কেচুৱা এটিৰ শব্দ শুনাৰ সক্ষমতা যিমান সোনকালে পাৰি নিশ্চিত হোৱাটো বৰ গুৰুত্বপূৰ্ণ কথা, কাৰণ শব্দ শুনাৰ সক্ষমতাই শিশু এটিক ভাষা আৰু শব্দ উচ্চাৰণ উন্নীত কৰাত সক্ষম কৰি তুলিব পাৰে।

শিশুহঁতে জন্ম মুহূৰ্তৰ পৰাই শব্দ শুনে আৰু অনুসৰণ কৰিবলৈ ধৰে কাৰণ মাতৃগৰ্ভত থকা ভ্ৰূণ এটিৰ অষ্টম সপ্তাহতে শ্ৰৱণ তন্ত্ৰৰ গঠন হয়।

নিৱজাত শিশুৰ শ্ৰৱণ ক্ষমতাৰ ক্ষতি হৈছে নেকি, নিয়মীয়াকৈ পৰীক্ষা কৰা হয়। যদি কোনো এটি শিশুৰ শ্ৰৱণ ক্ষমতা কমি গৈছে বা নাইকিয়া হৈছে, তেনেহ’লে অতি সোনকালেই চিকিৎসা কৰাটো অতি জৰুৰী।

কাৰণ মশিশু এটিয়ে কথা ক’ব পৰাৰ আগতেই কথা আৰু ভাষা শিকিবলৈ আৰম্ভ কৰে।

শৈশৱত দেখা দিয়া কিছুমান বিসংগতিৰ ভিতৰত, মধ্য কৰ্ণত জমা হোৱা তৰল দ্ৰব্যজনিত বিকাৰ আৰু আঠাযুক্ত কাণ আদিয়ে প্ৰধান।

এই তৰল দ্ৰব্য আৰু আঠা আদিৰ উদ্ভৱ হয় সঘনাই হৈ থকা পানীলগা(চৰ্দি) আৰু দীৰ্ঘদিন ধৰি হৈ থকা ‘এডিনয়ড’ৰ ৰোগৰ ফলত।

এইবিলাক বিকাৰৰ যিমান পাৰি সোনকালে চিকিৎসা কৰাব লাগে, নহ’লে শিশুটিয়ে শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে।

শ্ৰৱণ ক্ষমতা কমি যোৱা বা একেবাৰে নুশুনা হোৱাৰ কেইটিমান জন্মগত কাৰণ আছে আৰু এইবিলাকৰ কাৰণে ‘ককলিয়েৰ প্ৰতিস্থাপন’ প্ৰয়োজন হ’ব পাৰে।

মধ্য কৰ্ণত জমা হোৱা তৰল দ্ৰব্যত বীজাণুৰ সংক্ৰমণ হ’ব পাৰে আৰু এই সংক্ৰমণৰ ফলত ‘ক্ৰণিক ছাপুৰেটিভ ওটাইটিছ মেডিয়া’ নামৰ একপ্ৰকাৰৰ বিকাৰ সৃষ্টি হ’ব পাৰে। তাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে।

প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো কেতিয়াবা এজন ব্যক্তিত কোনো কাৰণ অবিহনে হঠাতে এখন কাণেৰে নুশুনা হৈ পৰিব পাৰে।

এনে ধৰণৰ ৰোগীয়ে তিনি দিনৰ ভিতৰতে চিকিৎসা কৰোৱাব লাগে। কিছুমানৰ কাণেৰে নুশুনা বিকাৰৰ সৈতে মূৰ ঘূৰণিও থাকিব পাৰে।

এনে ক্ষেত্ৰত আমি মেইনইয়েৰছ ডিজিজ(গুমগুমনি আৰু মূৰঘূৰণি সহ এক অন্তঃকৰ্ণৰ ৰোগ) আৰু শ্ৰুতি বা শব্দ বহনকাৰী স্নায়ুৰ টিউমাৰৰ সম্ভাৱনা নাই বুলি ধৰিব পাৰে।

ৰাস্তাত হোৱা যান-বাহনৰ দুৰ্ঘটনাত মূৰত আঘাত পোৱা লোকৰ শ্ৰৱণ শক্তি সম্পৰ্কেও পৰীক্ষা কৰিব লাগে। দীৰ্ঘদিন ধৰি হৈ থকা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আদিৰ ফলতো শ্ৰৱণ ক্ষমতা হ্ৰাস পাব পাৰে।

অ’টোছক্লেৰোছিছ(Otosclerosis) আদি অংশগত কাৰণত হোৱা শ্ৰৱণ শক্তি হ্ৰাসৰ বিসংগতিৰ কাৰণে ষ্টেপিডেক্ট’মি’(Stapedectomy) নামৰ মধ্যকৰ্ণৰ এটি অস্ত্ৰোপচাৰ কৰিব লগা হ’ব পাৰে।

শ্ৰৱণ শক্তি অটুট তথা নিৰাপদে ৰখাটো প্ৰত্যেকৰ বাবেই অতি গুৰুত্বপূৰ্গণ কাম। কাৰখানাত কাম কৰা লোকক কাণত ঠিলা লগাবলৈ দিব লাগে। হেডফোনো মাজে সময়েহে ব্যৱহাৰ কৰিব লাগে।

গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত এক্সেলকেয়াৰ হস্পিটেলচৰ ই এন টি(কাণ, নাক আৰু ডিঙি) বিভাগটগোক অত্যাধুনিক মাইক্ৰ’স্কোপ আৰু শ্ৰৱণবিদ্যা সম্পৰ্কীয় শেহতীয়া প্ৰযুক্তি কৌশলসহ যন্ত্ৰপাতি আৰু সা-সৰঞ্জামেৰে সুসজ্জিত কৰা হৈছে।

আমি এই হস্পিটেলচত টিম্পেনোপ্লাষ্টি, মেষ্টয়ডেক্ট’মি আদি প্ৰাপ্তবয়স্ক ৰোগীৰ কলেষ্টিটমা বিসংগতিৰ ক্ষেত্ৰত সফলতাৰে অস্ত্ৰোপচাৰ কৰিছো।

শিশুৰ কলেষ্টিট’মা, শিশুৰ মধ্যকৰ্ণত জমা হোৱা তৰল দ্ৰব্যৰ অপসাৰণৰ বাবেও কাণৰ গৌণ অস্ত্ৰোপচাৰো কৰিছো।

তাৰোপৰি বাৰে বাৰে হৈ থকা কাণৰ সংক্ৰমণৰ বাবে এডেনয়েডেক্টমি, সংকীৰ্ণ কৰ্ণ গহ্বৰত ‘হিয়েৰিং এইড’(শ্ৰৱণযন্ত্ৰ) বহুওৱাৰ আগতে কেনেল’প্লাষ্টি আদিও কৰা হৈছে।

হস্পিটেলচখনত স্থাপন কৰা শেহতীয়া প্ৰযুক্তি কৌশলযুক্ত সা-সুবিধাবোৰ ব্যৱহাৰৰ যোগেদি এনেধৰণৰ আৰু অত্যাধুনিক ব্যৱহাৰিক কাম-কাজ কৰিব পৰাৰ সুযোগ ওলাব।

লেখক: ডা আকৰিবা আহমেদ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)