আজিকালি কম বয়সতেই চুলি পকাটো এটা সাধাৰণ বিষয় হৈ পৰিছে। ল’ৰা-ছোৱালী উভয়ৰে কম বয়সতে চুলি পকা দেখা যায়। আয়ুৰ্বেদিকৰ মতে পিত্ত আৰু ভাৰ্চ দোষৰ বাবে চুলি পকা দেখা যায়। তদুপৰি খং, চিন্তা, নিৰাশা, ষ্ট্ৰক, খুব বেছি মানসিক চাপত কাম কৰা, মেন’পজ, থাইৰয়ডৰ অসুবিধা, কপাৰ, জিংক, ফলিক এচিড ইত্যাদিৰ অভাৱ হ’লেও চুলি পকে। এনেক্ষেত্ৰত ইয়াৰ সমাধানকল্পে কেইটিমান টিপছ আগবঢ়ালে সৌন্দৰ্ষ বিশেষজ্ঞ ভানু শৰ্মাই।

দুই চামুচ চেজ আৰু আখৰুটৰ পাত বটি সদায় চুলিৰ গুৰিত লগাব লাগে। প্ৰতিদিনে নিশা লগাই পিচদিনা ধুই দিব। এনে কৰিলে ভাল ফল পাব। ভিটামিন ই, বায়োটিন, বি কপ্লেক্স, লেচিথিন, আলফা আৰু মিথিৰ টেবলেট খাব লাগে। প্ৰ’টিন, মিনাৰেল আৰু বাদামজাতীয় খাদ্য খাব লাগে।

দুই চামুচ মিথি পাউদাৰ, দুই চামুচ নাৰিকলৰ গাখীৰ, এচিকুট জালুকৰ গুড়ি- এই আটাইখিনি চুলিৰ গুৰিত লগাই মালিচ কৰিব। পিচত শ্বাৱাৰ কেপ এটা পিন্ধি ত্ৰিশ মিনিটমান ৰাখিব। পিচদিনা শ্বেম্পু কৰিব। প্ৰতি নিশা এনেদৰে কৰিলে ক্ৰমান্বয়ে চুলি পকাটো কমি যাব।

চুলি গজাৰ বাবে প্ৰতিনিশা লেভেণ্ডাৰ আৰু ৰ’জমেৰি সমানে মিহলাই নাৰিকলৰ তেলত দিব। কিছুদিন এই তেল থৈ দিয়াৰ পিছত চুলিৰ গুৰিত লগাব।

ব্ৰাহ্মী, ভৃঙ্গৰাজ আৰু ত্ৰিফলাৰ তেল চুলিৰ গুৰিত লগাব। পিচত শ্বেম্পু কৰিব।

শুকান জবা ফুলৰ গুৰি নাৰিকলৰ তেলৰ লগত মিহলাই চুলিত লগাব পাৰিলে ভাল।

উৎস: অসমীয়া প্ৰতিদিন।