এলজাইমাৰ এবিধ ক্ৰমবৰ্ধমান ৰূপত পতিত হোৱা মগজু সম্বন্ধিত বয়সস্থ মানুহৰ ৰোগ, যি তন্ত্ৰাৰ ৰূপত প্ৰকাশ পায়। আয়ুৰ্বেদত ইয়াক উন্মাদ ৰোগৰ প্ৰাথমিক অৱস্থাৰ লগত তুলনা কৰিছে।

লক্ষণসমূহ কি ?

খেলিমেলি বা বেমেজালি, বুদ্ধি শক্তি কমি যোৱা (ধী-বিভ্ৰম)

মনৰ চঞ্চলতা

চিন্তামুক্ত দৃষ্টি বা জাঙুৰ খাই উঠা

ধৈৰ্যহীনতা (অধীৰতা)

অসংলগ্ন কথা (অবোধ বাক্যম)

মানসিক শূন্যতাবোধ

অনিদ্ৰা (নিদ্ৰানাশ)

পাহৰি যোৱা, স্মৃতিশক্তি হ্ৰাস পোৱা (স্মৃতিভ্ৰংস)।

যৌগিক চিকিৎসা

পুৱাঃ সহজ বস্তিক্ৰিয়া (মাহত দুবাৰকৈ) আৰু প্ৰত্যেকদিনাই আসন-মুদ্ৰাদি অনুষ্ঠানৰ পাছত মুখ ধোৱা আৰু মলত্যাগ প্ৰভৃতি প্ৰাতঃকৃত্যাদি সমাধা কৰিব। এই বস্তিক্ৰিয়া আৰু প্ৰাতঃকৃত্যাদি সমাপনৰ পাছত অগ্নিসাৰ ধৌতি- ১০ বাৰ, সহজ প্ৰাণায়াম- ভস্ত্ৰিকা, কপালভাটি, অনুলম বিলম, ভ্ৰামৰী, অউম প্ৰাণায়ামকেইটা প্ৰত্যেকটোৱেই ২-৪ মিনিটকৈ অথবা ভ্ৰমণ প্ৰাণায়াম ১০-১৫ মিনিট।

আবেলিঃ ভ্ৰমণ প্ৰাণায়াম ১০-১৫ মিনিট।

গধূলিঃ অগ্নিসাৰ ধৌতি- ১০ বাৰ, উড্ডীয়ানবন্ধ মুদ্ৰা- ৪ বাৰ, অৰ্ধকূৰ্মাসন- ৪ বাৰ, উষ্ট্ৰাসন- ৪ বাৰ আৰু ওপৰত উল্লেখ কৰা প্ৰাণায়ামকেইটা। কোষ্ঠতাৰল্য যদি থাকে তেন্তে সহজ অগ্নিসাৰ ক্ৰিয়া- ৪০ বাৰ, সৰ্বাংগাসন- ৪ মিনিট, মৎস্যাসন- ১ মিনিট আৰু অশ্বিনী মুদ্ৰা- ২ মিনিট। যোগনিদ্ৰা- ২০ মিনিট। (ৰোগীৰ যদি উচ্চ ৰক্তচাপ বৃদ্ধি ৰোগ থাকে তথা হৃদৰোগী হয়, তেনেস্থলত যোগনিদ্ৰা, প্ৰাণায়াম, অগ্নিসাৰ ধৌতি, সহজ অগ্নিসাৰৰ বাহিৰে অন্য যৌগিক ক্ৰিয়াবোধ নিজে নিজে নকৰিব। কোনো যোগ বিশেষজ্ঞৰ তত্ত্বাৱধানত বাকীবোৰ তেওঁৰ দিহা-পৰামৰ্শত কৰিব পাৰিব)।

আয়ুৰ্বেদৰ মতে নিয়মিতৰূপে মিথ্যা আহাৰ-বিহাৰৰ সেৱন যেনে-

বিৰুদ্ধ আহাৰ সেৱন

দূষিত আৰু অপৰিষ্কাৰ খাদ্য সেৱন

ৰুক্ষ আৰু শীত আহাৰ গ্ৰহণ

নাস্তিক মনোবৃত্তি

অত্যধিক ভয়, খং আৰু হৰ্ষ

বিপৰীত মন আৰু চিন্তা

আয়ুৰ্বেদৰ মতে ব্যৱস্থাপত্ৰ-

(১) দৈব্যব্যাপাশ্ৰয় চিকিৎসাঃ মন্ত্ৰ, জপ, গ্ৰহ পূজা, গ্ৰহৰ পাত্থৰ ধাৰণ কৰা।

(২) সত্যবজায় চিকিৎসাঃ আশ্বাসন চিকিৎসা আৰু

মনো চিকিৎসাঃ সু-চিন্তা আৰু জীৱনৰ উদ্দেশ্য।

যুক্তি ব্যাপাশ্ৰয় চিকিৎসা

(ক) পঞ্চকৰ্মৰ দ্বাৰা শৰীৰৰ শোধন চিকিৎসা চিকিৎসকৰ উপস্থিতিত কৰিব লাগে।

(খ) সংশমন চিকিৎসাঃ এই চিকিৎসাত মেধা ঔষধি আৰু মেধা ৰসায়ন প্ৰয়োগ কৰা হয়। যেনে- হৰিদ্ৰা, মণ্ডুকপৰ্ণি, ব্ৰাহ্মী, জ্যোতিস্মৃতি পঞ্চগব্য ঘৃত, স্মৃতিসাগৰ ৰস।

লেখক: পাৰ্থপ্ৰতিম দাস

উৎসঃ অসমীয়া খবৰ,