চমু বিৱৰণ

প্ৰতিগৰাকী মাতৃয়ে আশা কৰে, তেওঁৰ শিশুটিয়ে ভালদৰে খোৱা-বোৱা কৰিব, নোদোকা চেহেৰাৰ গৰাকী হ’ব। সেইবাবেই যেতিয়া দেখে যে শিশুটিয়ে কম পৰিমাণৰ খাইছে, অথবা খাওঁতে বেছি সময় লৈছে নতুবা খোৱাৰ ৰুচি কমা যেন লাগিছে, তেতিয়া মাকৰ চিন্তা হয়। উদ্বিগ্নতা আহি পৰে। যদি শিশুটি ক্ষীণ, তেনেহ’লে চিন্তা, উদ্বিগ্নতা বেছি হয়। মনলৈ আহে চুবুৰীয়া বা চিনাকী লোকৰ শিশুৰ সৈতে নিজৰ শিশুৰ চেহেৰাৰ তুলনা। (মন কৰিব, আন ক্ষীণ শিশুৰ সৈতে কিন্তু তুলনা নকৰে)। তাৰ পাছত শিশুক লৈ মাতৃ (লগতে পিতৃ) দৌৰে চিকিত্সকৰ ওচৰলৈ। কিছুমান চিকিত্সকে ব্যৱসায়ৰ খাটিৰত তত্কালেই ভোক বঢ়োৱা দৰবৰ বিধান দিয়ে। আন কিছুসংখ্যকে অৱশ্যে প্ৰথমতে শিশুটি পৰীক্ষা কৰি বুজিবলৈ চেষ্টা কৰে। উপায় নাপালে তেওঁলোকেও দৰবৰ বিধান দিয়ে। এনে দৰব খালে সাময়িকভাৱে ভোক কিছু পৰিমাণে বৃদ্ধি হ’লে ভালেই। নহ’লে শিশুৰ পিতৃ-মাতৃ পুনৰ সেই ওচৰ পাবগৈ। কেতিয়াবা আগৰজনক বাদ দি নতুন চিকিত্সকৰ ওচৰলৈ যায়। এইবাৰ নতুন দৰব। ফল কিন্তু একেধৰণৰ। দৰব কামত আহিবও পাৰে, নাহিবও পাৰে। কাৰণ এনে দৰব প্ৰকৃততে অন্য ৰোগৰহে দৰব। ভোক বৃদ্ধিটো পাৰ্শ্বক্ৰিয়াহে।

ভোক বৃদ্ধিৰ দৰবসমূহ

ভোক বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা দৰবসমূহৰ বিভিন্ন এণ্টিহিষ্টামিনিকজাতীয় ঔষধি থাকে। তাৰ অন্যতম হৈছে চাইপ্ৰ’হেপটাডিন। এইবিধ ঔষধি ব্যৱহাৰ কৰি তৈয়াৰ কৰা দৰব কিছুমান হ’ল পেৰিত্ৰক্টিন, পেৰিটল, প্ৰাকটিন এনোৰেক্সিন, চাইপান, চিপলাক্টিন ইত্যাদি। এনে দৰবসমূহৰ অন্যান্য পাৰ্শ্বক্ৰিয়াও আছে। যেনে- টোপনি টোপনি ভাব (কিন্তু ভালদৰে টোপনি নহা), হাত-ভৰিৰ কঁপনি উঠা, মূৰ ঘূৰণি হোৱা, ওঁঠ শুকাই যোৱা ইত্যাদি। এইবোৰ হ’লে শিশুৱে সাধাৰণতে বুজাই ক’ব নোৱাৰে। কিন্তু সিহঁতৰ কষ্ট হয়। ফলত খিটখিটিয়া মেজাজৰ হয়।

শিশুৰ ভোক বৃদ্ধি তথা স্বাস্থ্য বৃদ্ধিৰ বাবে নানা ভিটামিনযুক্ত চিৰাপো ব্যৱহাৰ কৰা হয়। যেনে- ফচফ’মিন, নিউৰ’ফ’ছ, নাৰ্ডিটোন, এলিক্সিৰ নিজ’গোজাইম, ভিটাহেট, ভিৰিটন, বেয়াৰচ টনিক ইত্যাদি। এই টনিকসমূহত সাধাৰণতে থাকে ভিটামিন, কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ আদি নানা পদাৰ্থৰ সংমিশ্ৰণ। মন কৰিবলগীয়া যে ভোক বৃদ্ধিৰ ক্ষেত্ৰত এইবোৰ উপাদানৰ কোনো ভূমিকা নাই। এইবোৰৰ ক্ৰিয়া মানসিকহে। কিন্তু টনিকবোৰত থকা এলক’হলহে প্ৰকৃততে কিছু পৰিমাণে ভোক বৃদ্ধি কৰিব পাৰে। টনিকবোৰৰ এলক’হলৰ পৰিমাণ শতকৰা ৮ৰ পৰা ১২ ভাগ। অৰ্থাত্ বিয়োৰ নামৰ মদত থকা এলক’হলতকৈ (শতকৰা ৬ৰ পৰা ৮ ভাগ) টনিকত ইয়াৰ মাত্ৰা অধিক। ভাবকচোন আপোনাৰ শিশুটিক মদ খুৱাই ভোক বৃদ্ধি কৰাৰ চেষ্টা উচিত হ’বনে ? এনে কৰিলে ভৱিষ্যতে এনে শিশু মদ বা অন্য নিচা ঔষধিৰ আসক্ত হোৱাটোও আচৰিত কথা নহয়। তথাকথিত লিভৰ টনিক অথবা এনজাইমজাতীয় দৰবো ভোক বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়। পিছে এই দৰবৰ দ্বাৰাও প্ৰকৃততে শিশুৰ ভোক বৃদ্ধি নহয়গৈ। যকৃতৰ প্ৰদাহজাতীয় অভোকৰ বাহিৰে অন্য ক্ষেত্ৰত লিভাৰ টনিকৰ প্ৰয়োজন নাই। সেইদৰে হজম প্ৰক্ৰিয়াৰ বিকাৰ ঘটিলেহে নিৰ্দিষ্ট এনজাইম ব্যৱহাৰ কৰিব পাৰি।

ভোকৰ বৈজ্ঞানিক দিশ

এতিয়া আমি ভোকৰ বৈজ্ঞানিক দিশটোলৈ চাওঁ। আমাৰ শৰীৰত থকা মগজুৰ এটা অংশ হ’ল হাইপথেলামাছ। ইয়াতে থাকে ভোকৰ সৈতে জড়িত দুটা স্নায়ুকেন্দ্ৰ। এটা হ’ল ক্ষুধাকেন্দ্ৰ, আনটো হ’ল তৃপ্তিকেন্দ্ৰ। আনহাতে খোৱা-নোখাৱাৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে কৰ্টেক্সে। ক্ষুধাকেন্দ্ৰই যেতিয়া কৰ্টেক্সলৈ সংকেত পঠিয়াই যে খাব লাগে, তেতিয়া মানুহে খাদ্য খাবলৈ ইচ্ছা কৰে। অৰ্থাত্ ভোক লাগে। পাকস্থলী খালী হৈ থাকিলে, তেজত গ্লুক’জৰ মাত্ৰা পৰ্যাপ্ত বা অধিক থাকিলে তৃপ্তিকেন্দ্ৰই কৰ্টেক্সক সংকেত দিয়ে খোৱা বন্ধ কৰিবলৈ। তদুপৰি স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ বিশেষ উত্তেজিত হোৱাৰ ফলতো তৃপ্তিকেন্দ্ৰ উত্তেজিত হৈ খোৱাৰ ইচ্ছা কমিব পাৰে। এনে উত্তেজনাৰ এক বহিঃপ্ৰকাশ হ’ল উদ্বেগ।

খোৱা-বোৱাৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে কৰ্টেক্সে। ইয়াক প্ৰভাৱিত কৰে ক্ষুধাকেন্দ্ৰই। পিছে সেই প্ৰভাৱ আংশিকহে। মানসিক, সামাজিক, পৰিৱেশজনিত বিষয়সমূহেও কৰ্টেক্সক পোনপটীয়াভাৱে প্ৰভাৱিত কৰে। শিশুৰ ক্ষেত্ৰত এই বিষয়সমূহেই প্ৰধান ভূমিকা লয়। খাদ্যদ্ৰব্য, বিশেষ বস্তু খোৱাৰ ইচ্ছা, একেধৰণৰ বস্তু সদায়ে খাবলগীয়া হোৱা মানসিক চাঞ্চল্য, আনন্দৰ অভাৱ, মেজাজ এইবোৰেও শিশুৰ ভোক লগা-নলগা, খোৱা-নোখোৱাত প্ৰভাৱ পেলায়। প্ৰভাৱ পেলাই খেলা-ধূলা কৰাৰ সুবিধাৰ অভাৱ, লগৰী বা সংগীৰ অভাৱ আদিয়েও। শিশুৰ ঘৰখনৰ পৰিৱেশ যদি আনন্দমুখৰ নহয়, পিতৃ-মাতৃৰ মাজত যদি সদ্ভাৱ নাথাকে, অথবা পিতৃ-মাতৃ উভয়েই যদি অতি ব্যস্ততাৰ বাবে শিশুক পৰ্যাপ্ত সময় দিব পৰা নাই, তেতিয়া শিশুৰ মনত বিৰূপ প্ৰভাৱ পৰে। এনে পৰিস্থিতিত শিশুটিৰ খোৱা-বোৱাৰ প্ৰতি অনীহা হয়। জোৰ কৰিলেও ভালদৰে খুৱাব নোৱাৰি।

শিশুৰ ভোক বৃদ্ধিৰ লগত জড়িত অন্যান্য দিশ

বৰ্তমান যৌথ পৰিয়ালৰ পৰিৱৰ্তে একক পৰিয়ালৰ ব্যৱস্থা বৃদ্ধি হৈছে। পৰ্যাপ্ত মুকলি ঠাই থকা বাসস্থানৰ অভাৱ হৈছে, অনেক পৰিয়াল ফ্লেটৰ ঠেক পৰিৱেশত থাকিবলগীয়া হৈছে। এনেকুৱা পৰিৱেশত শিশুৱে খেলা-ধূলা কৰিব নোৱাৰে, ইচ্ছামতে দৌৰি-ঢাপৰি ফুৰিব নোৱাৰে, কোনো কায়িক শ্ৰম নহয়। প্ৰায় পণবন্দী অৱস্থাত থাকিবলগীয়া হয়। ইয়াৰ উপৰি যদি পিতৃ-মাতৃ উভয়ে চাকৰিয়াল হয়, শিশুটিক এৰিবলগীয়া হয় বনকৰা ল’ৰা-ছোৱালীৰ লগত অথবা ক্ৰেছত। এনে পৰিস্থিতিত শিশুৱে যিকোনো প্ৰকাৰে মাকক অধিক সময় নিজৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰে। তাকে কৰিবলৈ আন উপায় নাপাই খোৱা-মেলাত অনীহা প্ৰকাশ কৰে, খোৱা প্ৰক্ৰিয়া দীঘলীয়া কৰে। শিশুৰ ভোক বৃদ্ধিৰ চিকিত্সা কৰাৰ আগেয়ে উপৰিউক্ত দিশবোৰ চালি-জাৰি চাব লাগে আৰু যিমান দূৰ সম্ভৱ তাৰ প্ৰতিকাৰ কৰিব লাগে। আন এটা কথা, শিশুটি ক্ষীণ হ’লেও প্ৰকৃততে স্বাস্থ্যৱান হ’ব পাৰে। আনহাতে দেখাত নোদোকা চেহেৰাৰ শিশুটিও প্ৰকৃতাৰ্থত স্বাস্থ্যৱান নহ’বও পাৰে।

শিশুটাক এটা ভাল পৰিৱেশ দিয়ক, খেলা-ধূলাৰ সুবিধা দিয়ক, খেলাৰ সংগীৰ ব্যৱস্থা কৰক, আন নাথাকিলে পিতৃ বা মাতৃয়ে সংগ দিয়ক। একে ধৰণৰ খাদ্য নিদি খাদ্যৰ বিভিন্নতা আনিবলৈ চেষ্টা কৰক। শিশুটিৰ ৰোগ হ’লে চিকিত্সা কৰাবই লাগিব, কিন্তু ভোক বৃদ্ধিৰ বাবে দৰব ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উৎসঃ অসমীয়া খবৰ