প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰে আপোনাৰ শিশুটিও যকৃত ৰোগত আক্ৰান্ত হ’ব পাৰে।ভালদৰে লক্ষ্য নকৰিলে আপোনাৰ অজ্ঞাতে যকৃত ৰোগ বাঢ়ি গৈ শিশুৰ জীৱনলৈ সংকট নামি আহিব পাৰে।

যকৃত ৰোগৰ কিছুমান লক্ষণ হ’ল -

হাড়ত ফাঁট মেলা:যেতিয়া এটি শিশু যকৃত ৰোগত আক্ৰান্ত হয়,তেতিয়া অতি সহজে শিশুটিৰ হাড়ত ফাঁট মেলিব পাৰে।কাৰণ যকৃত ৰোগে শিশুৰ হাড়সমুহ দুৰ্বল কৰে।শিশুটিৰ হাড় ভাগিলে তৎক্ষণাৎ চিকিৎসাৰ প্ৰয়োজন।

খহটা ছাল:শিশুৰ ছাল সাধাৰণতে কোমল আৰু মসৃণ হয়।কিন্তু কিবা কাৰণত আপোনাৰ শিশুৰ যদি ছাল খহটা হয়,তেন্তে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নাথাকিব।কাৰণ ই যকৃত ৰোগৰ লক্ষণ হ’ব পাৰে।

ভোক অনুভৱ নকৰা: শিশু যকৃত ৰোগত আক্ৰান্ত হ’লে তেওঁৰ ভোক কমাৰ ফলত খাবলৈ ইচ্ছা হেৰুৱাব।তাৰ ফলত শৰীৰত প্ৰয়োজন হোৱা পুষ্টি শিশুটিয়ে নাপাব।

শিশুৰ শৌচৰ বৰণ সলনি হ’ব পাৰে:যকৃতত সংক্ৰমণ হ’লে শিশুৰ শৌচৰ বৰণ শেতা হ’ব পাৰে।গতিকে মাজে মাজে শৌচৰ বৰণ নিৰীক্ষণ কৰিব লাগে।

যকৃত ৰোগ থকা শিশু পুষ্টিহীনতা ভুগিব পাৰে -

যকৃতে পুষ্টিৰ উৎপন্ন নকৰাৰ বাবে এনে হয়।পুষ্টিহীনতা ভোগা শিশুৰ বিকাশ হাৰ লেহেমীয়া হোৱাৰ লগতে ওজনো হ্ৰাস হ’ব পাৰে।শিশু দুৰ্বল হোৱাৰ লগতে উশাহ-নিশাহতো কষ্ট হ’ব পাৰে।যদিহে আপোনাৰ শিশু জণ্ডিচ ৰোগত আক্ৰান্ত হয়,তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব।চকু বগা পৰা আৰু ছাল শেতা হোৱা,শৌচ পনীয়া হোৱা আদি জণ্ডিচৰ লক্ষণ।কোনো কাৰণত যকৃত অসুস্থ হ’লে শিশুৰ জণ্ডিচো হ’ব পাৰে।পেটৰ বিষো যকৃতৰ অসুস্থতাৰ এটা কাৰণ হ’ব পাৰে।পেটৰ বিষৰ লগতে জ্বৰো হ’ব পাৰে।এনে সমস্যাত আক্ৰান্ত হ’লে শিশুক চিকিৎসকৰ ওচৰলৈ নিয়াটো অতিকে দৰকাৰ।

উৎস: দেওবৰীয়া সুকন্যা