পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসাৰ উপায়সমূহ পেটৰ বিষ ভাল কৰিবলৈ ক’লা নিমখ, জালুক, ডাঙৰ শিলিখা, বগা জিৰা মিহলাই বটি পানীত দি খাব লাগে। মূলাৰ ৰস আৰু নেমুৰ ৰস মিহলাই আহাৰ খোৱাৰ পিছত হোৱা পেটৰ বিষ আৰু গেছত খাব লাগে। তেতেলিৰ কুমলীয়া পাত মিহিকৈ বটি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে পেটৰ বিষ ভাল হয়। পেটৰ বিষ হ’লে হিং আৰু ক’লা নিমখ দি গৰম কৰি লোৱা মিঠাতেল নাভিৰ চাৰিওফালে সানি দিব লাগে। এক গ্ৰাম সৈন্ধৱ লৱণ আৰু আধা চামুচ বগা জিৰাৰ গুড়ি মিহলাই পেটৰ বিষ হ’লে খাব লাগে। এচামুচ আদাৰ ৰসৰ লগত দুচামুচ নেমুৰস আৰু অকণমান চেনি মিহলাই খালে সকলো প্ৰকাৰৰ পেটৰ বিষ ভাল হয়। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।