চমু বিৱৰণ

বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিত যোগৰ জ্ঞান লাভ কৰিব খোজাটো একো কঠিন কাম নহয়। ইণ্টাৰনেটৰ মাধ্যমেৰেই হওক নতুবা আপোনাৰ ওচৰৰ কোনো যোগৰ শিক্ষা প্ৰতিষ্ঠান বা যোগ শিক্ষকৰ দ্বাৰাই আপুনি এতিয়া অতি সহজে যোগৰ শিক্ষা লাভ কৰিবলৈ সক্ষম। যোগ কৰিবলৈ সময় নহয় সংকল্পৰহে প্ৰয়োজন।

ছাত্ৰ অৱস্থাৰ পৰাই যোগৰ চৰ্চা আৰম্ভ কৰিলে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক, নৈতিকভাৱে সুস্থ-সবল হৈ উঠিব তথা আগলৈ গৈ মহত্ গুণবোৰৰ অধিকাৰী হ’ব পাৰিব। তেওঁলোকে কেতিয়াও সমাজৰ একোজন শত্ৰু হৈ নুঠিব। নৈতিকতা, দয়া, ক্ষমা, কৰ্তব্যপৰায়ণতা, সামাজিক দায়বদ্ধতা, সততা আদি আশীৰ্বাদেৰে ধন্য হ’ব তেওঁলোকৰ দেহ-মন। নিজ পৰিয়াল, নিজ জাতি তথা নিজ দেশৰ উজ্জ্বল নক্ষত্ৰ হ’ব তেওঁলোক। ছাত্ৰ-ছাত্ৰীসকলৰ দৈহিক স্বাস্থ্য অটুট ৰখাত, মেধাসম্পন্ন তথা স্মৃতিশক্তিৰ উত্তৰণ ঘটাবলৈ তথা তেওঁলোকে নিৰৱচ্ছিন্নতাৰে কৰ্ম কৰাৰ শাৰীৰিক-মানসিক শক্তি লাভ কৰিবলৈ হ’লে দৈনিক যোগাসনৰ প্ৰয়োজন আছে। কৰ্মদক্ষতা বাঢ়ি যোৱাৰ ফলস্বৰূপে গুণগতমানৰ ফল লাভ কৰিবলৈ সক্ষম হ’ব।

যোগাসনৰ উপকাৰিতা

ছাত্ৰ-ছাত্ৰীসকলক যোগৰ জ্ঞান প্ৰদান কৰিলে তেওঁলোকৰ জীৱনৰ পৰা ৰোগ, শোক, চিন্তা, চাপ, অৱসাদ, মোহ আদি দুৰ্বলতা সমাপ্ত হৈ যায়। যোগ একমাত্ৰ এনে দৰ্শন হয়, যাৰ সৈদ্ধান্তিক পক্ষৰেই নহয়, বৰং তাক বোধ কৰোৱা ক্ৰিয়াত্মক সাধনাৰো ঋষিসকলে প্ৰতিপাদিত কৰি থৈ গৈছে আমাৰ যোগশাস্ত্ৰত, যাক আচৰণত আনি প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে (তথা সকলোৱেই) নিজৰ কল্যাণ নিজৰ হাতেৰে কৰাৰ যোগ্যতা আৰু ক্ষমতাপ্ৰাপ্ত কৰিব পাৰে।

বৰ্তমান চিকিত্সা বিজ্ঞানৰ যিমানেই উন্নতি নহওক কিয়, ছিটাকৰণ যিমানেই নহওক কিয় তত্সত্ত্বেও আমাৰ সমাজখনত ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি গৈছে, মানুহৰ গড় আয়ুস কমি গৈছৈ, অকাল মৃত্যুৰ গহ্বৰত বহু লোক ঢলি পৰিছে। ইয়াৰ গোটেই কেইটা কাৰণ তথা আলোচনা আমাৰ এই সৰু লেখাটোত বৰ্ণনা কৰা সম্ভৱ নহয়। মাথোঁ ক’ব বিচাৰিছো যে বিশেষকৈ পৰিৱেশ প্ৰদূষণ, জেনেটিক মিউটেচেন, খাদ্যত ভেজালকৰণ, গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে কাৰণত মানুহৰ সুখ নোহোৱা হৈ গৈছে। ইপিনে আত্মহত্যা, পৰচৰ্চা, নানান সামাজিক অপৰাধ কৰাৰ যি প্ৰৱণতা- এনেকুৱা মানসিক ব্যাধিও বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। বিভিন্ন মাদক দ্ৰব্য সেৱনৰ দ্বাৰা যান-বাহনৰ দৈনিক দুৰ্ঘটনা সংঘটিত হৈ হেজাৰ হেজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰি বহুলোক পংগু হৈ পৰিছে। গতিকে শাৰীৰিক দিশটোৰ গুৰুত্ব প্ৰদান কৰাৰ দৰে মানসিক দিশটো তথা মানসিক আৰু নৈতিক স্বাস্থ্যৰ ওপৰতো আমি গুৰুত্ব দিয়া উচিত। জীৱনত তথা সমাজত চিন্তা তথা প্ৰত্যাহ্বান থাকিবই। তাৰ মাজেৰেই আমি নিজক, পৰিয়ালটোক তথা সমাজখনক আগুৱাই নিব লাগিব।

দৈনিক আমাৰ ছাত্ৰ-ছাত্ৰীসকলে (তথা সকলোৱেই) যোগাসনৰ অভ্যাস কৰিলে বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি তথা কোনো ভুক্তভোগী ৰোগী যদি থাকে, লাগতিয়াল যোগৰ আসন, মুদ্ৰা, প্ৰাণায়াম, ধ্যান কৰিলে ৰোগৰ পৰা পৰিত্ৰাণ পাব। যোগে আমাক এটা নিৰোগী দেহ, মন আৰু আমাসৱৰ আত্মাবোৰ পৱিত্ৰ কৰে, দৈৱসম্পন্ন কৰে। দেহ-মনত প্ৰফুল্লতাৰ ভাব বিৰিঙি উঠে। যোগৰ প্ৰাণায়াম, যোগনিদ্ৰাৰ দ্বাৰা আমাৰ চিন্তাশক্তি, স্মৰণ শক্তি, ধৈৰ্যশক্তিৰ বিকাশ ঘটে তথা মগজু শীতল হৈ থকাৰ বাবে খং-ৰাগ নিয়ন্ত্ৰণত থাকে। উচ্ছৃংখলতা, নিষ্ঠুৰতা আদি ৰিপুক প্ৰশমিত কৰি ৰাখে। এওঁলোকৰ ব্যৱহাৰ কেতিয়াও কৰ্কশ হ’ব নোৱাৰে। সমাজৰ অন্যায়-অবিচাৰ আদিৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস জন্মে। যোগৰ অভ্যাসে যিদৰে ৰোগ আৰোগ্য কৰিব পাৰে, সেইদৰে ভাবী ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতাও তাৰ অসাধাৰণ।

লেখকঃ পাৰ্থপ্ৰতিম দাস

উৎসঃ অসমীয়া খবৰ