শিশুটিক চকু বেকা কৰি ধেমালি কৰা বা কথা কোৱাত বাধা আৰোপ কৰক। দৃষ্টিশক্তিৰ লগতে কেৰা হোৱাৰ পৰাও শিশুটি ৰক্ষা পৰিব। টি.ভি চাবলৈ শিশুটিক নিৰ্দিষ্ট দূৰত্ব আৰু সময় নিৰ্ধাৰণ কৰি দিয়ক। লগতে টি.ভি. ৰখা কোঠাটো প্ৰয়োজনীয় পোহৰেৰে ভৰাই ৰাখিব। শিশুৰ বাবে প্ৰয়োজনীয় আহাৰখিনি নিয়মিতভাৱে ভালকৈ খাবলৈ দিয়ক। বিছনাত শুই শুই পঢ়িবলৈ নিদিব আৰু টেবুলত পঢ়িলেও বেছি তলমূৰ কৰিবলৈ নিদিব। কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময় নিৰ্ধাৰণ কৰি দিয়ক। শিশুটিৰ পঢ়া কোঠাটোত প্ৰয়োজনীয় পোহৰৰ ব্যৱস্থা কৰক। শিশুক ফাষ্টফুড খাবলৈ নিদি গাখীৰ, সেউজীয়া শাক-পাচলি, ফল-মূল, দৈ, বাদাম আদিহে খাবলৈ দিয়ক। সন্তুলিত আহাৰ খোৱালে শিশুৰ স্বাস্থ্যৰ লগতে দৃষ্টিশক্তিও ভালে থাকে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।