্নায়বিক ৰোগ জড়িত হৈ থাকে আৰু বহুক্ষেত্ৰত শিশুৰ চকুৰ গ্লুকমা ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

'মিলিয়া' নামৰ আন এক চৰ্মৰোগ শিশুৰ শৰীৰত পোৱা যায়। শিশুৰ বয়স এসপ্তাহৰ পৰা এমাহৰ ভিতৰত নাক, কপাল, বা গালত খুব সৰু সৰু গুটি দেখা যায়। এই গুটিবোৰৰ ভিতৰৰ পৰা বগা বা পাতল হালধীয়া ৰঙৰ ৰস ওলায়। ই প্ৰায় এক মিলিমিটাৰ পৰ্যন্ত ব্যাসাৰ্দ্ধৰ হব পাৰে। অবশ্যে দেখা দিয়াৰ কিছুদিনৰ পাছত এইবোৰ শৰীৰত মিলি যায়।

মিলিয়াৰ নিচিনাই দেখা আন এক চৰ্মৰোগ ৰোগ হ'ল 'চিবেচাচ গ্লেণ্ড হাইপাৰপ্লেচিয়া'। এইক্ষেত্ৰত গুটিবোৰ ঘামচিৰ নিচিনা বাঢ়ে। নাক, গাল তথা ওঠৰ ওচৰত এই ৰোগ বেছি হয়।

অধিকাংশ পিঠিৰ তলৰ অংশত নীলাৰঙৰ অলপ ডাঙৰ ডাঙৰ আকৃতিৰ কিছুমান ডাগ দেখা যায়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াৰ নাম হ'ল মংগোলীয়ান ষ্পট্। মংগোলীয়ান ষ্পট্ পিঠিৰ নিম্নাংশৰ উপৰিও কেতিয়াবা কেতিয়াবা পিঠিৰ ওপৰ অংশ, কান্ধ, দুবাহু, ভৰি, আনকি কেতিয়াবা মুখতো দেখা যায়।

শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখাৰ প্ৰথম বা দ্বিতীয় দিনাই তাৰ দেহত হাত, ভৰি, আৰু মুখমণ্ডলত ৰঙা ৰঙা ডাগ কিছুমান দেখা যায়। এই ডাগবোৰৰ লগতে সৰু সৰু গুটি, আনকি পানীজোলাৰ নিচিনা দেখা দিয়ে। কিছু কিছু ক্ষেত্ৰত এই পানীজোলাবোৰৰ ভিতৰত পূজৰ নিচিনা দ্ৰব্যও জমা হয়। অবশ্যে দেখাত এই ৰোগ ভয় লগাৰ নিচিনা হলেও, এইবিলাক বিনা চিকিৎসাই ভাল হয়। এই ৰোগক চিকিৎসা বিজ্ঞানে নাম দিছে 'এৰিথ্মা টক্সিকাম' ।

শিশুৰ ছালৰ কিছুমান জন্মগত সমস্যা (? ) থাকে
1 ছালৰ ডিম্পল আৰু ছাইনাচ
2 ছালৰ উপাধিৰ সমস্যা
3 ছালৰ বৰণ

'ডিম্পল' হৈছে ছালৰ কোনো এক স্থানত অলপ বহি যোৱা বা গাঁতৰ নিচিনা যাক সহজ ভাষাত 'টোল' পৰা বুলিও কোৱা হয়।
মানৱ শৰীৰৰ মেৰুদণ্ড য'ত শেষ হৈছে, তাৰ ছালৰ পৰা মেৰুদণ্ডৰ মাজত থকা স্নায়ু পৰ্যন্ত এক ছাইনাচ দেখা যায়। ইয়াক 'পিলোনিডেল ডিম্পল' বা 'পিলোনিডেল ছাইনাচ ' বুলি কোৱা হয়। ফলস্বৰূপে এই ছাইনাচৰ মাজেৰে বহু বীজাণু ছালৰ পৰা স্নায়ুৰ মাজলৈ গৈ মগজুৰ মেনিনজেচ অংশত সংক্ৰমণ কৰি মেনিনজাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰোপৰি ডিঙিৰ ওচৰত থকা ছাইনাচ যেনে ব্ৰংকিয়েল ছাইনাচ - এই নলীপথ ডিঙিৰ কাষৰ পৰা ডিঙিৰ ভিতৰ পৰ্যন্ত বিস্তৃত থাকে।
শৰীৰৰ এই বিভিন্ন স্থানৰ ছাইনাচ সমূহ শল্য চিকিৎসাৰ দ্বাৰা ঠিক কৰিব পাৰি। ছালৰ উপাংগ সমুহৰ আৰু নানা ভাগ আছে। এইবোৰ হ'ল অতিৰিক্ত আঙুলি, বৰ্ধিত ছাল, অতিৰিক্ত বা বৰ্ধিত নিপ'ল আৰু এৰিকুলাৰ টেগ।
শৰীৰৰ ছালৰ উপাংগ সমুহৰ বিকৃতিয়ে শৰীৰৰ কোনো ক্ষতি নকৰে। শল্য চিকিৎসাৰ দ্বাৰা এইবোৰ থিক কৰিব পৰা যায়।
এৰিকুলাৰ টেগ হ'ল কানৰ লগত লাগি থকা বা কানৰ সন্মুখৰ ফালে গালৰ লগত লাগি থকা ছালৰ সৰু সৰু টুকুৰা। ঠাই বিশেষে এইবোৰ ডাঙৰ আকাৰৰ হব পাৰে।
অতিৰিক্ত আঙুলি সাধাৰণ আঙুলিৰ দৰেই হব পাৰে বা সৰু সৰু অংশ লৈ আঙুলিৰ কাষৰ ফালে হয়, আৰু কেতিয়াবা আঙুৰৰ ফলৰ নিচিনা ওলমি থাকে।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ