১০ গ্ৰাম মাত্ৰাত কুটজৰ চাল, ১০ গ্ৰাম কেঁচা ডালিমৰ বাকলিৰ লগত আধা লিটাৰ পানীত উতলাই ১০০ মি:গ্ৰাম থাকোতে নমাই চেকি লওক। এই ৰসৰ লগত দুচামুচ মৌ মিহলাই খুৱালে ডায়েৰিয়া ৰোগ নিৰাময় হয়। আমৰ গুটি (ভিতৰৰ কাঠপাত) আৰু গজ পিপলি একেলগে গুৰি কৰি পানীত মিহলাই খালেও অতিসাৰ বা ডায়েৰিয়া ৰোগ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ডায়েৰিয়া ৰোগ হ’লে জায়ফল পানীত ঘঁহি চেলেকিবলৈ দিলে শীঘ্ৰে ভাল হয়। ডায়েৰিয়া ৰোগত মিঠা ডালিমৰ ৰস খুৱালেও ৰোগ সোনকালে আৰোগ্য হয়। শিলিখা পুৰি ছাই কৰি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই উতলা পানীত গুলি চাহৰ দৰে খালেও ডায়েৰিয়া ৰোগ ভাল হয়। পাঁচ গ্ৰাম চফ গুৰি কৰি তাৰ লগত সম পৰিমাণত মিচিৰি মিহলাই পানীত গুলি খুৱালেও ডায়েৰিয়া ভাল হয়। ডালিমৰ গুটি (ৰস থকা অংশসহ) চফ, জিৰা আৰু ধনিয়া সমান মাত্ৰাত লৈ বটি গুৰি কৰি লওক। দৈৰ পানীৰ লগত এই চূৰ্ণ আধা চামুচ মাত্ৰাত মিহলাই খুৱালে ডায়েৰিয়া নিয়ন্ত্ৰণ হয়। কেঁচা বেলৰ শাহ আৰু আমৰ গুটিৰ ভিতৰৰ বগা কাঠপাত সমান মাত্ৰাত লৈ পানীত উতলাই ডাঠকৈ ৰস প্ৰস্তুত কৰক। এই ৰস দিনে দুই তিনিবাৰ দুচামুচ মাত্ৰাত খুৱালে ডায়েৰিয়া একেদিনাই বন্ধ হয়। কেঁচা বেলৰ শাহ পানীত উতলাই চেকি গুড়ৰ লগত মিহলাই খুৱালে তেজ পৰা ডায়েৰিয়াও বন্ধ হয়। লেখিকা: ডা: স্বৰ্ণালী শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।