প্ৰাকৃতিক চিকিত্সা হৈছে জীৱন ধাৰণৰ শাৰীৰিক, মানসিক আৰু আত্মিক পৰিকল্পনা সম্পৰ্কীয় প্ৰকৃতিৰ গঠনমূলক নীতিৰ সৈতে সংগতি ৰাখি মানৱ নিৰ্মাণৰ এটা প্ৰণালী। ইয়াৰ দ্বাৰাই স্বাস্থ্যৰ উন্নতি ঘটোৱা, ৰোগ প্ৰতিৰোধ কৰা, ৰোগৰ নিৰাময় আৰু পুনৰ গঠনৰ সক্ষমতা আনি দিয়ে।

প্ৰাকৃতিক চিকিত্সাৰ নীতিঃ

প্ৰাকৃতিক চিকিত্সাৰ মূল নীতিবোৰ হ’ল-

(১) সকলো ৰোগ, ইয়াৰ কাৰণ আৰু ইয়াৰ চিকিত্সা আটাইবোৰ এক। মানসিক পীড়া আৰু পাৰিপাৰ্শ্বিক স্থিতিৰ বাহিৰে সকলো কাৰণ এক আৰু এইটো হৈছে দেহত ব্যাধিগ্ৰস্ত পদাৰ্থ জমা আৰু দেহৰ পৰা এই পদাৰ্থ আঁতৰ কৰাটোৱেই হৈছে ইয়াৰ চিকিত্সা।

(২) ৰোগৰ প্ৰাথমিক কাৰণ বেক্টেৰিয়া নহয়, দেহত ব্যাধিগ্ৰস্ত পদাৰ্থ জমা হৈ বেক্টেৰিয়া আৰু ভাইৰাছৰ কাৰণে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতহে শৰীৰত আক্ৰমণ কৰি জীয়াই থাকিব পাৰে। মূল কাৰণ হৈছে ব্যাধিগ্ৰস্ত পদাৰ্থ, বেক্টেৰিয়া নহয় বা ভাইৰাছো।

(৩) প্ৰকৃতি হৈছে মহানতম নিৰাময় কাৰক। ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰু বেমাৰ হ’লে নিজৰ স্বাস্থ্য পুনৰ ওভতাই আনিবলৈ শৰীৰৰ এটা সক্ষমতা আছে।

(৪) প্ৰাকৃতিক চিকিত্সাৰ দ্বাৰা দমাই ৰখা ৰোগ নিৰাময় কৰিব পাৰি।

(৫) প্ৰাকৃতিক চিকিত্সাত ৰোগীক চিকিত্সা কৰা হয়, ৰোগৰ নহয়।

(৬) প্ৰাকৃতিক নিৰাময়ত শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক এই চাৰিওটা দিশক একেলগে বিচাৰ কৰা হয়।

(৭) প্ৰাকৃতিক চিকিত্সাত ৰোগ নিৰ্ণয় কৰাটো অতি সহজ। প্ৰদৰ্শনৰ প্ৰয়োজন নহয়। চিকিত্সাৰ ক্ষেত্ৰত ৰোগ নিৰ্ণয় কৰাৰ বাবে দীঘলীয়া অপেক্ষাৰ প্ৰয়োজন নহয়।

(৮) প্ৰাকৃতিক চিকিত্সাত ঔষধ ব্যৱহাৰ কৰা নহয়। প্ৰাকৃতিক চিকিত্সা অনুসৰি খাদ্যই হৈছে ঔষধ।

(৯) বাৰম্বাৰ হোৱা ৰোগবোৰ হৈছে ভুল চিকিত্সা আৰু অত্যধিক ৰোগ দমাই ৰখাৰ ফলাফল।

(১০) প্ৰাকৃতিক চিকিত্সাত শৰীৰটোৰ সমগ্ৰকে গণ্য কৰা হয়, ইয়াৰ বিশেষ স্থিতিৰ বাবে চিকিত্সা দিয়া নহয়।

(১১) গান্ধীজীয়ে কৈছে ৰাম নাম হৈছে সৰ্বোচ্চ প্ৰাকৃতিক চিকিত্সা, যত ব্যক্তিৰ নিজ বিশ্বাস অনুসৰি কৰা প্ৰাৰ্থনা চিকিত্সাৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱা উচিত বুলি কোৱা হয়।

প্ৰাকৃতিক চিকিত্সা হৈছে স্বাস্থ্যসন্মত জীৱনৰ এক বিজ্ঞান। ই আমাক কিদৰে জীয়াব লাগে, কি খাব লাগে আৰু আমাৰ দৈনন্দিন দিনচৰ্চা কেনে হ’ব লাগে তাক শিকায়। প্ৰাকৃতিক চিকিত্সাই কেৱল ৰোগৰ পৰা মুক্তি দিয়াতেই সহায় নকৰে বৰঞ্চ ই আমাক ইতিবাচক আৰু টনকিয়াল স্বাস্থ্য লাভ কৰাটো সহায় কৰে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে মানুহৰ জীৱন অভ্যাস সলনি কৰাটো আৰু মানুহক স্বাস্থ্যসন্মত জীৱনশৈলী শিকোৱাটো।

লেখিকাঃ নন্দিতা দাস

উৎস:অসমীয়া খবৰ