ডেংগু জ্বৰৰ চিকিৎসাত হোমিঅ’পেথিক পদ্ধতিত তলত দিয়া ঔষধ ব্যৱহাৰ কৰা হয়। অৱশ্যে এই ঔষধ গ্ৰহণৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক। ঔষধসমূহ একনাইটাম নেপেলাচঃ জ্বৰৰ আৰম্ভণি অৱস্থাত যদি তীব্ৰ জ্বৰ, মুখমণ্ডল ৰঙা পৰি যোৱা, অতিপাত মূৰৰ বিষ, মানসিক অস্থিৰতা আৰু চঞ্চলতা, শীতল ঘাম আৰু মুখমণ্ডল শীতল হোৱা, অতিপাত ঘাম ওলালে ৰোগীয়ে সুস্থ অনুভৱ কৰা, ঘনে ঘনে যথেষ্ট পানীৰ পিয়াহ লগা। ব্ৰায়নিকা এলৱাঃ মূৰটো যেন ফাটি যাব তেনে ধৰণৰ মূৰৰ বিষ হোৱা, চকু গহ্বৰত তীক্ষ্ণ বিষ হোৱা, উঠিব খুজিলে মূৰ ঘূৰাই যোৱা, মুখ শুকাই যোৱা আৰু জিভাৰ মধ্য অংশত বগা জাৰি পৰা, বহু দেৰি দেৰিকৈ বেছিকৈ পানীৰ পিয়াহ লগা। গাঁঠিৰ বিষ, লৰচৰ কৰিলে বেছি হোৱা আৰু জিৰণি অৱস্থাত আৰাম পোৱা। ইউপেতৰিয়াম পাৰফলিয়াতামঃ ঠাণ্ডা লগাৰ লগতে অতিপাত পিয়াহ লগা, দেহৰ হাড়সমূহত চৰচৰণি আৰু তীব্ৰ বিষ হোৱা। ঠাণ্ডা বা গৰম অৱস্থাৰ পাছত বমি বা বমি ভাব হোৱা। ঘাম ওলোৱাৰ পাছত মূৰৰ বিষৰ বাহিৰে অন্য বিষ আৰাম পোৱা। ৰাছটক্সঃ দেহাৰ বিষ হোৱা, লৰচৰ অৱস্থাত বিষ অনুভৱ নকৰা কিন্তু জিৰণি অৱস্থাত বিষ বেছিকৈ অনুভৱ কৰা, দেহত যেন ঠাণ্ডা পানী ঢালি দিছে তেনে ঠাণ্ডা অনুভৱ কৰা, দেহৰ চঞ্চলতা বৃদ্ধি হোৱা, ভোক নোহোৱা, জিভাৰ আগত ৰঙা ত্ৰিভুজ দেখা যায় লগতে অতিপাত পিয়াহ লগা। উৎসঃ অসমীয়া খবৰ