শিশুক নিয়মীয়াকৈ সঠিক পদ্ধতিৰে মালিচ কৰাটো শিশুৰ স্বাস্থ্যৰ বাবে অতিকৈ দৰকাৰী। মাতৃৰ মৰম স্পৰ্শ মিহলি মালিচে শিশুৰ বিকাশত অভুতপুৰ্ব সহায় কৰে। কেনেদৰে সহায় কৰে মালিচে- মালিচৰ দ্বাৰা শিশু-মাতৃৰ সম্বন্ধ দৃঢ় হয়। বহু গৱেষকৰ গৱেষণাত প্ৰকাশ যে মালিচে শিশু আৰু মাতৃৰ মাজত সম্বন্ধ দৃঢ় কৰে আৰু ভৱিষ্যতে সম্পৰ্কৰ বুনিয়াদ গঢ়াত সহায় কৰে। মালিচৰ ফলত শিশুৰ খাদ্য ভালদৰে হজম হয়। গেছ ওলাই যোৱাৰ লগত কোষ্ঠকাঠিন্যৰ সমস্যা নহয়। শিশুৰ গভীৰ টোপনি অহাত সহায় কৰে। মাংসপেশী মজবুত হয়। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। ছালৰ গঠন উন্নত হয়। মালিচে শিশুক শান্ত কৰে আৰু আৰাম দিয়ে। গৱেষণাত প্ৰকাশ পাইছে যে মালিচে শিশুৰ জীৱনৰ পৰৱৰ্তী সময়ত শিশুৰ আৱেগিক আৰু বৌদ্ধিক বিকাশ ঘটায়। মালিচৰ সময় মনত ৰাখিবলগীয়া - আপোনাৰ শিশুটোক মালিচৰ বাবে এনে এটা সময় বাছি ল’ব, যি সময়ত সি শান্ত হৈ থাকে আৰু ভোকত নাথাকে। কোঠাটো যাতে উমাল হয় আৰু পোহৰ যাতে অত্যধিক উজ্জ্বল নহয়, তাৰ প্ৰতি গুৰুত্ব দিব। তেল, টাৱেল আদি প্ৰয়োজনীয় সামগ্ৰীবোৰ গোটাই ল’ব। ভালদৰে হাত ধুই, অলংকাৰ খুলি ল’ব। ঘৰৰ সুৰক্ষিত আৰু আৰামদায়ক অংশ বাছি ল’ব আৰু শিশুৰ অৱস্থান এনেকুৱাকৈ ৰাখিব যাতে সি স্পষ্টকৈ আপোনাক দেখি থাকে। মালিচ কৰাৰ সময়ত শিশুৰ বাবে প্ৰস্তুত কৰা তেল কম পৰিমাণে ব্যৱহাৰ কৰিব। জনছন বেবী অইল সৰ্বাধিক প্ৰচলিত তেল। ছালত খজুতি সৃষ্টি কৰা তেল নলগাব। যিকোনো সামগ্ৰী ব্যৱহাৰৰ পুৰ্বে লেবেল পঢ়ি যাব। শিশুৰ শ্ৰৱণ শক্তিৰ সমস্যা - আপোনাৰ শিশুটো শ্ৰৱণ শক্তিৰ সমস্যাত ভুগিছে নেকি বাৰু? আপুনি হয়তো এই বিষয়ে নিশ্চিত নহয়। কিন্তু কিছুমান কথা নিৰীক্ষণ কৰি আপুনি নিশ্চিত হ’ব পাৰে আৰু চিকিৎসকৰ কাষ চাপিব পাৰে- সঘনাই নিৰ্দেশনাসমুহ পাহৰি যোৱা আৰু আওৰাব লগা হোৱা। আপুনি মাতি তহকিলে প্ৰথমবাৰেই নুশুনা আপুনি তেওঁৰ লগত কথা পাতি থাকোঁতে মনোযোগ নিদিয়া। সঘনাই যিকোনো কথা পাহৰি যোৱা আৰু মনত পেলাব পৰা নাই বুলি কোৱা। একে সময়তে এটাতকৈ অধিক নিৰ্দেশনা অনুকৰণ কৰিব নোৱাৰা। সহজেই মনোযোগ ভংগ হোৱা বা বিৰামীনভাৱে ব্যস্ত থকা। শিশুৰ স্বাস্থ্যত জাংক ফুডৰ প্ৰভাৱ - অবচেটি বা মেদবহুলতা আৰু টাইপ টু ডায়েবেটিছৰ কাৰণ ফাষ্টফুড বুলি সকলোৱে জানে। ফাষ্ট ফুডে শিশুৰ জীৱনৰ আন আনুষংগিক ক্ষেত্ৰসমুহতো প্ৰভাৱ পেলায়। জাংক ফুডে শিশুৰ অধ্যয়নত প্ৰভাৱ পেলায়। জাংক ফুড আৰু অত্যধিক চেনি থকা আহাৰে শিশুৰ শক্তি হ্ৰাস কৰে আৰু দীৰ্ঘ সময়ৰ বাবে মনোযোগ দিয়াৰ ক্ষমতা নোহোৱা কৰে। গৱেষণাত প্ৰকাশ পোৱা অনুসৰি যদি এটা শিশুৱে বিদ্যালয়ত দিনটোৰ প্ৰথমাৰ্ধত ফলক অন্য আহাৰৰ সলনি চকলেট, মিঠাই, শীতল পানীয় আদি খায়, তেনেহ’লে ১ ঘণ্টাৰ ভিতৰত তাৰ ভোক লাগিব আৰু শ্ৰেণীত তাৰ মনসংযোগত ব্যাঘাত জন্মিব। জাংক ফুডে শিশুক ডিপ্ৰেছনলৈ ঠেলি দিয়ে - শিশুৱে ফল বা আন পুষ্টিকৰ আহাৰৰ পৰিৱৰ্তে জাংক ফুড খালে বিচৰা পৰিমাণৰ জাংক ফুড নোপোৱাৰ ফলত হতাশাত ভুগিব পাৰে। আঁহজাতীয় খাদ্য আৰু ভিটামিন চিৰ অভাৱত শিশুটো ভুগিব পাৰে। জাংক ফুডে কোষ্ঠকাঠিন্যত ভোগায় - জাংক ফুডত আঁহ কম থাকে। কম আঁহযুক্ত খাদ্য-খোৱাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা হয়। ফলত পেটৰ বিষ হ’ব পাৰে। জাংক ফুডে শিশুৰ টোপনিত ব্যাঘাত সৃষ্টি কৰে: মিঠা পানীয় আৰু ফলৰ ৰস ৰাতিৰ আহাৰত সপ্তাহত দুদিনকৈ খালেও শিশুৰ টোপনি আৰু শুই উঠাৰ প্ৰণালী পৰিৱৰ্তন কৰে। তেনে খাদ্যত থকা কেফেইনে শিশুক দীৰ্ঘ সময়ৰ বাবে সাৰে ৰাখে। ফলত পুৱা শুই উঠা পলম হয় আৰু সমগ্ৰ দিনসুচীত বেমেজালিৰ সৃষ্টি হয়। লেখিকা: ডা: সান্ত্বনা শৰ্মা (দেওবৰীয়া সুকন্যা)