মানৱ জীৱন প্ৰৱাহত স্বাস্থ্য পৰম সম্পদ বুলি কোৱা হয়। কাৰণ দেহলৈ ৰোগ অহা মানেই বিপদ, অশান্তি। স্বাস্থ্যক পৰম সম্পদ বুলি কোৱাৰ তাৎপৰ্য তাতেই। ৰোগাক্ৰান্ত দেহক ধন, জন অন্যান্য বৈষয়িক সা-সম্পদেও সুখ, আনন্দ দিব নোৱাৰে। গতিকে দেহা থাকিলেহে বেহা বুলি কয়। ৰোগী ৰজাইতকৈ নিৰোগী ভিক্ষাৰীজনো সুখী বুলি কয়। অতীজৰে পৰা মানুহে ৰোগ নিৰাময়ৰ চেষ্টা অব্যাহত ৰাখিছে। আজি একবিংশ শতিকাতো সেই প্ৰচেষ্টা অব্যাহত আছে, বৰং বৰ্তমান মানুহে বেমাৰ-আজাৰৰ লগতেই জীৱনৰ বেছিভাগ সময় সংগ্ৰাম কৰিবলগীয়া হয়। শৈশৱ, কৈশোৰ, বৃদ্ধ বুলি কথা নাই। সকলোৱে ৰোগ, ঔষধৰ নামত ত্ৰাহি মধুসুদন দেখে। দেখা যায় প্ৰাচীন কালৰ যোগী, ঋষি-মুনিসকলে জীৱন প্ৰৱাহৰ মূল চালিকাশক্তি শৰীৰৰ ওপৰতেই অধিক গুৰুত্ব দি নানা যোগ-প্ৰাণায়াম, প্ৰাৰ্থনা আদিৰ সাধনা অব্যাহত ৰাখিছিল। প্ৰকৃতিত উপলব্ধ নানা বনদৰবৰো সন্ধান পাইছিল। আজিৰ আধুনিক বিজ্ঞানৰ যুগতো মানুহে পুনঃ উক্ত কথাবিলাকেই গুৰুত্ব দিব ধৰিছে। মূল কথা হ’ল আমি প্ৰকৃতিৰ অৱদান নিয়মৰ পৰা আঁতৰি থাকিব নোৱাৰো। দিনে দিনে মানুহ ভিন্ন ৰোগত পৰিছে। দৈহিক, মানসিক, আৰ্থিক সমস্যাই জুৰুলা কৰিছে। কিন্তু অলপ সচেতন হ’লে আমি বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰো। দুৰ্বল দেহ-মনতেই সহজে ৰোগে বাহ লয়। আমি প্ৰতিটো পৰিয়ালে (চহৰ, গাঁও যতেই নহওক) একোখন প্ৰাকৃতিক গৃহ ঔষধালয় সাজিব পাৰো। ডাক্তৰৰ ওচৰলৈ নগৈও বহু সময়ত চলিব পাৰি। জধে-মধে এসোপা ঔষধ গিলি পাৰ্শ্ব প্ৰতিক্ৰিয়া বঢ়োৱাতকৈ- পুৱা, সন্ধিয়া খোজ কঢ়াৰ অভ্যাস কৰিলে শৰীৰটো শক্তিশালী ৰোগ প্ৰতিৰোধ হয়। শৰীৰৰ সকলো অংগ সঞ্চালন হয়, তেজ চলাচল নিয়মীয়া হয়, পৰিপাক তন্ত্ৰ সবল হয়। দূষিত বায়ু আঁতৰি মুক্ত অক্সিজেন সৰবৰাহ বেছি হয়। সৰু-সুৰা কটা-ছিগাত নাৰ্জী ফুল, তুলসীৰ পাতেই তেজ প্ৰতিৰোধী দৰব। ঘৰৰ কাঠীতে ৰুবও পাৰি। তুলসী, সিজু পাতৰ ৰসে কাহ, কফ, চৰ্দি নাশ কৰে। নিমপাতে বায়ু শোধন কৰে, ছালৰ ৰোগ উপশম কৰে, শিশুৰ কৃমি নাশ কৰে। আদা, হালধি সকলো দিশত মহৌষধ। আমলখি, শিলিখাই হজম বঢ়ায়। আঠীয়াকলৰ কলাখাৰ, বাকলিৰ ফুটখাৰ অন্যতম হজমকাৰক, গেষ্ট্ৰিক নিৰাময়ক গৃহ দৰব। পাতেগজাই পাথৰ নাশ কৰে। থলুৱা শাক, বন, ফল-মূল শক্তিদায়ক বস্তু। গৰুৰ গোবৰ, মূতৰ সংস্পৰ্শও ৰোগ প্ৰতিৰোধী গৃহ ঔষধ। মাহেকত এদিন উপবাস শৰীৰৰ শুদ্ধ প্ৰক্ৰিয়া। (উৎসঃ অসম বাণী, ৰঞ্জন কুমাৰ শৰ্মা)।