এক জটিল ধাৰাবাহিক প্ৰক্ৰিয়াৰ মাজেৰে শিশুৰ বিকাশ হয়। শিশুৱে নিৰ্দিষ্ট বয়সত নিৰ্দিষ্ট কাম কৰিব পাৰিব লাগে।এইবোৰক শিশুৰ বিকাশৰ মাইলৰ খুটি বুলি ধৰা হয়। পিতৃ-মাতৃসকলে এটা কথা জনা উচিত যে, একে বয়সৰ দুটি শিশুৰ বিকাশ সমভাৱে নহবও পাৰে। সেইবাবেই ওচৰ চুবুৰীয়াৰ শিশুৱে কিবা এটা কাম কৰিব পাৰিলেই নিজৰটোৱে নোৱাৰিবও পাৰে। তাৰ বাবে চিন্তা কৰা অৰ্থহীন। বিভিন্ন কাম-কাজ বয়স অনুপাতে কৰিব পাৰিছেনে নাই- সেই কথা কিছুদিন পৰ্য্যবেক্ষণ কৰিব লাগে। কেইবামাহো পাৰ হৈ যোৱাৰ পাছতো যদি শিশুটিয়ে উক্ত কামবোৰ কৰিব নোৱাৰে। তেতিয়াহে শিশুটিক চিকিৎসকক দেখুৱাব লাগে। কেতিয়াবা কিবা অসুস্থতা আৰু মন বেয়া লগাৰ বাবেও এই কামবোৰ নকৰিব পাৰে। কিছু ক্ষেত্ৰত, এটি শিশুৱে আন শিশুতকৈ বিশেষ কিছুকামত লেহেমীয়া হ’ব পাৰে। আৰু কোনোবাটো কামত আনতকৈ ক্ষীপ্ৰও হ’ব পাৰে। শিশু যদি শাৰিৰীক-মানসিকভাৱে প্ৰস্তুত নহয়, তেন্তে জোৰ-জবৰদস্তি খোজকঢ়া চাবলৈ বিচৰাটো কোনো উপকাৰত অহা কাৰ্য্য নহয়। বিকাশত পলম হোৱাটো পৰ্য্যবেক্ষণ কৰা দুমাহ- মানুহ দেখিলে হাঁহিবলৈ শিঁকা। ৪ মাহ- ডিঙিত ধৰা। ৮ মাহ- সহায় অবিহনে বহিব পৰা। এবছৰ- ঠিয় হ’ব পৰা। জন্মৰ পৰা ৬ সপ্তাহলৈ ওপৰমুৱাকৈ একেফালে ডিঙি বেঁকা কৰি শোৱা। হঠাতে হোৱা শব্দত চক খাই শৰীৰটো টান কৰি দিয়া। হাতৰ মুঠি বন্ধ কৰি থোৱা। হাতৰ তলুৱাত কিবা লাগিলে সেইটো মুঠি মাৰি ধৰা, ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ। ৬-১২ সপ্তাহ নিজৰ মূৰটো ভালদৰে ধৰিবলৈ শিঁকা। কিবা বস্তু দেখিলে স্থিৰভাৱে চাবলৈ শিঁকা। ৩ মাহ ওপৰ মুৱাকৈ শুই দুই হাত ভৰি সমানে একেলগে লৰাব পাৰে। এই লৰোৱা কাৰ্য্য জোকাৰণি খোৱা ধৰণৰ নহয়। কন্দাৰ বাহিৰেও ডিঙিৰে আন শব্দও কৰিব পাৰে। শিশুৱে মাকক চিনি পায় আৰু কন্ঠও বুজি পায়। শিশুৰ হাত দুখন প্ৰায়েই খোলা থাকে। শিশুক যেতিয়া ঠিয় কৰি কোঁচত লোৱা হয়। ডিঙিটো অলপ সময়ৰ বাবে চিধা কৰি থ’ব পাৰে। ৬ মাহ শিশুৱে দুয়োখন হাত লগ লগাই খেলিব পাৰে। কিবা শব্দ শুনিলে ডিঙি ঘূৰাই শব্দৰ উৎসৰ ফালে চাবলৈ শিকে। শিশুৱে লুটি বাগৰ মাৰিব পাৰে। শিশুৱে সহায় লৈ অলপ সময়ৰ বাবে বহিব পাৰে। ধৰি ঠিয় কৰাই দিলে ভৰিৰ ওপৰত ভৰ দি অকনমান সময় থাকিব পাৰে। তলমুৱা হৈ থাকিলে হাত দুখনৰ ওপৰত নিজৰ ভৰ ল’ব পাৰে। ৯ মাহ শিশুৱে কাৰো সহায় নোলোৱাকৈ বা একোতে নধৰাকৈ বহিব পাৰে। শিশুৱে হাত আৰু আঁঠুৰ ওপৰত ভৰ দি লুটি বাগৰ মাৰিব পাৰে। ১২ মাহ শিশুৱে মাটিত হেঁচা দি ঠিয় হ’ব পাৰে। এটা দুটা শব্দ যেনে, মা, মামা আদি ক’ব পৰা হয়। শিশুৱে আঁচবাবত ধৰি অলপ অলপ খোজ কাঢ়িব পাৰে। ১৮ মাহ শিশুৱে গ্লাচ আদি আনৰ সহায় নোলোৱাকৈ দুহাতেৰে ধৰিব পাৰে আৰু নেপেলোৱাকৈ ইয়াত থকা পানীয় খাব পৰা হয়। শিশুৱে নপৰাকৈ এটা ডাঙৰ কোঠাৰ ভিতৰত খোজ কাঢ়িব পাৰে। শিশুৱে কিছুমান শব্দ ক’ব পৰা হয়। শিশুৱে নিজে খাব পাৰে। ২ বছৰ শিশুৱে নিজে কিছুমান কাপোৰ (যেনে পাইজামা) খুলিব পৰা হয়। শিশুৱে নপৰাকৈ দৌৰিব পাৰে। ছবি থকা কিতাপবোৰ চাই উৎসাহিত হয়। শিশুৱে প্ৰয়োজন বোধ কৰা বস্তুৰ বাবে ক’ব পাৰে। আনৰ পৰা শুনা শব্দ কব পৰা হয়। শিশুৱে নিজৰ দেহৰ অংগবোৰ দেখুৱাব পৰা হয়। ৩ বছৰ শিশুৱে কান্ধৰ ওপৰৰ পৰা বল দলিয়াব পাৰে (কাষ বা তলৰ পৰা নহয়)। শিশুৱে কিছুমান প্ৰশ্নৰ উত্তৰ দিব পৰা হয়, যেনে তুমি ল’ৰা নে ছোৱালী? কিছুমান বস্তু আঁতৰাই দিয়া আদি কামত সহায় কৰিব পৰা হয়। শিশুৱে কমেও এটা ৰঙ চিনিপোৱা হয় আৰু নাম ক’ব পাৰে। ৪ বছৰ তিনিচকীয়া চাইকেল চলাব পৰা হয়। শিশুৱে ছবিৰ বহি বা আলোচনীৰ ছবিবোৰৰ নাম ক’ব পৰা হয়। ৫ বছৰ শিশুৱে নিজৰ পোচাকৰ বুটাম মাৰিব পাৰে। শিশুৱে কমেও তিনিটা ৰঙ চিনি পাই আৰু নাম ক’বলৈ পাৰে। এটাৰ পাছত আনটো ভৰি দি চিৰিত নামিব পাৰে। শিশুৱে ভৰি মেলি জপিয়াব পাৰে। উৎস: ডক্তৰ NDTVটিম।