এমাহ হোৱালৈ এটা কেচুৱাই তাৰ গালখন চুই দিলে সেই হাতখনৰ ফালে মূৰটো ঘুৰাব পাৰিব লাগে। নিজৰ মুখৰ ওচৰলৈ দুয়োখন হাত নিব পাৰিব লাগে। চিনাকি মাত আৰু শব্দৰ ফাললৈ ঘুৰিব পাৰিব লাগে। মাকৰ স্তন চুপিব আৰু হাতেৰে স্তন স্পৰ্শ কৰিব পাৰিব লাগে। মাক দেউতাক আৰু যত্ন লওঁতাৰ প্ৰ্তি পৰামৰ্শ জন্মৰ এঘণ্টাৰ ভিতৰতে মাকৰ দেহৰ ছালত লগাকৈ কেঁচুৱাৰ সৈতে স্পৰ্শ কৰিব আৰু স্তনপান কৰিব। থিয়কৈ লওঁতে কেঁচুৱাৰ মূৰটোৰ পিছফালে ধৰি থাকিব। সঘনাই কেঁচুৱাক আলিংগন আৰু মালিচ কৰিব। আপোনাৰ ভাগৰ বা আমনি লাগিলেও কেঁচুৱাক সদায় সযতনে কোমলকৈ ল’ব। সঘনাই, কমকৈ চাৰি ঘণ্টাত এবাৰকৈ স্তন পান কৰাব। যিমান সঘনাই পাৰে কেঁচুৱাৰ সৈতে কথা পাতিব, কিবা পঢ়ি শুনাব আৰু গীত গাই শুনাব। জন্মৰ ছয়সপ্তাহৰ পাছত কেঁছুৱাটোক লৈ স্বাস্থ্য কৰ্মীৰ ওচৰলৈ যাব। মনকৰিবলগীয়া বিপদ স্ংকেতসমূহ কমকৈ স্তন চোপা বা চুপিবলৈ নিবিচৰা। হাত-ভৰিৰ লৰচৰ কম হোৱা। ডাঙৰ শব্দ বা বেছি পোহৰৰ প্ৰতি কম প্ৰতিক্ৰিয়া দেখুওৱা বা একেবাৰে প্ৰতিক্ৰিয়া নেদেখুওৱা। কোনো বিশেষ কাৰণ নোহোৱাকৈ বেছিজ সময় কন্দা। বমি বা ডায়েৰিয়া, য’ৰ পৰা দেহৰ পানী কমিব পাৰে। ছমাহ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে তলমুৱা হৈ থাকোতে মূৰ আৰু বুকু দাঙিব। ওলমি থকা বস্তুহ চুব বিচাৰিব। যিকোনো বস্তু হাতেৰে ধৰি জোকাৰিব। দুয়োকাষে বাগৰিব। সহায় লৈ বহিব। হাত আৰু মুখেৰে বস্তুহ পিটিকি-মুচৰি চাব। আনৰ মুখৰ শব্দ আৰু ভ্ংগিমা অনুকৰণ কৰিব। নিজৰ নাম আৰু আনৰ চিনাকি মুখৰ প্ৰতি সঁহাৰি দিব। মাক-দেউতাকৰ আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ কেঁচুৱাই যাতে বাধা নোহোৱাকৈ লৰচৰ কৰিব পাৰে আৰু যিকোনো বস্তু খেপিয়াই চুবলৈ চেষ্টা কৰিব পাৰে, সেয়া সুবিধাজনক হ’বৰ বাবে এখন চফা, সমান, নিৰাপদ ঠাইত শুৱাব। ওচৰত কি হৈছে চাব পৰাকৈ কেঁচুৱাক দাঙি ধৰিব। দিনতে হওক, নিশায়ে হওক, বিচাৰিলেই স্তনপান কৰাব, আৰু আন খাদ্য দিবলৈ আৰম্ভ্ কৰিব(৬-৮ মাহত নিতৌ দুবাৰ, ৮-১২ মাহত নিতৌ ৩-৪ বাৰ)। মন কৰিবলগীয়া বিপদস্ংকেতসমূহ হাত-ভৰিৰ জঠৰতা বা লৰচৰ কৰাত অসুবিধা। বিৰামহীনভাৱে মূৰটো ইফাল-সিফাল কৰি থকা(ই কাণৰ অসুখৰ ইংগিত, যাৰ পৰা কাণেৰে নুশুনা হ’বগৈ পাৰে)। শব্দ, চিনাকি মুখ আৰু মাকৰ স্তনৰ প্ৰতি সঁহাৰি নিদিয়া। স্তনপান বা আন খাদ্য খাবলৈ অস্বীকাৰ কৰা। বাৰ মাহ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে সহায় নোহোৱাকৈ বহা। হাত আৰু আঁঠুৰে বগাই গৈ থিয় হোৱা। অ’ত ত’ত ধৰি খোজ কঢ়া। শব্দ আৰু কথা অনুকৰণ কৰিবলৈ চেষ্টা কৰা আৰু সাধাৰণ অনুৰোধলৈ সঁহাৰি দিয়া। খেলি আৰু হাত-চাপৰি মাৰি আনন্দ পোৱা। মনোযোগ আকৰ্ষণৰ বাবে শব্দ আৰু অংগীভ্ংগী একাধিকবাৰ কৰা। বুঢ়া আঙুলি আৰু আন এটা আঙুলিৰে বস্তু উঠোৱা। চামুচ আৰু পিয়লা দাঙিবলৈ আৰম্ভ্ কৰি নিজে খাবলৈ চেষ্টা কৰা। মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ বিভিন্ন বস্তু আঙুলিয়াই দেখুৱাই নাম ক’ব, কেঁচুৱাৰ সৈতে সঘনাই কথা পাতিব আৰু খেলিব। খোৱাৰ সময়ত পৰিয়ালৰ সকলোৰে সৈতে আন্ত: ক্ৰিয়া কৰিবলৈ উৎসাহ যোগাব। যদি শিশুৰ বিকাশ লেহেমীয়া হৈছে বা তাৰ কিবা শাৰীৰিক প্ৰতিবন্ধকতা আছে, তেনেহ’লেক তাৰ পাৰদৰ্শিতাৰ ওপৰত বেছি জোৰ দিব আৰু অতিৰিক্ত উদ্দীপনা দিয়াৰ লগতে বেছিকৈ আনৰ সৈতে মিলা-মিচা কৰাব। একেটা ভ্ংগীতে শিশুক কেইবাঘণ্টাও নথ’ব। দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ হকে ঠাইডোখৰ যিমান পাৰি নিৰাপদ কৰি ৰাখিব। স্তনপান কৰায়েই থাকিব আৰু শিশুৱে যাতে যথেষ্ট খাদ্য আৰু পৰিয়ালৰ আনে খোৱা বিভিন্ন খাদ্য খাবলৈ পায়, সেইটো নিশ্চিত কৰিব। শিশুক পিয়লা, চামুচ আদিৰে খোৱাৰ চেষ্টাত সহায় কৰিব। শিশুৱে যাতে সকলো প্ৰতিষেধক পায় সেইটো নিশ্চিত কৰিব। মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ আনে কৰা শব্দৰ প্ৰতি শব্দৰে সহাঁৰি নিদিয়ে। লৰচৰ কৰা বস্তুলৈ নাচায়। উদাসীন, আনক সঁহাৰি নিদিয়ে। খোৱাৰ প্ৰতি ৰুচি নাই, খাব নোখোজে। দুবছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে খোজ কঢ়া, ওপৰলৈ বগোৱা নাম ক’লেই আঙুলিয়াই দেখুৱাব(যেনে-চকু, নাক,,,,,,ইত্যাদি)। (১৫ মাহ মানৰ পৰা) কেইবাটাও শব্দ একেলগে কোৱা। সহজন নিৰ্দেশ বুজি পোৱা। পেনচিল বা চকমাটি দিলে আঁকবাকঁ কৰা। সাধাৰণ সাধু আৰু গান শুনি ফুৰ্তি পোৱা। আনৰ আচাৰ-ব্যৱহাৰ অনুকৰণ কৰা। নিজে গাবলৈ আৰম্ভ কৰা। মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ শিশুৰ সৈতে কিতাপ পঢ়িব, খেলিব, গীত গাব। বিপদজনক বস্তু এৰাই চলিবলৈ শিকাব। শিশুক স্বাভাৱিক ভাৱে কথা ক’ব। লেবালেবি/কেঁচুৱামি কৰি নহয়। স্তনপান কৰাই থাকিব, শিশুৱে যাতে যথেষ্ট খাদ্য পায় আৰু পৰিয়ালৰ বিভিন্ন খাদ্য পায় সেইটো নিশ্চিত কৰিব। খাবলৈ উৎসাহ দিব, জোৰ নিদিব। সাধাৰণ নিয়ম শিকাব আৰু সাধাৰণ ভাৱে প্ৰত্যাশা/লক্ষ্য বান্ধি দিব। সফলতাত শিশুক প্ৰশ্ংসা কৰিব। মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ আনৰ প্ৰতি সঁহাৰিৰ অভাৱ। খোজ কাঢ়োতে ভাৰসাম্যৰ অভাৱ(ততালিকে স্বাস্থ্যকৰ্মীক দেখা কৰিব)। সঘনাই আঘাত পোৱা আৰু আচাৰ-ব্যৱহাৰত অস্বাভাৱিক সালসলনি। খোৱাৰ প্ৰতি অৰুচি। তিনি বছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে খোজ কঢ়া, দৌৰা, বগোৱা, গোৰ মৰা, জাপ মৰা। আঙুলিয়াই সাধাৰণ বস্তুবোৰ চিনাক্ত কৰা। দুই-তিনিটা শব্দৰ বাক্য ৰচনা কৰা। নিজৰ নাম আৰু বয়স কোৱা। ৰ্ং চিনাক্ত কৰা, ৰঙৰ নাম কোৱা। স্ংখ্যা বুজি পোৱা। খেলত মনেসজা সামগ্ৰী ব্যৱহাৰ কৰা। নিজে খোৱা। মৰম-চেনেহ প্ৰকাশ কৰা। মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ শিশুৰ সৈতে বহি কিতাপ চাব আৰু পঢ়িব আৰু তাত থকা ছবিৰ বিষয়ে কথা পাতিব। শিশুক সাধুহ ক’ব, গীত-পদ্য শিকাব। শিশুক নিজাকৈ থাল-বাটি দিব। খোৱাৰ ক্ষেত্ৰত উৎসাহ দিব আৰু খাওঁতে যিমান সময় লাগে দিব। কাপোৰ পিন্ধিবলৈ, হাত ধুবলৈ আৰু পায়খানা কৰি ধুবলৈ শিকাব। মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ খেলাত ৰাপ হেৰুওৱা। সঘনাই পৰি দুখ পোৱা। সৰু বস্তু পিটিকি চোৱাত অসুবিধা পোৱা। কেইবাটাও একেলগে ব্যৱহাৰত অসুবিধা। খাদ্যৰ প্ৰতি কম ৰাপ হোৱা বা স্কেবাৰে ৰাপ নোহোৱা। পাঁচ বছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে সুসমন্বিত ভাৱে চলাচল কৰা। বহু শব্দ ব্যৱহাৰ কৰি বাক্যত কথা কোৱা। বিপৰীত শব্দ বুজা(যেনে-শকত-ক্ষীণ, ওখ-চাপৰ) আন শিশুৰ সৈতে খেলা। আনৰ সহায় নলোৱাকৈ কাপোৰ পিন্ধা। সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়া। ৫-১০ টা বস্তু গন্তি কৰা। নিজে হাত ধোৱা। মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ খেলোতে সিহঁতে কি ভাও লয় মন কৰিব। শিশু যদি ভয়াতুৰ, খঙাল বা হিংসুক, তেন্তে এইবোৰ আবেগিক সমস্যা বা আনৰ দ্বাৰা অপ-ব্যৱহাৰৰ লক্ষণ। স্বাস্থ্য আৰু দীৰ্ঘজীৱন