কেঁচুৱাৰ জন্মৰ পিছত কেঁচুৱাৰ মুখৰ লেলাউতি আদি কপাহেৰে অতি সাৱধানকৈ পৰিষ্কাৰ কৰিব লাগে। শৰীৰত ঠাণ্ডা লাগিবলৈ দিব নালাগে। কেঁচুৱা জন্মৰ আধাঘন্টাৰ পিছতেই মাকৰ স্তন পৰিষ্কাৰ কৰি কেঁচুৱাক চুপিবলৈ দিব লাগে, এনে কৰিলে মাকৰ গাখীৰ ওলোৱা সোঁত নিয়মীয়া কৰে। কেঁচুৱাই মাকৰ গাখীৰ চুপিলে মাতৃগৰাকীৰ ৰক্তস্তাৱ হ্ৰাস হয়। কেঁচুৱাক প্ৰথম ছমাহলৈ মাকৰ গাখীৰৰ বাহিৰে অন্য কোনো আহাৰ খুৱাব নালাগে। কাৰণ, গাখীৰেই প্ৰথম অৱস্থাত কেঁচুৱাৰ কাৰণে সৰ্বোৎকৃষ্ট। কেঁচুৱাৰ প্ৰয়োজনীয় পুষ্টি আৰু পানী এই মাকৰ গাখীৰৰ পৰাই আহৰণ কৰে। কেঁচুৱাৰ জন্মৰ পিছত মাকৰ যি হালধীয়া বৰণৰ গাখীৰ ওলায় ইয়াক ক্ল’ষ্টৰেল বোলা হয়। বহু মাকে এই গাখীৰ কেঁচুৱাক খাবলৈ নিদি স্তন চেপি গাখীৰ উলিয়াই পেয়ায়। এনে কৰিব নালাগে। এই গাখীৰে শিশুৰ প্ৰয়োজনীয় পুষ্টি যোগান ধৰাই নহয় ই কেঁচুৱাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। যিমানবোৰ কেঁচুৱাই মাকৰ স্তন চুপিব পাৰে সিমানবোৰ স্তন চুপি গাখীৰ খাবলৈ দিব লাগে। গাখীৰ খুউৱাৰ পূৰ্বে স্তন দুটা পৰিষ্কাৰ পানীৰে সদায় ধুই ল’ব লাগে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন