‘ব্ৰেইন ষ্ট্ৰোক’ এক প্ৰকাৰৰ যথেষ্ট বিপজ্জনক ৰোগ। এই ৰোগত আক্ৰান্ত ৰোগীৰ আকস্মিকভাৱে মৃত্যুও হ’ব পাৰে। মগজুলৈ অক্সিজেন আৰু পুষ্টি কঢ়িওৱা ৰক্তবাহী ধমনীত গোট মৰা বাধা সঞ্চয় হৈ তেজৰ চলাচল বন্ধ হৈ পৰিলে ধমনীত গোট মৰা বাধা সঞ্চয় হৈ তেজৰ চলাচল বন্ধ হৈ পৰিলে ধমনীডাল ফাটি যাব পাৰে আৰু তাৰ পৰিণতিত ‘ব্ৰেইন ষ্ট্ৰোক’ হয়। এই ৰোগত ৰোগীৰ মুখ বেঁকা হৈ পৰা বা জিভাখন লৰচৰ কৰাত অসুবিধা পোৱা আদি লক্ষণে দেখা দিব পাৰে। ব্ৰিটেইনৰ বিজ্ঞানী কেইজনমানে ১৯৩০ চনৰ পৰা ১৯৮৯ চনলৈকে জন্ম পোৱা লোকৰ মাজত ব্ৰেইন ষ্ট্ৰোক হোৱা কিছুসংখ্যক লোকৰ ওপৰত এটা অধ্যয়ন চলাইছিল। এই অধ্যয়নটোত পোৱা গ’ল যে বাল্যাৱস্থাত দেহৰ উচ্চতাৰ লগত এই ৰোগৰ এটা গভীৰ সম্পৰ্ক আছে। যিসকল লোকৰ শিশু কালত স্বাভাৱিক উচ্চতাতকৈ এক বা দুই ইঞ্চি কম আছিল, তেওঁলোকৰ মাজত বয়স্ক হোৱাৰ পিছত ‘ব্ৰেইন ষ্ট্ৰোক’ৰ চিকাৰ হোৱাৰ ঘটনা বেছি হোৱা দেখা গ’ল। স্বাভাৱিক বা বেছি উচ্চতা থকা শিশুৰ মাজত পিছলৈ এই ৰোগ হোৱাৰ আশংকা কম দেখা গ’ল। এই প্ৰভাৱ পুৰুষ অথবা মহিলা দুয়োৰে ওপৰতে পৰে। বিজ্ঞানীসকলৰ মতে ১৩ বছৰীয়া কিশোৰ স্বাভাৱিক উচ্চতা হ’ব লাগে ৫ ফুট ৩ ইঞ্চি আৰু ৭ বছৰীয়া শিশু এটিৰ উচ্চতা প্ৰায় ৪ ফুটৰ ওচৰা ওচৰি হ’ব লাগে। ইয়াতকৈ বেছি উচ্চতাৰ শিশুসকলৰ মাজত ‘বেইন ষ্ট্ৰোক’ৰ আশংকা কম হয়। গৱেষকসকলৰ মাজৰ জ্যেষ্ঠ বিজ্ঞানী অধ্যাপক জেনিফাৰ বেকাৰে প্ৰকাশ কৰিছে যে তেওঁলোকৰ অধ্যয়ন অনুসৰি স্বাভাৱিকতকৈ কম উচ্চতাৰ শিশুসকল বয়স্ক হোৱাৰ পিছত ‘ব্ৰেইন ষ্ট্ৰোক’ৰ আশংকা বৃদ্ধি পায়। এনে উচ্চতাৰ শিশুসকলে পিছ বয়সত নিজৰ জীৱনশৈলীৰ প্ৰতি বিশেষভাৱে মনোযোগ দিয়া উচিত। লগতে পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰা উচিত, যাতে এই মাৰাত্মক ৰোগবিধৰ পৰা বাচি থাকিব পৰা যায়। কিন্তু এই বিষয়ত গৱেষণা যথেষ্ট আগবাঢ়িছে যদিও উচ্চতাৰ লগত ‘ব্ৰেইন ষ্ট্ৰোক’ৰ সম্পৰ্কটোৰ ৰহস্য এতিয়াও উদ্বাৰ হোৱা নাই আৰু এইবিষয়ত অধিক গৱেষনা অব্যাহত আছে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন