আপোনাৰ শিশুটিৰ ভোক কম, , মিঠা বস্তু বেচিকৈ খাব বিচৰা , টোপনি কম , ৰাতি দাঁত কৰচী থকা, নাক,শৌচদ্বাৰ বা প্ৰস্ৰাবদ্বাৰ খজুৱাই থকা , টোপনিত প্ৰস্ৰাব কৰা ,বাৰে বাৰে খাব বিচৰা, অজীৰ্ন, অৰুচী,খাই উঠি বমি কৰা ,শৌচ কচা বা সঘনাই হাগনি হৈ থকা, পাতল পাইখানা, মাজে মাজে শৌচৰ ৰং ক'লা বা শৌচত তেজ পৰা, পেটৰ বিষ, আঙুলি বা গাথি উখহা, মন মাৰি থকা, চকু স্বাভাৱিকতকৈ ৰঙচুৱা, জিভাৰ ৰং বগা , মুখৰ বেয়া গোন্ধ ওলোৱা, বেচিকৈ লালতি ওলোৱা,তেজ আৰু দেহৰ ওজন কমি যোৱা , দেহৰ শ্ৰীবৃদ্ধি নোহোৱা, চালৰ ৰোগ ,এলাৰ্জী আদিবোৰ লক্ষন যদি দেখিছে এয়া কৃমিৰোগৰ কাৰনেও হব পাৰে ।
কৃমিৰোগৰ কাৰণ:- এই ৰোগ শিশুৰ দেহত বেচিকৈ হয় যদিও যিকোনো বয়সৰ লোকৰে হব পাৰে Enterobas Vermicularis নামৰ এবিধ পৰজীৱী জীৱানু দেহত প্ৰবেশ হৈ আমি খোৱা আহাৰ ,দেহৰ তেজ আদি ভক্ষন কৰে ।
পাচন শক্তি দুৰ্বল কৰায় । অপৰিস্কৃত খোৱাপানী, আহাৰ,অপৰিস্কৃত হাতেৰে খোৱা, দোকানৰ বীজানুযুক্ত আহাৰ , ফাষ্ট ফুড, মিঠাই বা অন্যান্য মিঠা লোভনীয় বস্তু খোৱা, আধাসিজা আহাৰ, মাংস, বাহি খাদ্য খোৱা, অধিক পকা ফল খোৱা বা লেতেৰা পোহনীয়া জন্তু আদিৰ মাধ্যমেৰে দেহত এই জীৱানুৰ সংক্ৰমন হব পাৰে ।
প্ৰকাৰ :- অঞ্চলভেদে কৃমি বিভিন্ন প্ৰকাৰৰ আছে।যেনে :- ঘুৰণীয়া কৃমি , হাকোটা কৃমি, ফিটা কৃমি, পিনওৱৰ্ম, থ্ৰেডওৱৰ্ম,হুইপৱৰ্ম, গিউৰডায়েচিচ আদি । (ৰোগৰ লক্ষন( symptom ) অনুসৰি বা শৌচ পৰীক্ষা stool examination বা অন্যান্য কিছু পৰীক্ষাৰে সহজে নিৰুপন কৰিব পাৰি)
সহজ ঘৰুৱা চিকিৎসা :-
১। ক'লা তুলসীৰ পাত বা ফুলৰ মঞ্জৰী ৰস আধা চামুচৰ পৰা ১বা ২চা কিছুদিন দিনে দুবাৰকৈ খুৱালে কৃমিৰ উপদ্ৰপ কমে ।
২ । আনাৰসৰ কুঁহিপাতৰ কুমলীয়া বগা অংশ থেতেলা ৰস বয়স অনুসৰি আধাৰ চামুচৰ পৰা ১ বা ডেৰ চামুচ ৰাতিপুৱা খুৱাব ।
৩। নেমুৰ বীজ ৩- ৫টা থেতেলি নাইবা এটা নেমু ৰাতি পুৰি পিছদিনা ৰাতিপুৱা ২ ৰ পৰা ৫ মি:লি: অলপ পানী মিহলাই কিছুদিন খালিপেটত খুৱালে কৃমি কমে ।
৪। ৰাতি শোৱাৰ আগতে ২-৫ মি:লি: পিয়াজৰ ৰস খুৱাব ।
৫। নহৰুৰ ১-৫ ফুটা ( কোহ) পিহি গাখীৰ বা এচামুচ মাখনৰ সৈতে খুৱালে উপকাৰ পাব ।
৬। গুড় আৰু হালধী বয়সৰ মাত্ৰাত ১-৩গ্ৰামকৈ ৰাতিপুৱা কিছুদিন খুৱালে কৃমি কমে।
৭। ৩বছৰৰ ওপৰৰ শিশুক চিৰতা ভিজোৱা পানী বা নিমপাতৰ ৰস ৰাতিপুৱা খুৱাব পাৰে ।
৮। জালুক ১টা বা দূুটা ৰ লগত ২-৫ চামুচ বিলাহী ৰস আৰু আন্দাজমতে সন্ধা নিমখ বা ক'লা নিমখ বা সাধাৰন নিমখ মিহলাই খুৱালে উপসম হয় ।
৯। গাজৰৰ ৰস ১-৫ চামুচ নিতৌ ৰাতিপুৱা খুৱাওক ।
১০। ডালিম ফলৰ ৰস বয়সৰ হিচাবত ১চামুচৰ পৰা ৫চা: ৰাতিপুৱা খুৱাব । বেচিকৈ আক্ৰান্ত হলে বা ডাঙৰ শিশুক ডালিম ফলৰ বাকলি (কেচা বা শুকান) , কেইটামান পাত ,এটা কলি , গাগছ বা শিপাৰ চাল ইয়াৰে যিকোনো এবিধ পানীত ১০/১৫ মি উতলাই ঠান্ডা হলে বটলত ভৰাই ৰাতিপুৱা খালিপেটত দিনে আধা চা:ৰ পৰা ১ -২ চা: ৫-৬দিন খুৱাব ।
১১। ডাঙৰ শিশুক আমৰ গুটিৰ চুৰ্ন আধা চামুচৰ পৰা ২চা: (বয়সৰ হিচাবত) গৰম পানী আৰু অকনমান দৈ মিহলাই ৰাতি শোৱাৰ আগতে খুৱালে কৃমি মৰে ।
১২। অমিতাৰ গুটি ৫- ১০ টা মিহিকৈ থেতেলি পানীত মিহলাই ১০-১৫দিন খুৱালে কৃমি কমে ।
নাইবা ৩বছৰ ওপৰৰ শিশুক কেচা অমিতাৰ বগা এঠা আধা চামুচ, গৰম পানী আধা কাপ আৰু মৌ ১চা মিহলাই খুৱাব পাৰে।
১৩। দিনে ১ৰ পৰা ৪চা আমলখি ৰস খালে কৃমি নাশ হয় ।
১৪।কেৰেলা পাত বা ফলৰ ৰস আধা বা এক চামুচ পানীত মিহলাই খুৱাব পাৰে ।
মনত ৰখা ভাল :-আপোনাৰ শিশুৰ বয়সৰ অনুকুলে ওপৰৰ বিধান নিৰুপন কৰিব ।
গৰমৰ বতৰত ওপৰত উল্লেখিত বিধানৰ তিতা বা কঢ়া দৰৱ কম মাত্ৰাতহে খুৱাব নাইবা এক বা দুদিন অন্তৰে অন্তৰে খুৱাব । যিকোনো বিধানৰ মাত্ৰা বয়স অনুসৰি নিৰ্ধাৰন কৰিব । বেচি বয়সৰ লোকেও উক্ত বিধান ব্যৱহাৰ কৰিব পাৰিব ।
সুপথ্য :-নিমপাত,শেৱালী পাত বা ফুল নাইবা যিকোনো তিতা দ্ৰব্য , বৰ মানিমুনি, চজিনা ফুল,দোৰোন শাক, কলডিল আদি ।
অপথ্য :- বেচিকৈ চকলেট , মিঠাই , ঘি বা অধিক মিঠা বস্তু ,দোকানৰ যেই সেই লোভনীয় খাদ্য সামগ্ৰী নুখুৱাব । শিশুটিক পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ ব্যৱস্থা কৰিব । সময়মতে নখ কাটি দিব আৰু বিশুদ্ধ পানী খুৱাব ।

লেখক : যতীন দাস